পতনৰ পথত টিএমচি! বিধানসভাত উপস্থিত বহিষ্কৃত বিধায়ক

পতনৰ পথত টিএমচি! ৫৯ জন বিধায়কৰ সমৰ্থন দাবী কৰি বিধানসভাত উপস্থিত বহিষ্কৃত বিধায়ক

পশ্চিম বংগৰ ৰাজনৈতিক মহলৰ পৰা এক ধুমুহাৰ খবৰ পোহৰলৈ আহিছে। মমতা বেনাৰ্জীয়ে দুগৰাকী বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে টিএমচিৰ ভিতৰত বিভাজনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। পশ্চিমবংগত টিএমচিৰ পৰাজয়ৰ পিছৰে পৰা দলটোৰ ভিতৰচ’ৰাত পৰিস্থিতি ভাল নহয়। মমতা বেনাৰ্জীয়ে দুজন বিধায়কক দলৰ পৰা বহিষ্কাৰ

পশ্চিম বংগৰ ৰাজনৈতিক মহলৰ পৰা এক ধুমুহাৰ খবৰ পোহৰলৈ আহিছে। মমতা বেনাৰ্জীয়ে দুগৰাকী বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে টিএমচিৰ ভিতৰত বিভাজনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে।

পশ্চিমবংগত টিএমচিৰ পৰাজয়ৰ পিছৰে পৰা দলটোৰ ভিতৰচ’ৰাত পৰিস্থিতি ভাল নহয়। মমতা বেনাৰ্জীয়ে দুজন বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰাৰ পিছৰে পৰা টিএমচি ফাট মেলাৰ সম্ভাৱনাই দেখা দিছে।

এতিয়া বিদ্ৰোহী বিধায়ক সন্দীপন সাহা আৰু ঋতব্ৰত বেনাৰ্জী বিধানসভাত উপস্থিত হৈছে। তেওঁলোকে দাবী কৰিছে যে দলৰ ৫৯ গৰাকী বিধায়কে তেওঁলোকক সমৰ্থন জনাইছে। আনকি ঋতব্ৰত বেনাৰ্জীয়ে বিধানসভাত বিৰোধী দলৰ নেতাৰ পদো দাবী কৰিব পাৰে।

বিধানসভাত উপস্থিত হোৱাৰ পিছত বিদ্ৰোহী বিধায়কসকলে বিধানসভাৰ অধ্যক্ষক ৫৯ গৰাকী বিধায়কৰ চহী থকা পত্ৰখন অৰ্পণ কৰে। ইয়াৰ পূৰ্বে, টিএমচিৰ পৰা বহিষ্কৃত হোৱা দুই বিধায়ক সন্দীপন সাহা আৰু ঋতব্ৰত বেনাৰ্জীয়ে কলকাতাৰ এমএলএ (MLA) হোষ্টেলত টিএমচিৰ কেইবাগৰাকীও বিধায়কৰ সৈতে এক বৈঠকত মিলিত হৈছিল। এই বৈঠকত মমতাৰ অতি ঘনিষ্ঠ কেইবাগৰাকীও বিধায়কেও অংশগ্ৰহণ কৰিছিল, যাক লৈ সমগ্ৰ পশ্চিমবংগতে ব্যাপক চৰ্চা চলিছিল।

নতুন গোটটোক স্বীকৃতি পাবলৈ হ’লে দুই-তৃতীয়াংশ অৰ্থাৎ ৫৪ গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। যদি ইয়াতকৈ কম বিধায়ক থাকে, তেন্তে অধ্যক্ষই এই নতুন গোটটোক স্বীকৃতি নিদিয়ে।

লগতে পঢ়ক: আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ডি কে শিৱকুমাৰে…