খিতাপ জয়ৰ মাত্ৰ তিনিদিন পিছতে দলটোৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে
ভাৰতীয় দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰাৰ পিছৰে পৰা সমগ্ৰ দেশতে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । আহমেদাবাদত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি টিম ইণ্ডিয়াই ইতিহাস সৃষ্টিৰে তৃতীয়বাৰৰ বাবে ট্ৰফী দখল কৰে । এই বিজয়ৰ উদযাপনত নিমগ্ন হৈ থকা টিম ইণ্ডিয়াৰ খেলুৱৈসকলে নিজৰ ঘৰলৈ উভতি আহিছে, য’ত তেওঁলোকক উষ্ম আদৰণি জনোৱা হৈছে । অৱশ্যে খিতাপ জয়ৰ মাত্ৰ তিনিদিন পিছতে দলটোৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে । জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি পুনেৰ এজন অধিবক্তাই হাৰ্দিকৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰিছে ।
খবৰ অনুসৰি হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে পুনেৰ শিৱাজীনগৰ থানাত অভিযোগ দাখিল কৰা হৈছে । স্থানীয় অধিবক্তা ৱাজিদ খানে এই অভিযোগ দাখিল কৰিছে । এজাহাৰত তেওঁ হাৰ্দিক পাণ্ডিয়াই মেচৰ পিছৰ উদযাপনৰ সময়ত ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে । এজাহাৰত অধিবক্তাজনে উল্লেখ কৰিছে যে পাণ্ডিয়াক শৰীৰত জাতীয় পতাকা মেৰিয়াই থকা দেখা গৈছিল আৰু তেওঁৰ সংগীকো তেওঁৰ পৰি থকা দেখা গৈছিল ।
অভিযোগকাৰীয়ে এই বিষয়ত ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰিবলৈ দাবী জনাইছে । তেওঁৰ অভিযোগত তেওঁ উল্লেখ কৰে যে জাতীয় পতাকাক সন্মান কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু এই বিষয়ত আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত । যদিও আৰক্ষীয়ে এতিয়াও এফ আই আৰ ৰুজু কৰা নাই, তথাপিও অভিযোগ লাভ কৰাটো নিশ্চিত কৰি বিষয়টোৰ তদন্ত কৰিব বুলি উল্লেখ কৰিছে ।
এই ঘটনা সংঘটিত হৈছিল ফাইনেলৰ পিছত, যেতিয়া বঁটা বিতৰণ কৰা হৈছিল আৰু সকলো খেলুৱৈয়ে পৰিয়ালৰ সৈতে খেলপথাৰত বিজয় উদযাপন কৰিছিল । হাৰ্দিকৰ লগত আছিল নীলা ৰঙৰ পোছাক পৰিধান কৰা প্ৰেমিকা মহিকা শৰ্মা, যাৰ লগত তেওঁ সময়খিনি কটাইছিল । তেওঁলোকক সাৱটি ধৰা, চুম্বন কৰা, সতীৰ্থ খেলুৱৈৰ সৈতে নাচি থকা দেখা গৈছিল । এই সময়ছোৱাত হাৰ্দিক আৰু মাহিকাক ট্ৰফী প’ডিয়ামত একেলগে বহি থকা দেখা গৈছিল, য’ত হাৰ্দিকে তেওঁৰ শৰীৰত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা মেৰিয়াই লৈছিল । তাৰ পিছত কেইছেকেণ্ডমানৰ বাবে তেওঁ মঞ্চত শুই পৰিছিল । এই ঘটনা সন্দৰ্ভত এতিয়া অভিযোগ দাখিল কৰা হৈছে ।
লগতে পঢ়ক : আই পি এল ২০২৬ৰ সময়সূচী ঘোষণা, গুৱাহাটীত অনুষ্ঠিত হ’ব তিনিখনকৈ মেচ









