ভাৰতৰ হৈ দ্ৰুততম এদিনীয়া শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হ’ল স্মৃতি মন্ধানা, হৰমনপ্ৰীতক অতিক্ৰম

ৰাজকোটত অনুষ্ঠিত হৈ থকা তৃতীয়খন এদিনীয়াত আয়াৰলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে ভাৰতীয় মহিলা দলৰ তাৰকা বেটছমেন স্মৃতি মন্ধানাই । মন্ধানাই মাত্ৰ ৭০টা বলত শতক অৰ্জন কৰে, যিটো ভাৰতৰ হৈ মহিলা ক্ৰিকেটৰ যিকোনো বেটছমেনৰ আটাইতকৈ দ্ৰুততম শতক । বিগত বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮৭টা বলত শতক অৰ্জন কৰা হৰমনপ্ৰীত কৌৰক এই ক্ষেত্ৰত মন্ধানাই অতিক্ৰম কৰে ।

শতক অৰ্জন কৰাৰ পিছত মন্ধানাই বেছি সময় ক্ৰীজত তিষ্ঠি থাকিব নোৱাৰিলে আৰু তেওঁৰ উইকেট বিসৰ্জন দিয়ে । অৰ্লা প্ৰেণ্ডাৰগাষ্টে মন্ধানাৰ উইকেট দখল কৰি দলটোক প্ৰথম সফলতা প্ৰদান কৰে । ১২টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ৮০টা বলত ১৩৫ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় মন্ধনা । ইয়াৰ লগে লগে মন্ধনা আৰু প্ৰতীকা ৰাৱালৰ মাজত প্ৰথম উইকেটৰ বাবে ২৩৩ ৰানৰ অংশীদাৰিত্বৰ অন্ত পৰে । মন্ধানাই দ্ৰুততম ইনিংছ খেলি দলটোক শক্তিশালী স্থিতিলৈ আনে ।

ভাৰতৰ হৈ মহিলাৰ এদিনীয়া ক্ৰিকেটত আটাইতকৈ দ্ৰুততম শতক-

৭০টা বল- স্মৃতি মন্ধানা আয়াৰলেণ্ড ২০২৫

৮৭টা বল- হৰমনপ্ৰীত কৌৰ দক্ষিণ আফ্ৰিকা ২০২৪

৯০টা বল- হৰমনপ্ৰীত কৌৰ অষ্ট্ৰেলিয়া ২০১৭

৯০টা বল- জেমিমাহ ৰড্ৰিগজ আয়াৰলেণ্ড ২০২৫

৯৮টা বল- হাৰ্লিন দেওল ৱেষ্ট ইণ্ডিজ ২০২৪

এদিনীয়াত ভাৰতৰ বাবে তৃতীয় সৰ্বোচ্চ অংশীদাৰিত্ব-

ভাৰতীয় মহিলা দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন খেলতো শক্তিশালী আৰম্ভণি কৰিবলৈ সক্ষম হৈছে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পাছত মন্ধানা আৰু ৰাভালে ভাৰতক সুদৃঢ় আৰম্ভণি দি ২৪ অভাৰৰ অন্তত স্ক’ৰ ২০০ ৰ ওপৰলৈ লৈ যায় । এই সময়ছোৱাত মন্ধানাই আক্ৰমণাত্মকভাৱে বেটিং কৰি ডাঙৰ ডাঙৰ শ্বট খেলি থাকিল, আনহাতে ৰাভালেও আনটো মূৰত দৃঢ়তাৰে থাকিল । মন্ধানা আৰু ৰাভালে প্ৰথম উইকেটত ২৩৩ ৰান সংযোজন কৰে, যিটো এদিনীয়াত ভাৰতীয় মহিলাৰ তৃতীয় সৰ্বাধিক অংশীদাৰিত্ব । এদিনীয়া মেচত ভাৰতৰ বাবে সৰ্বোচ্চ অংশীদাৰিত্বৰ অভিলেখ আছে ২০১৭ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩২০ ৰান সংযোজন কৰা পুনম ৰাউত আৰু দীপ্তি শৰ্মাৰ নামত ।

এদিনীয়া ক্ৰিকেটত ভাৰতৰ বাবে যিকোনো উইকেটত সৰ্বোচ্চ অংশীদাৰিত্ব-

৩২০ ৰাণ- পুনাম-দীপ্তি আয়াৰলেণ্ড ২০১৭

২৫৮*ৰাণ- মিতালী-ৰেশমা আয়াৰলেণ্ড ১৯৯৯

২৩৩ ৰাণ- মন্ধানা-ৰাভাল আয়াৰলেণ্ড ২০২৫

২২৩* ৰাণ- অঞ্জুম-জয়া পাকিস্তান ২০০৫

১৯০ ৰাণ- মন্ধানা-ৰড্ৰিগছ নিউজীলেণ্ড ২০১৯

কেৰিয়াৰৰ দশম এদিনীয়া শতক-

এদিনীয়া কেৰিয়াৰত এয়া মন্ধানাই দশম শতক আৰু মহিলাৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা যৌথ তৃতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে । মহিলাৰ ৫০ অভাৰৰ ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ ১৫টা শতক অৰ্জন কৰা মেগ লেনিঙৰ হাতত আছে । ইয়াৰ পিছতে এদিনীয়াত ১৩টা শতক অৰ্জন কৰা চুজি বেটছ । একে সময়তে এই ভাৰতীয় বেটছমেনৰ দৰে এদিনীয়া মেচত ১০টা শতক অৰ্জন কৰা টেমি বিউমন্টৰ সৈতে এতিয়া এই তালিকাৰ তৃতীয় স্থানলৈ আহিছে মন্ধানা ।

কোটিপতি হ’ল  ১৬ বছৰীয়া ক্ৰিকেটাৰ কমলিনী…মহিলা প্ৰিমিয়াৰ লীগৰ ৫টা দলে ক্ৰয় কৰিলে ১৯গৰাকী খেলুৱৈ

মহিলা প্ৰিমিয়াৰ লীগ (WPL) ২০২৫ ছিজনৰ নিলামৰ অন্ত পৰিল । এই নিলাম দেওবাৰে (১৫ ডিচেম্বৰ) বেংগালুৰুত অনুষ্ঠিত হয় । ইয়াত ৫টা দলে একেলগে মুঠ ১৯ গৰাকী খেলুৱৈ ক্ৰয় কৰে, যাৰ ওপৰত মুঠ ৯.০৫ কোটি টকা খৰচ হয় ।

এইবাৰ মুঠ ১২০ গৰাকী খেলুৱৈয়ে নিলামত অংশগ্ৰহণ কৰে । ৫ টা ফ্ৰেঞ্চাইজি মুম্বাই ইণ্ডিয়ানছ (এম আই), গুজৰাট জায়েন্টছ (জি জি), ইউ পি ৱাৰিয়ৰ্ছ (ইউ পি ডব্লিউ), দিল্লী কেপিটেলছ (ডি চি) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে তেওঁলোকৰ ওপৰত বাজি ধৰে ।

ছিমৰন শ্বেখ আটাইতকৈ ব্যয়বহুল খেলুৱৈ-

এইবাৰ নিলামত ৪ গৰাকী খেলুৱৈৰ বিড ১ কোটি টকাৰ ওপৰলৈ গৈছিল । ২২ বছৰীয়া মিডল অৰ্ডাৰ বেটছমেন ছিমৰন শ্বেখ আছিল ডব্লিউ পি এল ২০২৫ নিলামৰ আটাইতকৈ দামী খেলুৱৈ । গুজৰাটৰ দলে ১.৯ কোটি টকাৰ নিবিদাত ক্ৰয় কৰে খেলুৱৈগৰাকীক ।

ছিমৰনে লেগ স্পীনো কৰে । তেওঁৰ পিছত দ্বিতীয় আটাইতকৈ দামী খেলুৱৈ আছিল ৱেষ্ট ইণ্ডিজৰ ডিএণ্ড্ৰা ডটিন । গুজৰাটে ১.৭ কোটি টকাত ক্ৰয় কৰে তেওঁক । ডিয়াণ্ড্ৰা এগৰাকী বেগী বলিং অলৰাউণ্ডাৰ । এই তালিকাত তৃতীয় নাম হৈছে ১৬ বছৰীয়া উইকেটকীপাৰ কমলিনীৰ, যাক মুম্বাই ইণ্ডিয়ানছে ১.৬ কোটি টকাত ক্ৰয় কৰে ।

১৬ বছৰীয়া কমলিনীয়ে আলোড়নৰ সৃষ্টি কৰে-

দেওবাৰেই ১৯ বছৰ অনুৰ্ধৰ মহিলা এছিয়া কাপত কমলিনীয়ে এক উজ্জ্বল ইনিংছ খেলে । পাকিস্তানৰ বিৰুদ্ধে ২৯টা বলত অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে তেওঁ । ইয়াৰ সহায়ত ভাৰতে মাত্ৰ ৪৭টা বলতে জয়লাভ কৰে । লগে লগে কমলিনীয়ে একেদিনাই দুটা ঠাইত আলোড়নৰ সৃষ্টি কৰে ।

এই নিলামত কোটিপতি হোৱা চতুৰ্থ আৰু শেষ খেলুৱৈ প্ৰেমা ৰাৱট । তেওঁক বেংগালুৰু ফ্ৰেঞ্চাইজিয়ে ১.২ কোটি টকাত ক্ৰয় কৰে । বেটিঙৰ উপৰিও ২৩ বছৰীয়া বলিং অলৰাউণ্ডাৰ প্ৰেমা লেগ স্পীন বিশেষজ্ঞ । এতিয়া তেওঁক আৰ চি বিৰ বাবে খেলা দেখা যাব ।

পাঁচটা ফ্ৰেঞ্চাইজিৰ পাৰ্চত আছিল ১৫ কোটি টকা-

নিলামত সৰ্বাধিক ১৯ জন খেলুৱৈ বিক্ৰী হ’ব লগা আছিল । ইয়াৰে ৫টা স্লট আছিল বহিঃৰাষ্ট্ৰৰ বাবে । ডব্লিউ পি এলৰ নিলামত ৯১ গৰাকী ভাৰতীয় আৰু ২৯ গৰাকী বিদেশী খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল । বিদেশী খেলুৱৈৰ ভিতৰত ৩ গৰাকী সহযোগী দেশৰ ।

ইয়াৰ উপৰিও ৮ গৰাকী আনকেপিং ভাৰতীয় খেলুৱৈও আছিল । এই নিলামৰ বাবে ফ্ৰেঞ্চাইজিৰ মুঠ বাজেট আছিল ১৫ কোটি টকা । ইয়াত গুজৰাট জায়েন্টছৰ সৰ্বাধিক ধন (৪.৪০ কোটি) আৰু দিল্লী কেপিটেলছৰ সৰ্বনিম্ন ২.৫০ কোটি টকা আছিল ।