টি-২০ ফৰ্মেটত দুবাৰকৈ বিশ্বকাপ জয় কৰি টিম ইণ্ডিয়াই ইতিহাস ৰচিছে কিন্তু শেষৰবাৰ এদিনীয়া বিশ্বকাপত ২০১১ চনত জয়লাভ কৰিছিল
টি-২০ বিশ্বকাপ ২০২৬ জয় কৰাৰ পাছত টিম ইণ্ডিয়াৰ পৰৱৰ্তী ডাঙৰ লক্ষ্য হ’ব আইচিচি এদিনীয়া বিশ্বকাপ ২০২৭ । টি-২০ ফৰ্মেটত দুবাৰকৈ বিশ্বকাপ জয় কৰি টিম ইণ্ডিয়াই ইতিহাস ৰচিছে কিন্তু শেষৰবাৰ এদিনীয়া বিশ্বকাপত ২০১১ চনত জয়লাভ কৰিছিল । সেয়েহে দলটোৱে ১৬ বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ জোৰদাৰ প্ৰস্তুতি আৰম্ভ কৰাৰ সময় আহি পৰিছে । টি-২০ বিশ্বকাপ ২০২৬ত ভাৰতৰ জয়ৰ পাছতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে দলটোৱে কেতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিব সেই কথা প্ৰকাশ কৰে ।
সংবাদ মাধ্যমৰ সৈতে কথোপকথনত গৌতম গম্ভীৰে কয় যে আই পি এল ২০২৬ শেষ হোৱাৰ পাছত টিম ইণ্ডিয়াই ২০২৭ চনৰ বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব । তেওঁ কয় যে আই পি এল ২০২৬ আৰু বিশ্বকাপৰ মাজত প্ৰায় ২৫ৰ পৰা ৩০ খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব, সেয়েহে আগতীয়াকৈ পৰিকল্পনা কৰাটো গুৰুত্বপূৰ্ণ কাৰণ আজিকালি এদিনীয়া ফৰ্মেট বেছিকৈ খেলা নহয় ।
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ ২০২৭ । গম্ভীৰে কয় যে দক্ষিণ আফ্ৰিকাত ক্ৰিকেট খেলাটো সহজ নহয়, গতিকে দলটোৱে সঠিক সংমিশ্ৰণ আৰু তাৰ পৰিস্থিতিত ভাল প্ৰদৰ্শন কৰিব পৰা খেলুৱৈ চিনাক্ত কৰিব লাগিব । তেওঁ কয় যে নিৰ্বাচক আৰু প্ৰশিক্ষক কৰ্মচাৰীয়ে এই বিষয়ত একেলগে কাম কৰিব আৰু আই পি এল ২০২৬ৰ শেষৰ ফালে বিশ্বকাপৰ বাবে দলটোৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট সাজু হ’ব ।
লগতে পঢ়ক : বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ ওপৰত ধনৰ বৰষুণ; বিচিচিআইয়ে দিব ১৩১ কোটি টকাৰ পুৰস্কাৰ









