ভাৰতীয় দলত ডাঙৰ আঘাত; বিশ্বকাপৰ পৰা বাহিৰ হ’ল প্ৰতীকা

ভাৰতীয় দলত ডাঙৰ আঘাত আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰতীয় দল । এই ছেমি ফাইনেল মেচখন ৩০ অক্টোবৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাৰ ফিন্ট তালিকাত চতুৰ্থ স্থান দখল কৰি ভাৰতে ছেমি

ভাৰতীয় দলত ডাঙৰ আঘাত

আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰতীয় দল । এই ছেমি ফাইনেল মেচখন ৩০ অক্টোবৰত নৱী মুম্বাইৰ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাৰ ফিন্ট তালিকাত চতুৰ্থ স্থান দখল কৰি ভাৰতে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই প্ৰথম স্থানত অৱস্থান কৰিছে । গ্ৰুপ পৰ্যায়ত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় দল পৰাস্ত হৈছিল । গতিকে ছেমি ফাইনেলত জয়ী হ’বলৈ হৰমনপ্ৰীত ব্ৰিগেডে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব ।

ইফালে ছেমি ফাইনেলল মেচৰ পূর্বে বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল ৷ ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি ইন ফৰ্ম অ’পেনাৰ প্ৰতীকা ৰাৱাল বিশ্বকাপৰ পৰা বাহিৰ হৈছে । ২৬ অক্টোবৰ দেওবাৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচত ফিল্ডিং কৰি থকা অৱস্থাত প্ৰতীকাই আঁঠু আৰু ভৰিৰ গোৰোহাত আঘাত পাইছিল । প্ৰথম ইনিংছত এটা বল ৰখাবলৈ চেষ্টা কৰোঁতেই সংঘটিত হয় এই ঘটনা । পৰৱৰ্তী সময়ত বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় ।

প্ৰতীকা ৰাৱাল দলৰ পৰা বাহিৰ হোৱাৰ পিছত ছেমি ফাইনেলত স্মৃতি মন্ধানাৰ সৈতে কোনে অ’পেন কৰিব তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে । বাংলাদেশৰ বিৰুদ্ধে ইনিংছ অ’পেনিং কৰিছিল অমনজোত কৌৰে । ভাৰতীয় দলে অমনজোত কৌৰক নকআউট মেচত চেষ্টা কৰিব নে নকৰে সেয়া হ’ব লক্ষ্যণীয় । অমনজোতে অ’পেনিং কৰাৰ সম্ভাৱনা নাই, কিয়নো তেওঁ নিম্ন মধ্যম ক্ৰমত খেলে । বাংলাদেশৰ বিৰুদ্ধে মেচখন সহজ আছিল, গতিকে ভাৰতে তেওঁক চেষ্টা কৰিছিল ।

ছেমি ফাইনেলত স্মৃতি মন্ধানাৰ সৈতে হৰ্লিন দেওলে ইনিংছ মুকলি কৰিব পাৰে । হাৰ্লিনে ৩ নম্বৰত বেটিং কৰে আৰু প্ৰায়ে প্ৰথম পাৱাৰপ্লেত বেটিং কৰিছে । অৰ্থাৎ সহজে তেওএঁ নতুন বলৰ সন্মুখীন হ’ব পাৰিব । ভাৰতীয় প্ৰাক্তন অধিনায়ক মিতালী ৰাজেও বিশ্বাস কৰে যে হাৰ্লিনে ইনিংছ মুকলি কৰাটো এটা ভাল বিকল্প হ’ব পাৰে ।

আন এটা বিকল্প হ’ল উমা ছেত্ৰী । কিন্তু এইগৰাকী উইকেটকীপাৰ বেটছমেনে ছেমি ফাইনেলত খেলাৰ সম্ভাৱনা নাই । নিয়মীয়া উইকেটকীপাৰ ৰিচা ঘোষ ফিট হোৱাৰ উপক্ৰম হৈছে আৰু তেওঁ ছেমি ফাইনেলত খেলাৰ সম্ভাৱনা আছে । বাংলাদেশৰ বিৰুদ্ধে ৰিচাক জিৰণি দিয়া হৈছিল, যাৰ ফলত উমাক সুযোগ লাভ কৰিছিল ।

আনহাতে বাওঁহতীয়া অল ৰাউণ্ডাৰ দীপ্তী শৰ্মাও বিকল্প হ’ব পাৰে । ইয়াৰ পূৰ্বে দীপ্তিয়ে ভাৰতীয় দলৰ হৈ মহিলাৰ এদিনীয়া খেলত ইনিংছ মুকলি কৰিছিল । মহিলাৰ এদিনীয়া মেচত তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১৮৮, যিটো তেওঁ আয়াৰলেণ্ডৰ বিৰুদ্ধে ইনিংছ মুকলি কৰাৰ সময়ত কৰিছিল ।

লগতে পঢ়ক : ICU ত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ; কেচ লোৱাৰ সময়তে হৈছিল আঘাতপ্ৰাপ্ত

শেহতীয়া প্ৰৱন্ধসমূহ