কাইলৈ টি-২০ বিশ্বকাপৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচ, সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব জনপ্ৰিয় তাৰকাই

কাইলৈ টি-২০ বিশ্বকাপৰ উত্তেজনাপূৰ্ণ ফাইনেল মেচ, সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব জনপ্ৰিয় তাৰকাই

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচ ৮ মাৰ্চ, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচ । এই মেচ লৈ ইতিমধ্যে অনুৰাগীৰ মাজত উত্তেজনাই বিৰাজ কৰিছে । ফাইনেল

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচ

৮ মাৰ্চ, দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচ । এই মেচ লৈ ইতিমধ্যে অনুৰাগীৰ মাজত উত্তেজনাই বিৰাজ কৰিছে । ফাইনেল মেচখনৰ পূৰ্বে প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত কেইবাজনো আন্তঃৰাষ্ট্ৰীয় তাৰকায়ো অনুষ্ঠান পৰিৱ্শন কৰিব ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ক্লজিং চেৰেমনিত অনুষ্ঠান পৰিৱেশন কৰিব লগা কলা-কুশলীৰ তালিকা প্ৰকাশ কৰিছে, য’ত আন্তঃৰাষ্ট্ৰীয় পপ গায়ক ৰিকি মাৰ্টিনক অন্তৰ্ভুক্ত কৰা হৈছে । আইচিচিৰ আপডেটত ৰিকি মাৰ্টিনকে ধৰি তিনিজন গায়কৰ নাম সন্নিবিষ্ট কৰা হৈছে । বাকী দুগৰাকী হৈছে ভাৰতীয় গায়ক সুখবীৰ আৰু ফাল্গুনী পাঠক ।

আইচিচিয়ে এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “মঞ্চখন আৰু ডাঙৰ হৈ আহিছে ! টি-২০ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সামৰণি অনুষ্ঠানত সংগীতৰ কিংবদন্তি সুখবীৰ আৰু ফাল্গুনী পাঠকে অংশগ্ৰহণ কৰিব ! এই কিংবদন্তি শিল্পীসকলে ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ নিশাটোত অনুষ্ঠান পৰিৱেশন কৰিব, গতিকে গ্ল’বেল হিট আৰু দেশী গীতৰ বাবে সাজু হওক ।”

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব ফাইনেল মেচখন । ইয়াৰ পূৰ্বে সন্ধিয়া ৫:৩০ বজাৰ পৰা সামৰণি অনুষ্ঠান আৰম্ভ হ’ব, য’ত তিনিওজন গায়কে অনুষ্ঠান পৰিৱেশন কৰিব ।

উল্লেখ্য যে সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্ব টিম ইণ্ডিয়াই ছেমি ফাইনেলত ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰে । মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখন উত্তেজনাৰে ভৰপূৰ আছিল । এতিয়া ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড । ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে । টি-২০ বিশ্বকাপত ২০২৪ ত ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই খিতাপ দখল কৰিছিল । এইবাৰো ভাৰতীয় দলটোৱে একেৰাহে দ্বিতীবাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰিব বুলি আশাবাদী দেশবাসী ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপ চেম্পিয়ন দলটোৰ ওপৰত হ’ব টকাৰ বৰষুণ; কি পাব পৰাজিত দলটোৱে?