আজি দিল্লীত INDIA ব্লকৰ বৈঠক; টিভিকেৰ এন্ট্ৰি,ডিএমকে-আপ আউট

সোমবাৰে দিল্লীত ‘INDIA’ ব্লকৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ২৩ টা দলে অংশগ্ৰহণ কৰিব, যিয়ে বিজেপিৰ মোকাবিলা কৰাৰ ৰণনীতি প্ৰস্তুত কৰিব।

পশ্চিম বংগত টিএমচি আৰু তামিলনাডুত ডিএমকেৰ পৰাজয়ৰ পিছত সলনি হোৱা ৰাজনৈতিক সমীকৰণৰ মাজতে আজি ‘INDIA’ ব্লকৰ বৈঠক অনুষ্ঠিত হ’ব। দিল্লীৰ কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত ২৩ টা দলে অংশগ্ৰহণ কৰিব, যিয়ে বিজেপিৰ মোকাবিলা কৰাৰ ৰণনীতি প্ৰস্তুত কৰিব।

এই বৈঠকত কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে, তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ প্ৰধান অখিলেশ যাদৱ, ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱ আৰু শিৱসেনানৰ উদ্ধৱ ঠাকৰে প্ৰমুখ্যে বিৰোধী দলসমূহৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে জনাইছে যে ২৩ টা ৰাজনৈতিক দলে সোমবাৰে কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত হ’বলগীয়া ‘INDIA’ৰ বৈঠকত নিজৰ অংশগ্ৰহণ নিশ্চিত কৰিছে আৰু তেওঁ জোৰ দি কয় যে বিৰোধী গোটটো নিজৰ বৈচিত্ৰ্যৰ স্বত্বেও একগোট হৈ আছে। ৰমেশে কয় যে কিছুমান ৰাজনৈতিক দলে নিজা নিজা কাৰণত এই বিশেষ বৈঠকত উপস্থিত থাকিবলৈ অপাৰগতা প্ৰকাশ কৰিছে।

তেওঁ জনায়, “২৩ টা ৰাজনৈতিক দলে ৮ জুনৰ দুপৰীয়া ১২ বজাত নতুন দিল্লীৰ ‘কনষ্টিটিউচন ক্লাব’ত অনুষ্ঠিত হ’বলগীয়া ‘ইণ্ডিয়া জনবন্ধন’ৰ বৈঠকত ভাগ লোৱাটো নিশ্চিত কৰিছে।” এই বৈঠকত এম কে ষ্টালিনৰ ডিএমকে আৰু অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী উপস্থিত থকাৰ সম্ভাৱনা নাই, আনহাতে টিভিকেক মিত্ৰজোঁটত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

আম আদমী পাৰ্টীয়ে ইতিমধ্যে ৰাজহুৱাভাৱে এই মিত্ৰজোঁটৰ পৰা দূৰত্ব বজাই ৰাখিছে, আনহাতে তামিলনাডুত কংগ্ৰেছে ডিএমকেৰ সৈতে সম্পৰ্ক ছেদ কৰি টিভিকে-নেতৃত্বাধীন চৰকাৰত যোগদান কৰাৰ পিছত ডিএমকেয়ে বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। মিত্ৰজোঁটে ভৱিষ্যতৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰিব আৰু ৰাজ্যসমূহৰ পৰৱৰ্তী নিৰ্বাচনী চক্ৰ তথা ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় ইছ্যুসমূহত মোদী চৰকাৰৰ মোকাবিলা কৰিবলৈ এটা ঐক্যবদ্ধ ভাৱে প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰিব। পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ শেহতীয়া পৰাজয়েও বিৰোধী মিত্ৰজোঁটক দেশত বিজেপিৰ বৰ্ধিত প্ৰভাৱৰ মোকাবিলা কৰিবলৈ একগোট হ’বলৈ বাধ্য কৰিছে।

লগতে পঢ়ক: ‘মই কংগ্ৰেছৰ সভাপতি হ’ব বিচাৰিছিলো, কিন্তু ষড়যন্ত্ৰ কৰা হ’ল…’; অশোক গেহলটৰ ডাঙৰ দাবী

গৃহ মন্ত্ৰালয় সন্দৰ্ভত বিতৰ্কিত মন্তব্য দি বিপদত মমতা বেনাৰ্জী

২ জুনত এখন জনসভাত প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গৃহ মন্ত্ৰালয়ৰ তথা গৃহমন্ত্ৰী অমিত শ্বাহক সাঙুৰি উচতনিমূলক মন্তব্য দিছিলে।

গৃহ মন্ত্ৰালয়ক লৈ উচটনিমূলক মন্তব্য দিয়াৰ গোচৰত পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰা হৈছে। বৃহস্পতিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে যে শিলিগুড়ি চাইবাৰ ক্ৰাইম থানাত এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে।

এই অভিযোগ যোৱা ২ জুনত কলকাতাৰ ৰাণী ৰাছমণি ৰোডত এক প্ৰতিবাদী সভাৰ সময়ত মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ সৈতে জড়িত। য’ত তেওঁ বাংলাদেশী নাগৰিক উচমান হাদীৰ হত্যাকাণ্ডৰ উল্লেখ কৰিছিল আৰু ইয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় তথা গৃহমন্ত্ৰী অমিত শ্বাহক সাঙুৰি বক্তব্য দিছিল।

অধিবক্তা ৰিংকী সেন চেটাৰ্জীয়ে মমতাৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰিছে। তেওঁ অভিযোগ কৰে যে উচমান হাদীৰ হত্যাকাণ্ড যোৱা ডিচেম্বৰ মাহত বাংলাদেশত সংঘটিত হৈছিল। হাদীৰ হত্যাকাৰীদ্বয় মেঘালয় সীমান্ত অতিক্ৰম কৰি জানুৱাৰী মাহত পশ্চিম বংগলৈ আহিছিল আৰু ৰাজ্যখনৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে (STF) তেওঁলোক দুয়োকে গ্ৰেপ্তাৰ কৰিছিল। মমতা বেনাৰ্জীয়ে ২ জুনত এখন সভাত ভাষণ প্ৰসংগত এই বিষয়টো উত্থাপন কৰে আৰু ইংগিত দিয়ে যে হত্যাকাণ্ডটো আন এখন দেশত সংঘটিত হ’লেও ইয়াত কোন জড়িত আছে তেওঁ জানে। ইয়াৰ বাবে তেওঁ গৃহ মন্ত্ৰালয়ক দোষাৰোপ কৰে।

দৰাচলতে মমতা বেনাৰ্জীয়ে ২ জুনত এখন জনসভাত কৈছিল যে, “এছটিএফে বাংলাদেশৰ পৰা এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল, যাৰ বাবে তাত তীব্ৰ প্ৰতিবাদৰ সূচনা হৈছিল। মই আন দেশৰ কথা কোৱা নাই, কিন্তু কথাটো হ’ল এনে লোক মেঘালয় হৈ বংগত প্ৰৱেশ কৰে। ইয়াত উপস্থিত হোৱাৰ পিছত এছটিএফে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। স্বয়ং গৃহমন্ত্ৰীয়েই এই কথা কৈছে। মই বহুদিন ধৰি এই কথা কোৱা নাছিলো, কিন্তু আজি মই এই কথা কৈছো।”

ৰিংকী সেনে কয় যে যেতিয়া মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁ এই বিষয়টো পোনপটীয়াকৈ গৃহ মন্ত্ৰালয়ৰ সৈতে উত্থাপন কৰিব পাৰিলেহেঁতেন। সেনৰ তৰফৰ পৰা কোৱা হৈছে যে কিন্তু এতিয়া তেওঁ দাবী কৰিছে যে বাংলাদেশত সংঘটিত হোৱা এটা হত্যাকাণ্ড গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত সংঘটিত এক পৰিকল্পিত হত্যাকাণ্ড আছিল। এনেধৰণৰ অভিযোগ উত্থাপন কৰি তেওঁ ভাৰত আৰু বাংলাদেশৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে আৰু বিশ্বজুৰি দেশৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰিছে। তেওঁৰ মন্তব্যই বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা বিপন্ন কৰি তুলিছে। সেনে লগতে কয় যে মমতা বেনাৰ্জীয়ে মুখ্যমন্ত্ৰীৰ পদত থকাৰ সময়ত দেশৰ গোপনীয়তা ৰক্ষা কৰাৰ শপত লৈছিল, কিন্তু পদত্যাগ কৰাৰ পিছত তেওঁ মৌলবাদী শক্তিক উচতনি দিছে।

লগতে পঢ়ক: পতনৰ পথত টিএমচি! ৫৯ জন বিধায়কৰ সমৰ্থন দাবী কৰি বিধানসভাত উপস্থিত বহিষ্কৃত বিধায়ক

পতনৰ পথত টিএমচি! ৫৯ জন বিধায়কৰ সমৰ্থন দাবী কৰি বিধানসভাত উপস্থিত বহিষ্কৃত বিধায়ক

পশ্চিম বংগৰ ৰাজনৈতিক মহলৰ পৰা এক ধুমুহাৰ খবৰ পোহৰলৈ আহিছে। মমতা বেনাৰ্জীয়ে দুগৰাকী বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে টিএমচিৰ ভিতৰত বিভাজনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে।

পশ্চিমবংগত টিএমচিৰ পৰাজয়ৰ পিছৰে পৰা দলটোৰ ভিতৰচ’ৰাত পৰিস্থিতি ভাল নহয়। মমতা বেনাৰ্জীয়ে দুজন বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰাৰ পিছৰে পৰা টিএমচি ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে।

এতিয়া বিদ্ৰোহী বিধায়ক সন্দীপন সাহা আৰু ঋতব্ৰত বেনাৰ্জী বিধানসভাত উপস্থিত হৈছে। তেওঁলোকে দাবী কৰিছে যে দলৰ ৫৯ গৰাকী বিধায়কে তেওঁলোকক সমৰ্থন জনাইছে। আনকি ঋতব্ৰত বেনাৰ্জীয়ে বিধানসভাত বিৰোধী দলৰ নেতাৰ পদো দাবী কৰিব পাৰে।

বিধানসভাত উপস্থিত হোৱাৰ পিছত বিদ্ৰোহী বিধায়কসকলে বিধানসভাৰ অধ্যক্ষক ৫৯ গৰাকী বিধায়কৰ চহী থকা পত্ৰখন অৰ্পণ কৰে। ইয়াৰ পূৰ্বে, টিএমচিৰ পৰা বহিষ্কৃত হোৱা দুই বিধায়ক সন্দীপন সাহা আৰু ঋতব্ৰত বেনাৰ্জীয়ে কলকাতাৰ এমএলএ (MLA) হোষ্টেলত টিএমচিৰ কেইবাগৰাকীও বিধায়কৰ সৈতে এক বৈঠকত মিলিত হৈছিল। এই বৈঠকত মমতাৰ অতি ঘনিষ্ঠ কেইবাগৰাকীও বিধায়কেও অংশগ্ৰহণ কৰিছিল, যাক লৈ সমগ্ৰ পশ্চিমবংগতে ব্যাপক চৰ্চা চলিছিল।

নতুন গোটটোক স্বীকৃতি পাবলৈ হ’লে দুই-তৃতীয়াংশ অৰ্থাৎ ৫৪ গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। যদি ইয়াতকৈ কম বিধায়ক থাকে, তেন্তে অধ্যক্ষই এই নতুন গোটটোক স্বীকৃতি নিদিয়ে।

লগতে পঢ়ক: আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ডি কে শিৱকুমাৰে…

মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত বিভাজনৰ সংকট; অসন্তুষ্ট বিধায়কে গঠন কৰিব পাৰে নতুন দল

মমতা বেনাৰ্জীৰ টিএমচিৰ ভিতৰত বিভাজন সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।মমতাৰ ওপৰত অসন্তুষ্ট টিএমচিৰ বিধায়কে নতুন দল গঠন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

পশ্চিম বংগৰ ৰাজনীতিত তীব্ৰ বিদ্ৰোহ আৰম্ভ হৈছে । বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে এতিয়া সংকটৰ মুখামুখী হোৱা দেখা গৈছে। দলৰ ভিতৰত ক্ষোভ, বিদ্ৰোহী নেতাৰ সক্ৰিয়তা আৰু একাংশ বিধায়কৰ গোপন বৈঠকে ৰাজনৈতিক মহলত এই চৰ্চা জোৰদাৰ কৰি তুলিছে যে বংগতো মহাৰাষ্ট্ৰৰ দৰে ৰাজনৈতিক ঘটনাৰ পুনৰাবৃত্তি ঘটিব নেকি।

দেওবাৰে টিএমচিয়ে ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহাক নিলম্বন কৰিছিল। এতিয়া চৰ্চা চলিছে যে এই দুজন বহিষ্কৃত বিধায়কৰ ভিতৰত ঋতব্ৰত বেনাৰ্জী টিএমচিৰ নতুন ‘শিন্দে’ হ’ব পাৰে। একনাথ শিন্দেই যিদৰে ৪০ জন বিধায়কক লগত লৈ সুকীয়া দল গঠন কৰিছিল, ঠিক তেনেদৰে ঋতব্ৰত বেনাৰ্জীয়েও নতুন দল গঠন কৰিব পাৰে। ঋতব্ৰত বেনাৰ্জীয়েও অনুৰূপ চেষ্টা চলাইছে। সেই বাবেই ঋতব্ৰত বেনাৰ্জী আৰু তেওঁৰ সৈতে সন্দীপন সাহাই দলীয় বৈঠকত অংশগ্ৰহণ কৰা নাছিল।

জানিব পৰা মতে,দলৰ পৰা বহিষ্কৃত আৰু অসন্তুষ্ট নেতাসকলে শেহতীয়াকৈ কলকাতাৰ বিধায়ক হোষ্টেলত কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকত টিএমচিৰ ভৱিষ্যত, সাংগঠনিক পৰিৱৰ্তন আৰু কথিতভাৱে এক নতুন ৰাজনৈতিক বিকল্পৰ সন্দৰ্ভত আলোচনা হোৱা বুলি কোৱা হৈছে। টিএমচিৰ প্ৰায় ১৫ৰ পৰা ২০ জন বিধায়ক এনে নেতাৰ সৈতে যোগাযোগত আছে, যিসকলে দলীয় নেতৃত্বৰ ওপৰত চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে। খবৰ অনুসৰি, এই অসন্তুষ্ট নেতাসকলে ‘আচল তৃণমূল’ নামেৰে এক সুকীয়া ৰাজনৈতিক মঞ্চ গঢ়ি তোলাৰ প্ৰস্তুতি চলাইছে। টিএমচি সুপ্ৰিম’ মমতা বেনাৰ্জীয়েও দলৰ ওপৰত অহা এই বিপদক সম্পূৰ্ণৰূপে নাকচ কৰা নাই।

এই সমগ্ৰ বিতৰ্কৰ সূচনা তেতিয়া হৈছিল, যেতিয়া টিএমচি নেতৃত্বই উলুবেৰীয়া পূবৰ বিধায়ক ঋতব্ৰত বেনাৰ্জী আৰু এণ্টালীৰ বিধায়ক সন্দীপন সাহাক দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত বহিষ্কাৰ কৰিছিল। দুয়োগৰাকী বিধায়কে বিৰোধী দলপতিৰ সৈতে জড়িত প্ৰস্তাৱ আৰু স্বাক্ষৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছত যেতিয়া দুয়োকে দলীয় বৈঠকলৈ মাতি পঠোৱা হৈছিল, তেতিয়া তেওঁলোক তাত উপস্থিত হোৱা নাছিল।

লগতে পঢ়ক: বংগত শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ; ৩৫ গৰাকী নতুন মুখে ললে শপত

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ দাখিল; সনাতন ধৰ্ম সন্দৰ্ভত আপত্তিজনক মন্তব্যৰ অভিযোগ

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজন অধিবক্তাই এজাহাৰ দাখিল কৰিছে।এই এহাজাৰত মমতা বেনাৰ্জীয়ে সনাতন ধৰ্ম সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে।

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছ (TMC)ৰ প্ৰধান মমতা বেনাৰ্জী পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। মমতাৰ বিৰুদ্ধে শিলিগুৰিৰ চাইবাৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। এই অভিযোগত মমতা বেনাৰ্জীৰ বিৰুদ্ধে সনাতন ধৰ্মক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে। লগতে ইয়াৰ জৰিয়তে ধৰ্মীয় অনুভূতি আঘাতপ্ৰাপ্ত কৰাৰো অভিযোগ অনা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, অধিবক্তা ৰিংকী চেটাৰ্জী সিঙে এই এজাহাৰখন দাখিল কৰিছে। অভিযোগত দাবী কৰা হৈছে যে মমতা বেনাৰ্জীৰ ভাষণে ধৰ্মীয় অনুভূতিত আঘাত হানিছে আৰু ই সমাজত উত্তেজনা সৃষ্টি কৰিব পাৰে। মমতাৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ ২০২৫ চনত কলকাতাত অনুষ্ঠিত এক ঈদৰ কাৰ্যসূচীত সনাতন আৰু হিন্দু ধৰ্মক লৈ আপত্তিজনক মন্তব্য কৰিছিল। বিতৰ্কটো বিশেষকৈ তেওঁ ‘লেতেৰা ধৰ্ম’ৰ দৰে শব্দ ব্যৱহাৰ কৰা বুলি উত্থাপিত হোৱা অভিযোগক লৈ হৈছে।

আনহাতে, পশ্চিম বংগত মমতা বেনাৰ্জীৰ শোচনীয় পৰাজয়ৰ পাৰ্শ্বক্ৰিয়া এতিয়া দৃশ্যমান হ’বলৈ আৰম্ভ কৰিছে। যিবোৰ অঞ্চলক টিএমচিৰ দুৰ্গ বুলি গণ্য কৰা হৈছিল, তাৰ পৰা প্ৰায় ১০০ গৰাকী কাউন্সিলাৰে পদত্যাগ কৰিছে। ইয়াৰ মাজতে মঙলবাৰে কাকলি ঘোষকে ধৰি দলটোৰ ছয়গৰাকী বিধায়কে বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ প্ৰশাসনিক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে।

ধাৰণা কৰা হৈছে যে বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা টিএমচিৰ ভিতৰচ’ৰাত অসন্তুষ্টিৰ পৰিৱেশে বিৰাজ কৰিছে। কেইবাগৰাকীও নেতাই এই পৰাজয়ৰ বাবে ডায়মণ্ড হাৰ্বাৰৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জী আৰু আই-পিএচিক জগৰীয়া কৰা হৈছে। ডায়মণ্ড হাৰ্বাৰৰ ১৬ জনীয়া পৌৰসভাৰ ৮ গৰাকী তৃণমূল পাৰিষদেও পদত্যাগ কৰিছে।

লগতে পঢ়ক: “তৃণমূল কংগ্ৰেছৰ ২০ সাংসদ বিজেপিত যোগদান কৰিবলৈ সাজু”; সাংসদ সৌমিত্ৰ খানৰ বিস্ফোৰক মন্তব্য

‘মই দলটো পুনৰ থিয় কৰিম’; টিএমচিৰ নেতাসকলক আশ্বাস মমতা বেনাৰ্জীৰ

টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে দলৰ সদস্য সকলক লৈ এখন বৈঠকত মিলিত হয়। দলটোৰ সংকটৰ সময়খিনিত কেনেদৰে একগোট হৈ থাকিব পাৰে তাক লৈ আলোচনা কৰা হয়।

পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ক্ষমতা হেৰুৱা আৰু বছৰ বছৰ ধৰি সৰ্বাধিক নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিছত তৃণমূল কংগ্ৰেছৰ সুপ্ৰেমো মমতা বেনাৰ্জীয়ে এতিয়া শূন্যৰ পৰা সংগঠনটো পুনৰ নিৰ্মাণৰ কচৰৎত নামিছে।শুকুৰবাৰে মমতা বেনাৰ্জীয়ে কলকাতাৰ কালিঘাটৰ বাসগৃহত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো দলীয় প্ৰাৰ্থীৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীও উপস্থিত থাকে। পৰাজয়ৰ পিছত দলটোৰ আভ্যন্তৰীণ অস্থিৰতা আৰু নেতাসকলে দল সলনি কৰাৰ জল্পনা-কল্পনাৰ মাজতে মমতা বেনাৰ্জীয়ে স্পষ্টভাৱে কয় যে যিসকলে দলটো এৰিব বিচাৰিছে, তেওঁলোকে তেনে কৰিবলৈ স্বাধীন।

বৈঠকৰ সময়ত মমতা বেনাৰ্জীয়ে নেতাসকলে ৰাজনৈতিক শিবিৰ সলনি কৰাৰ সন্দৰ্ভত স্পষ্টভাৱে কয় “যিসকলে আন দলত যোগদান কৰিব বিচাৰে তেওঁলোকক যাবলৈ দিয়ক।মই দলটোক শূন্যৰ পৰা পুনৰ নিৰ্মাণ কৰিম।যি সকল লোক মোৰ লগত থাকিব বিচাৰে, তেওঁলোকক মই ক’ব বিচাৰিছো যে ক্ষতিগ্ৰস্ত হৈ থকা কাৰ্যালয় সমূহ পুনৰ মেৰামতি কৰক,নতুনকৈ ৰং কৰি সেই কাৰ্যালয় সমূহ পুনৰ খুলি দিয়ক।যদি প্ৰয়োজন হয় মই নিজেই সেই কাৰ্যালয় সমূহ ৰং কৰিম।তৃণমূল কংগ্ৰেছে কেতিয়াও শিৰনত নকৰে।”

মমতা বেনাৰ্জীয়ে আৰু কয় যে, “মই জানো যে কিছুমান মানুহ বেলেগ দললৈ যাব। সম্ভৱ তেওঁলোকৰ নিজৰ কিছুমান বাধ্যবাধকতা আছে।এই বিষয়ে মই একো ক’ব বিচৰা নাই।যিসকল লোকে যাব বিচাৰিছে, তেওঁলোক যাব পাৰে।মই কাকো বলপূৰ্বকভাৱে ৰখাত বিশ্বাস নকৰো।”

লগতে পঢ়ক: ‘সংকট বহু ডাঙৰ‘; মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ থালাপথী বিজয়ৰ

পশ্চিম বংগত ভংগ হ’ল বিধানসভা;  শেষ হ’ল ১৫ বছৰীয়া মমতা ৰাজ  

ৰাজ্যপালে ভংগ কৰিলে পশ্চিম বংগৰ বিধানসভা।বংগত নতুন চৰকাৰ গঠনৰ পথ এতিয়া মুকলি হৈছে।

 এখন জাননী আৰু পশ্চিমবংগত এক বৃহৎ ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে।২০২৬ চনৰ বিধানসভা নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত পশ্চিম বংগৰ গৱৰ্ণৰ আৰ.এন. ৰবিয়ে সমগ্ৰ কেবিনেট ভংগ কৰে।গেজেট অধিসূচনা অনুসৰি, ভাৰতীয় সংবিধানৰ ১৭৪(২) অনুচ্ছেদৰ উপ-দফা (খ)ৰ অধীনত তেওঁৰ হাতত থকা ক্ষমতা প্ৰয়োগ কৰি ৰাজ্যপাল গৰাকীয়ে পশ্চিম বংগ বিধানসভা ভংগ কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ লগে লগে মমতা বেনাৰ্জী আৰু এতিয়া পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হৈ থকা নাই। উল্লেখযোগ্য যে পদত্যাগক লৈ চলি থকা ৰাজনৈতিক উত্তেজনাৰ মাজতে এই সিদ্ধান্ত পোনপটীয়াকৈ সাংবিধানিক প্ৰক্ৰিয়াৰ অধীনত লোৱা হৈছিল।ইয়াৰ লগে লগে বংগত তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া ক্ষমতাৰ অধ্যায়ৰ অন্ত পৰিল।

মুখ্য সচিব দূষমন্ত নাৰিয়ালাই ৰাজ্যপালৰ স্বাক্ষৰ থকা এই আদেশ জনস্বাৰ্থত প্ৰকাশ কৰিছিল।নিৰ্বাচনৰ পিছত নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে বিদায়ী বিধানসভা ভংগ কৰাটো সাংবিধানিক পৰম্পৰা।

এই নিৰ্দেশৰ লগে লগে পশ্চিম বংগত সপ্তদশ বিধানসভাৰ কাৰ্যকালৰ অন্ত পৰিল আৰু নৱনিৰ্বাচিত প্ৰতিনিধিৰ সৈতে ১৮ নং বিধানসভা গঠনৰ পথ মুকলি হৈছে।অহা কেইদিনমানৰ ভিতৰত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ আৰু বিধানসভাৰ প্ৰথমখন অধিৱেশন আহ্বানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

লগতে পঢ়ক: ‘ৰাজ্যপালে বিজেপিৰ পক্ষ লৈছে’; দ্বিতীয়বাৰ ৰাজভৱনৰ পৰা খালী হাতেৰে উভতিল থালাপথী বিজয়

“মমতাক পৰাস্ত কৰাৰ বাবেই চন্দ্ৰনাথক হত্যা কৰা হ’ল”; পি এৰ হত্যাকাণ্ড সন্দৰ্ভত সুবেন্দু অধিকাৰীৰ প্ৰতিক্ৰিয়া

চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ডৰ সন্দৰ্ভত সুবেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক লক্ষ্য কৰি লৈছে। সুবেন্দু অধিকাৰীয়ে কৈছে যে, “মমতাক পৰাস্ত কৰাৰ বাবেই চন্দ্ৰনাথক হত্যা কৰা হ’ল”

বিজেপি নেতা সুবেন্দু অধিকাৰীয়ে তেওঁৰ পি এ চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ড সন্দৰ্ভত এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে।চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ডক লৈ তেওঁ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক লক্ষ্য কৰি লৈছে।সুবেন্দু অধিকাৰীয়ে কয়, “মই ভবানীপুৰত মমতাক পৰাস্ত কৰিলোঁ; সেইবাবেই চন্দ্ৰনাথক হত্যা কৰা হ’ল।” পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাত বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত মধ্যমগ্ৰামৰ দোলতলাৰ সমীপত মটৰ চাইকেলত অহা দুৰ্বৃত্তই চন্দ্ৰনাথ ৰাথক গুলীয়াই হত্যা কৰে।

আক্ৰমণকাৰীয়ে তেওঁক চাৰি জাই গুলীচালনা কৰে। আজি মধ্যগ্ৰামৰ চিকিৎসালয়ৰ পৰা চন্দ্ৰনাথ ৰাথৰ মৃতদেহ তেওঁৰ বাসগৃহলৈ অনা হয়।

চন্দ্ৰনাথ ৰাথৰ হত্যাৰ সন্দৰ্ভত সুবেন্দু অধিকাৰীয়ে কয়, এই হত্যাকাণ্ডৰ বাবে যিমানেই নিন্দা কৰা হয়, সিমানেই কম হ’ব।তেওঁক এই কাৰণেই হত্যা কৰা হ’ল কাৰণ তেওঁ মোৰ সহযোগী আছিল আৰু মই ভবানীপুৰত মমতা বেনাৰ্জীক পৰাস্ত কৰিছিলোঁ।এইটোৱেই তেওঁৰ হত্যাৰ কাৰণ হ’ব পাৰে।মই তেওঁলোকৰ পৰিয়ালৰ সৈতে আছো, আৰু পৰিয়ালে দাবী কৰে যে হত্যাৰ দোষীসকলক গ্ৰেপ্তাৰ কৰা হওক আৰু তেওঁলোকক শাস্তি দিয়া উচিত। মৰণোত্তৰ পৰীক্ষাত দেখা গ’ল যে তেওঁক চাৰিটা গুলী নিক্ষেপ কৰা হৈছে; এই হত্যাকাণ্ডটো পূৰ্ব পৰিকল্পিত আছিল।”

লগতে পঢ়ক: মোক বৰ্খাস্ত কৰক, কিন্তু মই পদত্যাগ নকৰোঃ শোচনীয় পৰাজয়ৰ পাছতো নাচোৰবান্দা মমতা বেনাৰ্জী

মোক বৰ্খাস্ত কৰক, কিন্তু মই পদত্যাগ নকৰোঃ শোচনীয় পৰাজয়ৰ পাছতো নাচোৰবান্দা মমতা বেনাৰ্জী

নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতো বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ পদৰ পৰা পদত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাজ্যখনত এক হাইভল্টেজ ৰাজনৈতিক ড্ৰামা দেখিবলৈ পোৱা গৈছে । নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতো বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ পদৰ পৰা পদত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বুধবাৰে তৃণমূল কংগ্ৰেছৰ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতে অনুষ্ঠিত এক বৈঠকত তেওঁ এই ঘোষণা কৰে ।

জানিব পৰা মতে মমতা বেনাৰ্জীয়ে অত্যন্ত দৃঢ়তাৰে কয়, “মই পদত্যাগ নকৰো । কেন্দ্ৰই ইচ্ছা কৰিলে মোক বৰ্খাস্ত কৰিব পাৰে । মই বিচাৰো এইটো এটা ক’লা দিন হিচাপে পৰিগণিত হওক ।” নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ অভিযোগ কৰে যে এয়া কোনো নিৰ্বাচন নাছিল, বৰঞ্চ এক “অত্যাচাৰ”হে আছিল । তেওঁৰ মতে, তৃণমূলৰ প্ৰাৰ্থীসকলক জোৰকৈ পৰাস্ত কৰা হৈছে আৰু ৰাজ্যৰ ১৫০০ৰো অধিক দলীয় কাৰ্যালয় “হাইজ্যেক” কৰা হৈছে ।

নিজৰ ক্ষোভ উজাৰি বেনাৰ্জীয়ে কয় যে তেওঁক ব্যক্তিগতভাৱে হাৰাশাস্তি কৰা হৈছে আৰু আনকি শাৰীৰিকভাৱে আঘাতো কৰা হৈছে । তেওঁ পশ্চিমবংগ আৰক্ষী, চিআৰপিএফ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে । তেওঁৰ অভিযোগ যে নিৰ্বাচনী প্ৰক্ৰিয়াটোত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী পোনপটীয়াকৈ জড়িত আছিল ।

মমতা বেনাৰ্জীয়ে তেওঁৰ বিধায়কসকলক বিধানসভাৰ প্ৰথম দিনটোত ক’লা কাপোৰ পিন্ধি উপস্থিত হ’বলৈ নিৰ্দেশ দিছে । তেওঁ দাবী কৰে যে নিৰ্বাচনত হাৰিলেও তেওঁ বিজেপিক “নৈতিকভাৱে” পৰাস্ত কৰিছে । ইফালে, এই নিৰ্বাচনৰ পাছত বিৰোধী ‘ইণ্ডিয়া’ (INDIA) মিত্ৰজোঁট অধিক শক্তিশালী আৰু ঐক্যবদ্ধ হোৱা বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, ২০৭খন আসন লাভ কৰি এক ঐতিহাসিক বিজয় সাব্যস্ত কৰা বিজেপি দলে ৰাজ্যত চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত তুলিছে । পশ্চিমবংগৰ ইতিহাসত এইখনেই হ’ব প্ৰথমখন বিজেপি চৰকাৰ ।

লগতে পঢ়ক : বংগত হাইভল্টেজ ড্ৰামা : পৰাজয়ৰ পাছতো পদত্যাগ নকৰে মমতাই, কটাক্ষ শুভেন্দুৰ