আইচিচিৰ শ্ৰেষ্ঠ দল ঘোষণা, তালিকাত চাৰিগৰাকী ভাৰতীয় খেলুৱৈ…

আইচিচিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ একাদশ ঘোষণা কৰিছে । টি-২০ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ফিন এলেনকো তালিকাৰ পৰা বাদ দিয়া হৈছে ।

টি-২০ বিশ্বকাপ ২০২৬ৰ সামৰণিৰ পিছতে আইচিচিয়ে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ একাদশ ঘোষণা কৰিছে । চাৰিগৰাকী ভাৰতীয় খেলুৱৈয়ে এই তালিকাত স্থান লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডৰ কোনো এজন খেলুৱৈয়ে স্থান লাভ কৰা নাই । আনকি টি-২০ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰা ফিন এলেনকো তালিকাৰ পৰা বাদ দিয়া হৈছে । জিম্বাবুৱেৰ যুৱ অ’পেনাৰ ব্রায়ান বেনেটো এই দলত নাই । প্ৰতিযোগিতাখনত তেওঁ গড় ১৪৬ত ২৯২ ৰান সংগ্ৰহ কৰে ।

আইচিচিৰ টীম অব্ দ্য টুৰ্ণামেন্ট-

প্ৰতিযোগিতাখনৰ আইচিচি টিমত নিৰ্বাচিত হৈছে অ’পেনাৰ চাহিবজাদা ফাৰহান আৰু সঞ্জু ছেমছন । ঈশান কিষান আৰু এইডেন মাৰ্কৰামকো দলত স্থান দিয়া হৈছে, মাৰ্কৰামক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । হাৰ্দিক পাণ্ডিয়া আৰু উইল জেকছকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ জেছন হোল্ডাৰেও এই দলত স্থান লাভ কৰিছে । যশপ্ৰীত বুমৰাহ, লুংগী ঙিদি, আদিল ৰছিদ আৰু ব্লেছিং মুজাৰাবানীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । তদুপৰি আমেৰিকাৰ শ্বেডলী ভান শ্বেইকৱিককো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

আইচিচিয়ে নিৰ্বাচন কৰা এঘাৰগৰাকী খেলুৱৈঃ

চাহিবজাদা ফাৰহান, সঞ্জু ছেমছন, ঈশান কিষান, এইডেন মাৰ্কৰাম, হাৰ্দিক পাণ্ডিয়া, উইল জেকছ, জেছন হোল্ডাৰ, যশপ্ৰীত বুমৰাহ, লুংগী ঙিদি, আদিল ৰছিদ আৰু ব্লেছিং মুজাৰাবানী ।

উল্লেখ্য যে, আইচিচিৰ এই দলত স্থান লাভ কৰা ভাৰতীয় খেলুৱৈ সঞ্জু ছেমছনে টি-২০ বিশ্বকাপত ৫খন মেচত ৮০.২৫ গঢ়ে ৩২১ ৰান সংগ্ৰহ কৰে । তেওঁৰ ষ্ট্ৰাইক ৰেট ২০০ৰ ওচৰত আছিল । ইফালে ঈশান কিষানে ৯খন খেলত ৩৫.২২ গড়ে ৩১৭ ৰান সংগ্ৰহ কৰে । তেওঁৰ ষ্ট্ৰাইক ৰেট ১৯২.২৯ । আনহাতে হাৰ্দিক পাণ্ডিয়াই ৯খন মেচত ২১৭ ৰান সংগ্ৰহ কৰাৰ লগতে ৯টা উইকেটো দখল কৰে । এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ বলিং আক্ৰমণক গুৰি ধৰা যশপ্ৰীত বুমৰাহে ৮খন মেচত ১৪টা উইকেট দখল কৰাৰ বিপৰীতে তেওঁৰ ইকনমি ৰেট প্ৰতি অভাৰত ৬.২১ আছিল ।

লগতে পঢ়ক : ৫ বাৰকৈ সলনি কৰা হৈছে আই পি এলৰ সূচী, ভয়ংকৰ যুদ্ধৰ বাবে স্থগিত হৈছিল প্ৰতিযোগিতা

তৃতীয়বাৰৰ বাবে খিতাপ দখলৰ লক্ষ্য টিম ইণ্ডিয়াৰ, হেঙাৰ হ’ব পাৰে এই তিনিগৰাকী কিৱি তাৰকা

টিম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা ফাইনেলৰ যুঁজৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট প্ৰেমীয়ে

আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচৰ বাবে সাজু ক্ৰিকেট অনুৰাগী । দেওবাৰে টিম ইণ্ডিয়া আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগা এই মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ক্ৰিকেট প্ৰেমীয়ে । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব এই হাই ভল্টেজ মেচখন । ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে নিউজীলেণ্ডে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

উল্লেখ্য যে, ২০২৩ চনৰ ১৯ ​​নৱেম্বৰত অষ্ট্ৰেলিয়াই এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰি, ঠিক এই মাটিতে  লাখ লাখ ভাৰতীয় অনুৰাগীৰ হৃদয় ভাঙিছিল । সেইদিনা অধিনায়ক ৰোহিত শৰ্মা আৰু সমগ্ৰ ভাৰতীয় দলটো গভীৰ হতাশ হৈ পৰিছিল আৰু প্ৰায় ৯৩ হাজাৰ দৰ্শকেৰে ভৰি থকা ষ্টেডিয়ামখন নিস্তব্ধ হৈ পৰিছিল । কিন্তু ভাৰতে ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰি সেই যন্ত্ৰণা কিছু পৰিমাণে লাঘৱ কৰিছিল ।

এতিয়া সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই ইতিহাস ৰচনা কৰাৰ সুযোগ লাভ কৰিছে । এই ফাইনেলত যদি ভাৰতে জয়লাভ কৰে তেন্তে টি-২০ বিশ্বকাপৰ খিতাপ সফলতাৰে ৰক্ষা কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হ’ব । তদুপৰি যদি এই মেচত জয়লাভ কৰে তেন্তে ভাৰতে তৃতীয়বাৰৰ বাবে এই ট্ৰফী লাভ কৰিব । উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০০৭ আৰু ২০২৪ চনত ভাৰতে টি-২০ বিশ্বকাপ জয় কৰিছিল ।

ইফালে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নিউজীলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে । কিৱি দলত ফিন এলেন, গ্লেন ফিলিপছ, অধিনায়ক ছেণ্টনাৰৰ দৰে বিপদজনক খেলুৱৈ আছে, যিয়ে যিকোনো সময়তে মেচৰ গতিপথ সলনি কৰিব পাৰে ।

আনহাতে এই মেচখনত ভাৰতৰ সৰ্ববৃহৎ সম্পদ হ’ব পাৰে বেগী বলাৰ যশপ্ৰীত বুমৰাহ । তেওঁৰ চাৰিটা অভাৰে ফাইনেলৰ ফলাফল নিৰ্ণয় কৰিব পাৰে । ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধেও বুমৰাহে নিয়ন্ত্ৰিত বলিঙেৰে দলটোৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে অভিষেক শৰ্মা উৎকৃষ্ট ফৰ্মত আছিল যদিও বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন আশানুৰূপ হোৱা নাই । যদিহে তেওঁ ফাইনেলত সুযোগ পায় তেন্তে নিউজীলেণ্ডৰ অফ স্পীনাৰ ক’ল মেককনচিয়ে তেওঁৰ বিৰুদ্ধে সোনকালে বলিং কৰিব পাৰে ।

আনহাতে ভাৰতীয় স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়েও শেহতীয়া মেচসমূহত আশাপ্ৰদ প্ৰদৰ্শনত ব্যৰ্থ হৈছে । তেওঁৰ মিষ্ট্ৰী স্পীনে এতিয়া বেটছমেনসকলক শলঠেকত পেলাব পৰা নাই । গতিকে ফাইনেলত তেওঁৰ ঠাইত ভাৰতে কুলদীপ যাদৱক অন্তৰ্ভূক্ত কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : আজি টি-২০ বিশ্বকাপৰ ফাইনেলৰ মহাৰণ, ইতিহাস সৃষ্টিৰ লক্ষ্যৰে কিৱিৰ বিৰুদ্ধে নামিব সূৰ্য বাহিনী

টি-২০ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে আৰক্ষীৰ বৃহৎ এক্সন,  ষ্টেডিয়ামৰ বাহিৰত ঘটিল এই ঘটনা…

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচখনৰ টিকটৰ চাহিদা অধিক হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত আজি অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচ । এই মেচখনক লৈ সমগ্ৰ ক্ৰিকেট প্ৰেমীৰ মাজত উত্তেজনাই বিৰাজ কৰিছে । খেলখন চাবলৈ আহমেদাবাদত উপস্থিত হৈছে বিভিন্ন ৰাজ্যৰ লোক । ষ্টেডিয়ামৰ বাহিৰত টিকট ক্ৰয় কৰিবলৈ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে । ব্লেক মাৰ্কেটিঙৰ জৰিয়তে হওক বা আন কোনো ধৰণেই হওক, যিকোনো মূল্যৰ বিনিময়ত অনুৰাগীয়ে টিকট ক্ৰয় কৰিবলৈ ইচ্ছুক । এনে পৰিস্থিতিত আহমেদাবাদ চহৰৰ অপৰাধ শাখাই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ।

ফাইনেল মেচৰ অবৈধ টিকট বিক্ৰীৰ গোচৰত আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে দুজন ব্যক্তিক । গোপন তথ্যৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিয়ে ক’লা বজাৰত অধিক দামত টিকট বিক্ৰী কৰাৰ প্ৰয়াস কৰিছিল । আৰক্ষীয়ে তালাচী চলাই তেওঁলোকৰ পৰা মুঠ আঠখন মেচৰ টিকট উদ্ধাৰ কৰে । তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই এই টিকটসমূহ অনলাইনত প্ৰি-বুকিং কৰিছিল আৰু এতিয়া প্ৰকৃত মূল্যৰ তিনিগুণত বিক্ৰী কৰি আছে । ক্ৰিকেট অনুৰাগীৰ পৰা প্ৰতি টিকটত ১০ হাজাৰ টকা দাবী কৰিছিল ।

আৰক্ষীয়ে উদ্ধাৰ হোৱা সকলো টিকট জব্দ কৰি অভিযুক্ত দুজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে । নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেল মেচখনৰ টিকটৰ চাহিদা অধিক হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে । আনুষ্ঠানিক টিকট সোনকালে বিক্ৰী হৈ যায়, যাৰ ফলত ক’লা বজাৰত টিকত বিক্ৰী কৰাৰ চেষ্টা চলাইছে একাংশ লোকে ।

লগতে পঢ়ক : আজি টি-২০ বিশ্বকাপৰ ফাইনেলৰ মহাৰণ, ইতিহাস সৃষ্টিৰ লক্ষ্যৰে কিৱিৰ বিৰুদ্ধে নামিব সূৰ্য বাহিনী

আজি টি-২০ বিশ্বকাপৰ ফাইনেলৰ মহাৰণ, ইতিহাস সৃষ্টিৰ লক্ষ্যৰে কিৱিৰ বিৰুদ্ধে নামিব সূৰ্য বাহিনী

ৰোহিত শৰ্মাৰ মতে, ‘হিষ্ট্ৰী ৰিপিট’ৰ অৰ্থ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পুনৰাবৃত্তি । টি-২০ বিশ্বকাপৰ ইতিহাসত থিয় দি থকা পুৰণি অভিলেখ ভংগ কৰাটোক ‘History Defeat’  বুলি কোৱা হয় ।

দেওবাৰে অনুষ্ঠিত হ’ব চলিত টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলৰ মহাৰণ । আমহেদাবাদত আজি ইতিহাস সৃষ্টিৰ লক্ষ্যৰে নিউজীলেণ্ডৰ বিৰুদ্ধে নামিব ভাৰতীয় দল । আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব এই হাই ভল্টেজ মেচখন । ফাইনেলৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ এটা মন্তব্য পুনৰ চৰ্চালৈ আহিছে- আমি ইতিহাসৰ পুনৰাবৃত্তি কৰিম, ইতিহাসক পৰাস্ত কৰিম ।’

এই শাৰীটো টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰচাৰৰ ভিডিঅ’ আৰু প’ডকাষ্টৰ সাক্ষাৎকাৰত প্ৰকাশ পাইছিল । ৰোহিত শৰ্মাই কৈছিল যে ক্ৰিকেটত ইতিহাসে বহু কথাই কয়, কিন্তু খেলপথাৰত সদায় নতুন ইতিহাস সৃষ্টি কৰিব পৰা যায় ।

দৰাচলতে ৰোহিতৰ এই বক্তব্য কেৱল সংলাপ নহয় বৰঞ্চ দলৰ মানসিকতাৰ প্ৰতিফলন ঘটায় । ইয়াত দুটা গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে : এটা হৈছে ইতিহাসৰ পুনৰাবৃত্তি আৰু আনটো হৈছে ইতিহাসক পৰাস্ত কৰা । তেতিয়া প্ৰশ্ন হয় সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই এই বিশ্বকাপৰ আৰম্ভণিতে ৰোহিতে প্ৰকাশ কৰা সপোন পূৰণ কৰিবলৈ সক্ষম হ’বনে ?  ইতিহাসৰ পুনৰাবৃত্তি হ’বনে আৰু ইতিহাস পৰাজিত হ’বনে ?

ৰোহিত শৰ্মাৰ মতে, ‘হিষ্ট্ৰী ৰিপিট’ৰ অৰ্থ ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পুনৰাবৃত্তি । অৰ্থাৎ ২০২৬ চনৰ খিতাপ জয় কৰিলে ভাৰতে পূৰ্বৰ খিতাপ ৰক্ষা কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন হ’ব ।

টি-২০ বিশ্বকাপৰ ইতিহাসত থিয় দি থকা পুৰণি অভিলেখ ভংগ কৰাটোক ‘History Defeat’  বুলি কোৱা হয় । যেনে : কোনো দলেই ডিফেণ্ডিং চেম্পিয়ন হিচাপে টি-২০ বিশ্বকাপত জয়ী হোৱা নাই । আয়োজক হিচাপেও কোনো দলেই টি-২০ বিশ্বকাপত জয়ী হোৱা নাই । ভাৰতত অনুষ্ঠিত হোৱা ২০২৬ চনৰ টি-২০ বিশ্বকাপত এই অভিলেখ ভংগ হ’ব পাৰে ।

আইচিচি পুৰুষ টি-২০ বিশ্বকাপ বিজয়ী-

২০০৭ – দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত প্ৰথম টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰে ।

২০০৯ – ইংলেণ্ডত পাকিস্তানে খিতাপ দখল কৰে ।

২০১০ – ইংলেণ্ডে ৱেষ্ট ইণ্ডিজত টি-২০ বিশ্বকাপ জয় কৰে ।

২০১২ – শ্ৰীলংকাত ৱেষ্ট ইণ্ডিজে খিতাপ দখল কৰে ।

২০১৪ – বাংলাদেশত শ্ৰীলংকাই খিতাপ দখল কৰে ।

২০১৬ – ভাৰতত অনুষ্ঠিত দ্বিতীয়খন টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজে জয়লাভ কৰে ।

২০২১ – ওমান আৰু ইউ এ ইত অনুষ্ঠিত প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াই জয়লাভ কৰে ।

২০২২ – অষ্ট্ৰেলিয়াত ইংলেণ্ডে খিতাপ দখল কৰি দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হয় ।

২০২৪ – আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰে ।

লগতে পঢ়ক : আহমেদাবাদত অগ্নিপৰীক্ষাঃ ভাৰতীয় বেটছমেন বনাম নিউজীলেণ্ডৰ বলিং যুঁজ

আহমেদাবাদত অগ্নিপৰীক্ষাঃ ভাৰতীয় বেটছমেন বনাম নিউজীলেণ্ডৰ বলিং যুঁজ

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ টি-২০ বিশ্বকাপ ২০২৬ৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচ

৮ মাৰ্চ, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু নিউজীলেণ্ডৰ টি-২০ বিশ্বকাপ ২০২৬ৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচ । দুয়োটা দল খিতাপৰ পৰা মাত্ৰ এখোজ দূৰত যদিও সমগ্ৰ প্ৰতিযোগিতাখনত যাত্ৰা আৰু শক্তিৰ মাজত স্পষ্ট পাৰ্থক্য আছে । সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতৰ বেটিং উৎকৃষ্ট ফৰ্মত থকাৰ বিপৰীতে সমগ্ৰ বিশ্বকাপত নিউজীলেণ্ডৰ বলাৰসকলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে । ফলস্বৰূপে ফাইনেলখন বেটিং আৰু বলিঙৰ মাজত এক আকৰ্ষণীয় যুঁজ হ’ব পাৰে ।

ভাৰতৰ শক্তিশালী বেটিং লাইনআপ-

টিম ইণ্ডিয়াৰ কথা ক’বলৈ গ’লে দলটোৰ বেটিং আটাইতকৈ ডাঙৰ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে । সঞ্জু চেমচন আৰু ঈশান কিষানে সমগ্ৰ প্ৰতিযোগিতাখনত ধাৰাবাহিকভাৱে দ্ৰুত গতিত ৰান সংগ্ৰহ কৰি আহিছে । ছেমছনে ২০১ ষ্ট্ৰাইক ৰেটত চাৰিখন মেচত ২৩২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ঈশান কিষানে ১৮৯ ষ্ট্ৰাইক ৰেটত ৮খন মেচত ২৬৩ ৰান সংগ্ৰহ কৰিছে । অধিনায়ক সূৰ্য্যকুমাৰ যাদৱেও ২৪২ ৰান সংগ্ৰহ কৰিছে । অৱশ্যে গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁৰ আগতীয়াকৈ আউট হোৱাটো চিন্তাৰ বিষয় হৈ পৰিছে । হাৰ্দিক পাণ্ডিয়াই বেটিঙত ১৯৯ ৰান সংগ্ৰহ কৰাৰ লগতে বলিঙত ৮টা উইকেট দখল কৰি অল ৰাউণ্ড প্ৰদৰ্শন আগবঢ়াইছে । তিলক বাৰ্মাক ফিনিছাৰ হিচাপে পঠোৱাৰ সিদ্ধান্তও দলৰ বাবে উপযোগী বুলি প্ৰমাণিত হৈছে ।

বুমৰাহৰ বাহিৰে ব্যৰ্থ সকলো বলাৰ-

এই প্ৰতিযোগিতাখনত ভাৰতৰ আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈছে বলিং । যশপ্ৰীত বুমৰাহক বাদ দি বাকী বলাৰসকলে বিশেষ প্ৰভাৱ পেলাব পৰা নাই । বুমৰাহে ৬.৬২ৰ আকৰ্ষণীয় ইকনমি ৰেটত বলিং কৰি ৭খন মেচত ১০টা উইকেট দখল কৰিছে । ইফালে অৰ্শদীপ সিঙৰ প্ৰদৰ্শন অসামঞ্জস্যপূৰ্ণ হৈ পৰিছে, শক্তিশালী দলৰ বিৰুদ্ধে তেওঁ ব্যয়বহুল বুলি প্ৰমাণিত হৈছে । বৰুণ চক্ৰৱৰ্তীক লৈও দলটোৱে বহু আশা কৰিছিল যদিও ডাঙৰ মেচত তেওঁৰ প্ৰদৰ্শন হতাশাজনক । ফলস্বৰূপে ফাইনেলৰ পূৰ্বে বলিং কম্বিনেচন সন্দৰ্ভত ভাৰতে গুৰুতৰ সিদ্ধান্ত ল’ব লাগিব ।

নিউজীলেণ্ডৰ শক্তিশালী বলিং আক্ৰমণ ভাৰতৰ বাবে চিন্তাৰ বিষয়-

আনহাতে, নিউজীলেণ্ডৰ বলিং বিভাগে এই প্ৰতিযোগিতাখনত শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে । মেট হেনৰী আৰু লকি ফাৰ্গুচনৰ বলিং আক্ৰমণে বিপক্ষৰ বেটছমেনক শলঠেকত পেলাইছে । অধিনায়ক মিচেল ছেণ্টনাৰে নিজৰ মিতব্যয়ী বলিঙৰ জৰিয়তে ৰানৰ হাৰ নিয়ন্ত্ৰণত ৰখাৰ বিপৰীতে ৰাচিন ৰবীন্দ্ৰই স্পীন বিভাগত উইকেট দখল কৰি দলটোক উল্লেখযোগ্য সফলতা প্ৰদান কৰিছে । এই প্ৰতিযোগিতাত নিউজীলেণ্ডৰ হৈ সৰ্বাধিক ১১টা উইকেট দখল কৰিছে ৰাচিনে ।

কিৱি বেটছমেনৰো আকৰ্ষণীয় প্ৰদৰ্শন-

নিউজীলেণ্ডৰ শীৰ্ষ ক্ৰমৰ অৰ্ডাৰে এই মেগা প্ৰতিযোগিতাত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছে । টিম ছেইফাৰ্টে ১৬১ ষ্ট্ৰাইক ৰেটত ৭খন মেচত ২৭৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ফিন এলেনে ২০৩ ষ্ট্ৰাইক ৰেটত ২৮৯ ৰান সংগ্ৰহ কৰিছে । এলেনে ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৩টা বলত শতক অৰ্জন কৰি নিজৰ বিস্ফোৰক ক্ষমতা প্ৰদৰ্শন কৰিছে । গ্লেন ফিলিপছেও চাৰি নম্বৰ স্থানত গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে । অৱশ্যে কিৱি দলৰ মিডল অৰ্ডাৰে বিশেষ প্ৰদৰ্শন আগবঢ়াব পৰা নাই । মাৰ্ক চেপমেন আৰু ডেৰিল মিচেলৰ বেট নিৰৱে থকাৰ বাবে দলটো শীৰ্ষ ক্ৰমৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল হৈ পৰিছে ।

উল্লেখ্য যে, নিউজীলেণ্ডৰ শক্তিশালী বলিঙৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী বেটিং লাইন আপে কেনেদৰে প্ৰদৰ্শন কৰে তাৰ ওপৰত ফাইনেলখন বহুলাংশে নিৰ্ভৰ কৰিব । যদিহে ভাৰতীয় বেটছমেনসকলে আৰম্ভণিৰে পৰাই আগ্ৰাসীভাৱে ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেন্তে টিম ইণ্ডিয়াই খেলখন নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰে । অৱশ্যে যদিহে নিউজীলেণ্ডৰ বলাৰসকলে আগতীয়াকৈ উইকেট ল’বলৈ সক্ষম হয়, তেন্তে মেচখনৰ দিশ সলনি হ’ব পাৰে ।

সমগ্ৰ প্ৰতিযোগিতাখনলৈ লক্ষ্য ৰাখি ভাৰতৰ বেটিং আৰু নিউজীলেণ্ডৰ বলিং ফাইনেলত মুখামুখি হ’ব বুলি আসা কৰা হৈছে । দুয়োটা দলতে মেচ বিজয়ী খেলুৱৈ আছে, গতিকে আহমেদাবাদৰ এই প্ৰতিযোগিতাখন ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে । যদিহে ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ জয় কৰিবলৈ বিচাৰে তেন্তে বলাৰসকলে নিজৰ বেটছমেনসকলৰ সমানে অৱদান আগবঢ়াব লাগিব, আনহাতে নিউজীলেণ্ডে নিজৰ মিডল অৰ্ডাৰৰ পৰা উন্নত প্ৰদৰ্শনৰ আশাত যুঁজত অৱতীৰ্ণ হ’ব ।

লগতে পঢ়ক : কাইলৈ টি-২০ বিশ্বকাপৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচ, সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব জনপ্ৰিয় তাৰকাই

কাইলৈ টি-২০ বিশ্বকাপৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচ, সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব জনপ্ৰিয় তাৰকাই

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচ

৮ মাৰ্চ, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচ । এই মেচ লৈ ইতিমধ্যে অনুৰাগীৰ মাজত উত্তেজনাই বিৰাজ কৰিছে । ফাইনেল মেচখনৰ পূৰ্বে প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত কেইবাজনো আন্তঃৰাষ্ট্ৰীয় তাৰকায়ো অনুষ্ঠান পৰিৱ্শন কৰিব ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ক্লজিং চেৰেমনিত অনুষ্ঠান পৰিৱেশন কৰিব লগা কলা-কুশলীৰ তালিকা প্ৰকাশ কৰিছে, য’ত আন্তঃৰাষ্ট্ৰীয় পপ গায়ক ৰিকি মাৰ্টিনক অন্তৰ্ভুক্ত কৰা হৈছে । আইচিচিৰ আপডেটত ৰিকি মাৰ্টিনকে ধৰি তিনিজন গায়কৰ নাম সন্নিবিষ্ট কৰা হৈছে । বাকী দুগৰাকী হৈছে ভাৰতীয় গায়ক সুখবীৰ আৰু ফাল্গুনী পাঠক ।

আইচিচিয়ে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “মঞ্চখন আৰু ডাঙৰ হৈ আহিছে ! টি-২০ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সামৰণি অনুষ্ঠানত সংগীতৰ কিংবদন্তি সুখবীৰ আৰু ফাল্গুনী পাঠকে অংশগ্ৰহণ কৰিব ! এই কিংবদন্তি শিল্পীসকলে ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ নিশাটোত অনুষ্ঠান পৰিৱেশন কৰিব, গতিকে গ্ল’বেল হিট আৰু দেশী গীতৰ বাবে সাজু হওক ।”

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব ফাইনেল মেচখন । ইয়াৰ পূৰ্বে সন্ধিয়া ৫:৩০ বজাৰ পৰা সামৰণি অনুষ্ঠান আৰম্ভ হ’ব, য’ত তিনিওজন গায়কে অনুষ্ঠান পৰিৱেশন কৰিব ।

উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্ব টিম ইণ্ডিয়াই ছেমি ফাইনেলত ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰে । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখন উত্তেজনাৰে ভৰপূৰ আছিল । এতিয়া ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড । ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে । টি-২০ বিশ্বকাপত ২০২৪ ত ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই খিতাপ দখল কৰিছিল । এইবাৰো ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীবাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰিব বুলি আশাবাদী দেশবাসী ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপ চেম্পিয়ন দলটোৰ ওপৰত হ’ব টকাৰ বৰষুণ; কি পাব পৰাজিত দলটোৱে?

ছেমিফাইনেলৰ পূৰ্বে চিন্তিত ভাৰতীয় দল! খেলিব নোৱাৰিব নেকি ছন্দলৈ উভতা সঞ্জু ছেমছনে ?

২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমিফাইনেলৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে সঞ্জু ছেমছন বেন

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয়খন ছেমি ফাইনেলৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে “সঞ্জু ছেমছন বেন”। এই নকআউট মেচত ভাৰত আৰু ইংলেণ্ড মুখামুখি হ’ব । ছুপাৰ-৮ ৰাউণ্ডত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচ বিজয়ী ইনিংছ খেলাৰ পিছত সঞ্জু ছেমছনে আক্ৰমণাত্মকভাৱে বিজয় উদযাপন কৰা বুলি ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । এই উদযাপনৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে সঞ্জু, যিয়ে অনুৰাগীক চিন্তিত কৰিছে ।

১ মাৰ্চ, দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিজয়ী বাউণ্ডেৰী কোবোৱাৰ পিছত সঞ্জু ছেমছনে হেলমেট মাটিত পেলাই আঁঠু লৈ ভগৱানক ধন্যবাদ জনায় । একাংশৰ মতে এই হেলমেট পেলোৱা কাৰ্য আইচিচিৰ “ক্ৰিকেটৰ সঁজুলিৰ অপব্যৱহাৰ” নিয়মৰ অধীনত পৰিব পাৰে । সম্প্ৰতি সঞ্জু ছেমছনৰ বিৰুদ্ধে আইচিচিয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব বুলি কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই । কিন্তু ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে যে যদি ছেমছনক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁক এখন মেচৰ বাবে নিষিদ্ধ কৰা হ’ব পাৰে ।

আইচিচিৰ নিয়মে কি কয় ?

আইচিচিৰ আচৰণ বিধিৰ ২.২ অনুচ্ছেদৰ অধীনত খেলুৱৈয়ে ক্ৰিকেটৰ সঁজুলিৰ অপব্যৱহাৰ কৰিব নালাগে । ইয়াৰ ভিতৰত হেলমেট, বেট, ষ্টাম্প বা আন যিকোনো সঁজুলি নিক্ষেপ কৰাটোও অন্তৰ্ভুক্ত আছে । এই কাৰ্য খঙত নহয় আৱেগৰ বাবে কৰা হ’লেও পুনৰীক্ষণ কৰা হ’ব পাৰে আৰু ব্যৱস্থা ল’ব পাৰে ।

এই নিয়মত এইটোও কোৱা হৈছে যে যিকোনো কাৰ্যই সঁজুলি বা ষ্টেডিয়ামৰ সম্পত্তিৰ ক্ষতিসাধন কৰে তেন্তে ইয়াক উলংঘা বুলি গণ্য কৰা হ’ব । শেহতীয়াকৈ স্কটলেণ্ডৰ অ’পেনাৰ জৰ্জ মুনছেক টি-২০ বিশ্বকাপ ২০২৬ৰ এখন মেচত আউট হোৱাৰ পিছত হেলমেট নিক্ষেপ কৰাৰ বাবে ডিমেৰিট পইণ্ট দিয়া হৈছিল । অৰ্থাৎ এনে ক্ষেত্ৰত এক্সন সম্ভৱপৰ ।

লগতে পঢ়ক : ফিন এলেনৰ বেটিং ধুমুহা; দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কিৱি বাহিনীৰ

ফিন এলেনৰ বেটিং ধুমুহা; দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কিৱি বাহিনীৰ

ফিন এলেনৰ বিস্ফোৰক শতকৰ সহায়ত দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰে নিউজীলেণ্ড

টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন ছেমি ফাইনেলত জয়লাভ কৰিছে নিউজীলেণ্ডে । ফিন এলেনৰ বিস্ফোৰক শতকৰ সহায়ত দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰে নিউজীলেণ্ড । এই পৰাজয়ৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ টি-২০ বিশ্বকাপ জয়ৰ সপোন পুনৰ ধূলিস্যাৎ হৈ পৰে ।

বুধবাৰে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথমখন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ পিছত ১৬৯ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত নিউজীলেণ্ডে মাত্ৰ ১২.৫ অভাৰতে ১৭৩ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । নিউজীলেণ্ডৰ হৈ ফিল এলেনে ৩৩টা বলত ১০০ ৰান অপৰাজিত মেচ বিজয়ী ইনিংছ খেলে । তেওঁ ১০টা চাৰি আৰু ৮টা ছয় কোবাই । উল্লেখ্য যে, এই জয়ৰ লগে লগে নিউজীলেণ্ড দ্বিতীয় বাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ।

এলেনৰ উপৰিও ইনিংছ মুকলি কৰা টিম ছেইফাৰ্টেও এক শক্তিশালী ইনিংছ খেলে । ছেইফাৰ্টে ৩৩টা বলত ৭টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৫৮ ৰান সংগ্ৰহ কৰে । প্ৰথম উইকেটৰ বাবে ৫৫টা বলত ১১৭ ৰান অংশীদাৰিত্ব গঢ়ে দুয়োজনে । ইয়াৰ পাছত ৰাচিন ৰবীন্দ্ৰ আৰু ফিন এলেনে দ্বিতীয় উইকেটৰ বাবে ২২টা বলত ৫৬ ৰান সংযোজন কৰি দলটোক ৪৩টা বলত বাকী থকা পূৰ্বেই দলক বিজয় উপহাৰ দিয়ে ।

টি-২০ বিশ্বকাপৰ দ্ৰুততম শতক-

টি-২০ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক সম্পূৰ্ণ কৰিছে ফিন এলেনে । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ ক্ৰীছ গেইলে টি-২০ বিশ্বকাপত দ্ৰুততম শতক অৰ্জনৰ অভিলেখ গঢ়িছিল । ২০১৬ চনৰ টি-২০ প্ৰতিযোগিতাত ৪৭টা বলত শতক অৰ্জন কৰিছিল গেইলে ।

প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ১৬৯/৮ ৰান সংগ্ৰহ কৰে । দলটোৱে ৭৭ ৰানত ৫টা উইকেট হেৰুওৱাৰ পিছত এই ৰান সংগ্ৰহ কৰে । এই ৰান সংগ্ৰহৰ পিছত প্ৰটিয়াছে কঠিন যুঁজ দিব বুলি ভবা হৈছিল যদিও দক্ষিণ আফে্ৰিকাৰ শক্তিশালী বলিং আক্ৰমণক ওফৰাই নিউজীলেণ্ডে মেচখনত জয়লাভ কৰে ।

দক্ষিণ আফ্ৰিকাৰ আটাইকেইজন বলাৰেই নিউজীলেণ্ডৰ বেটিং আক্ৰমণক বাধা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হয় । মাত্ৰ এটা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে নিউজীলেণ্ডে । দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জেন্সেনে ১৮.৭০ ইকনমিৰে ২.৫ অভাৰত ৫৩ ৰান খৰছ কৰি সৰ্বাধিক ব্যয়বহুল অভাৰ বুলি প্ৰমাণিত হয় । কৰবিন বছেও ২ অভাৰত ৩৫ ৰান খৰছ কৰে । কেশৱ মহাৰাজে ৩ অভাৰত ৩৩ ৰান, লুংগী এনগীড়িয়ে ২ অভাৰত ২২ ৰান আৰু কাগিছ’ ৰাবাদাই ৩ অভাৰত ২৮ ৰান খৰছ কৰে ।

লগতে পঢ়ক : আজি টি ২০ বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল; দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ইতিহাস ৰচিব পাৰিব নে কিৱি বাহিনী ?

ষষ্ঠবাৰৰ বাবে ছেমি ফাইনেলত ভাৰত, টি-২০ বিশ্বকাপৰ নকআউটত কেনেকুৱা টিম ইণ্ডিয়াৰ ৰেকৰ্ড ?

ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা এখন খেলত ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলৰ টিকত নিশ্চিত কৰে

টি-২০ বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দল । দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা এখন খেলত ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলৰ টিকত নিশ্চিত কৰে । উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি নক আউটত পৰাস্ত কৰা ভাৰতে ষষ্ঠবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । অহা ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেল মেচত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ।

৫ মাৰ্চৰ ছেমি ফাইনেলৰ পূৰ্বে জানক টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ নক আউট পৰ্যায়ৰ মেচৰ অভিলেখ-

২০০৭ চনত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ভাৰতে-

২০০৭ চনত অনুষ্ঠিত হোৱা উদ্বোধনী টি-২০ বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোৱে ছেমি ফাইনেল টিকট নিশ্চিত কৰিছিল । মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমিত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল । যুৱৰাজ সিঙে বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে ৩০ বলত ৭০ ৰান সংগ্ৰহ কৰিছিল । ইফালে ধোনীয়ে ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটত ১৮টা বলত অপৰাজিত ৩৬ ৰান কৰি সংগ্ৰহ কৰিছিল । প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৭৩ ৰানহে সংগ্ৰহ কৰে । ইৰফান পাঠান আৰু যোগীন্দৰ শৰ্মাই দুটাকৈ উইকেট দখল কৰে ।

২০১৪ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল ভাৰতে-

২০০৭ চনত খিতাপ জয় কৰাৰ পিছত ভাৰতীয় দলটোৱে ৭ বছৰৰ পাছত পৰৱৰ্তী টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল খেলাৰ সুযোগ লাভ কৰে । ২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল । প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ২০ অভাৰত চাৰি উইকেটত ১৭২ ৰান সংগ্ৰহ কৰে । অৱশ্যে টিম ইণ্ডিয়াই ১৯.১ অভাৰত মাত্ৰ ৪টা উইকেট হেৰুৱাই ১৭৩ ৰানৰ লক্ষ্যত উপনীত হয় । বিৰাট কোহলীয়ে ৪৪টা বলত অপৰাজিত ৭২ ৰান সংগ্ৰহ কৰে ।

২০১৬ত ৱেষ্ট ইণ্ডিজে ভাঙিছিল কোটি কোটি ভাৰতীয় হৃদয়-

ঘৰুৱা মাটিত অনুষ্ঠিত হোৱা ২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত টিম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল । প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত দুটা উইকেটত ১৯২ ৰান সংগ্ৰহ কৰে । বিৰাট কোহলীয়ে ৮৯ আৰু ৰোহিত শৰ্মাই ৪৩ ৰানৰ শক্তিশালী অৱদান অগবঢ়াইছিল । অৱশ্যে লেণ্ডল ছিমনছৰ অপৰাজিত ৮২ আৰু জনছন চাৰ্লছৰ ৩৬ বলত ৫২ ৰানৰ ফলত কেৰিবিয়ান দলটোৱে ১৯৩ ৰানৰ লক্ষ্যত উপনীত হয় ।

২০২২ত ইংলেণ্ড হাতত পৰাস্ত-

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ভাৰতীয় দলটোৱে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল । ৩৩ বলত হাৰ্দিক পাণ্ডিয়াৰ শক্তিশালী ৬৩ ৰান আৰু বিৰাট কোহলীৰ ৫০ ৰানৰ বাবে ভাৰতে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৮ ৰান সংগ্ৰহ কৰে । অৱশ্যে জোছ বাটলাৰ আৰু এলেক্স হেলছৰ বিস্ফোৰক বেটিঙৰ বাবে ইংলেণ্ডে এটা উইকেট হেৰুৱাই ১৬৯ ৰানৰ লক্ষ্যত উপনীত হয় ।

২০২৪ত ইংলেণ্ডৰ বিৰুদ্ধে পোতক তোলে ভাৰতীয় দলে-

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে ইংলেণ্ডক পৰাস্ত কৰি পূৰ্বৰ বিশ্বকাপত পৰাজয়ৰ প্ৰতিশোধ লয় । প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত ৭ উইকেটত ১৭১ ৰান সংগ্ৰহ কৰে । ৰোহিত শৰ্মাই ৩৯টা বলত ৫৭ ৰানৰ শক্তিশালী ইনিংছ খেলাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে ৪৭ ৰানৰ বৰঙণি আগবঢ়ায় । ইয়াৰ পিছতে কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলৰ স্পীন ভেল্কীত ইংৰাজ বেটছমেনসকলে সহজেই হাৰ মানি লয় । ইংলেণ্ডে মাত্ৰ ১০৩ ৰানত বল আউট হোৱাৰ বিপৰীতে কুলদীপ আৰু অক্ষৰে তিনিটাকৈ উইকেট দখল কৰে ।

লগতে পঢ়ক : আইচিচিৰ এদিনীয়া ৰেংকিঙত ভাৰতীয় তাৰকাৰ দপদপনি