আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী ঘোষণা বিচিচিআইৰ; কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব প্লে অফৰ মেচ

আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী ঘোষণা বিচিচিআইৰ; কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব প্লে অফৰ মেচ

বিচিচিআইয়ে আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী প্ৰকাশ কৰিছে। আই পি এল ২০২৬ৰ দ্বিতীয় পৰ্যায় ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হৈ আৰু ২৪ মে’ত সমাপ্ত হ’ব। বিচিচিআইয়ে আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী প্ৰকাশ কৰিছে। গ্ৰুপ পৰ্যায়ৰ বাকী ৫০খন খেল ভাৰতৰ ১২টা স্থানত ১৩ এপ্ৰিলৰ পৰা ২৪ মে’লৈ

বিচিচিআইয়ে আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী প্ৰকাশ কৰিছে। আই পি এল ২০২৬ৰ দ্বিতীয় পৰ্যায় ১৩ এপ্ৰিলৰ পৰা আৰম্ভ হৈ আৰু ২৪ মে’ত সমাপ্ত হ’ব।

বিচিচিআইয়ে আইপিএল ২০২৬ৰ দ্বিতীয় পৰ্যায়ৰ সূচী প্ৰকাশ কৰিছে। গ্ৰুপ পৰ্যায়ৰ বাকী ৫০খন খেল ভাৰতৰ ১২টা স্থানত ১৩ এপ্ৰিলৰ পৰা ২৪ মে’লৈ অনুষ্ঠিত হ’ব।প্ৰথম অৱস্থাত ১২ এপ্ৰিললৈকে সূচী প্ৰকাশ কৰা হৈছিল।দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ বেংগালুৰু, মুম্বাই, চেন্নাই, কলকাতা, দিল্লী, আহমেদাবাদ, হায়দৰাবাদ, লক্ষ্ণৌ, জয়পুৰ, ধৰ্মশালা, ৰায়পুৰ, আৰু নিউ চণ্ডীগড়ত অনুষ্ঠিত হ’ব।বৰ্তমান প্লে অফৰ তাৰিখ আৰু স্থান ঘোষণা কৰা হোৱা নাই।

২৮ মাৰ্চৰ পৰা আই পি এল ২০২৬ আৰম্ভ হ’ব আৰু প্ৰথমখন মেচ ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ মাজত অনুষ্ঠিত হ’ব।প্ৰথম অৱস্থাত ২৮ মাৰ্চৰ পৰা ১২ এপ্ৰিলৰ সময়সূচী প্ৰকাশ কৰা হৈছিল।এই সময়ছোৱাত মুঠ ২০খন খেল অনুষ্ঠিত হ’ব।ইফালে ১৩ এপ্ৰিলৰ পৰা ২৪ মে’ৰ ভিতৰত ৫০খন খেল অনুষ্ঠিত হ’ব।অৰ্থাৎ লীগ পৰ্যায়ত মুঠ ৭০খন খেল অনুষ্ঠিত হ’ব।

ৰাজস্থান ৰয়েলছে জয়পুৰত চাৰিখন ঘৰুৱা খেল খেলিব ইফালে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু এ ঘৰুৱা মেচৰ তিনিখন বেংগালুৰুত আৰু দুখন ৰায়পুৰত খেল খেলিব।১৩ এপ্ৰিলত হায়দৰাবাদত ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত হ’বলগীয়া মেচৰ দ্বিতীয় ৰাউণ্ডৰ খেলখন আৰম্ভ হ’ব। এই পৰ্যায়ত ৮খন ডাবল হেডাৰ মেচ অনুষ্ঠিত হ’ব, য’ত দুপৰীয়াৰ মেচ অন্তৰ্ভূক্ত আছে।

বিয়লিৰ মেচসমূহ ৩:৩০ বজাত (ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম) আৰম্ভ হ’ব, আৰু সন্ধিয়াৰ মেচসমূহ ৭:৩০ বজাত (ভাৰতীয় ষ্টেণ্ডাৰ্ড টাইম) আৰম্ভ হ’ব।পঞ্জাব কিংছে নিজৰ ঘৰুৱা মেচ কেইখন নিউ চণ্ডীগড় আৰু ধৰ্মশালাত খেলিব।

লগতে পঢ়ক: বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; অনুষ্ঠিত নকৰে আই পি এল ২০২৬ৰ উদ্বোধনী অনুষ্ঠান