‘যদি পদত্যাগ নকৰে বৰ্খাস্ত কৰা হ’ব’; মমতা বেনাৰ্জীক লৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য
মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰাক লৈ বিজেপি নেতাসকলে তীব্ৰ সমালোচনা কৰিছে ।
মমতা বেনার্জীয়ে যেতিয়াৰ পৰা পদত্যাগ নকৰো বুলি কৈছে, তেতিয়াৰ পৰাই ৰাজনৈতিক মহলত এক নতুন চৰ্চা আৰম্ভ হৈছে যে যদি পদত্যাগ নকৰে, তেন্তে কি হ’ব? মমতা বেনাৰ্জীয়ে কৈছে যে তেওঁ পৰাজিত হোৱা নাই, বৰঞ্চ ১০০খন আসন তেওঁৰ পৰা কাঢ়ি নিয়া হৈছে। ইয়াৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিছে। এটা সাক্ষাৎকাৰত তেওঁ স্পষ্টকৈ কৈছে, “যদি পদত্যাগ নকৰে, তেন্তে তেওঁক বৰ্খাস্ত কৰা হ’ব।”
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে “ মমতা বেনাৰ্জীৰ হিচাপত দেশখন নচলিব। এক নিৰ্দিষ্ট সময়লৈকে ৰাজ্যপাল মহোদয়ে (পদত্যাগৰ বাবে) অপেক্ষা কৰিব, তাৰ পিছত তেওঁক বৰ্খাস্ত কৰা হ’ব। এইটো একেবাৰে স্পষ্ট কথা। আপোনাৰ ফলাফল ওলাই গৈছে। নিৰ্বাচনৰ পৰিণাম ঘোষণা কৰা হৈছে। এতিয়া আপুনি কৈছে যে মোৰ পৰা ১০০খন আসন কাঢ়ি নিয়া হৈছে, তেন্তে ময়ো ক’ম যে অসমত কংগ্ৰেছে যি ১৯খন আসনত জয় লাভ কৰিছে, সেইবোৰ আমাৰ পৰা কাঢ়ি লৈহে জিকিছে”।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে “দেশ এনেকৈ নচলে। ভাৰতৰ দৰে এখন দেশৰ বাবেহে এনে এজন মুখ্যমন্ত্ৰীক ইমান দিনে মানুহে সহ্য কৰি আছে। আপুনি সীমান্তত ফেঞ্চিং (বেৰ) দিবলৈ নিদিয়ে আৰু এতিয়া কৈছে যে আপোনাৰ পৰা আসন কাঢ়ি নিয়া হৈছে। আপুনি বহু আগতেই নিজৰ ফলাফলৰ অনুমান কৰি ল’ব লাগিছিল”।
দৰাচলতে, যদি কোনো মুখ্যমন্ত্ৰীয়ে বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত বা সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ পিছত পদত্যাগ নকৰে, তেন্তে সাংবিধানিক ব্যৱস্থা অনুসৰি ৰাজ্যপালে তেওঁক বৰ্খাস্ত (Dismiss) কৰিব পাৰে।
অন্য এক পৰিপ্ৰেক্ষিতত, ৰাজ্যপালৰ হাতত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে ফ্ল’ৰ টেষ্ট (Floor Test) অৰ্থাৎ বিশেষ অধিবেশন আহ্বান কৰাৰ অধিকাৰ আছে। যদি কোনো মুখ্যমন্ত্ৰী ইয়াত বিফল হয়, তেন্তে চৰকাৰ ভংগ হ’ব পাৰে। দৰাচলতে বিধানসভাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী স্বয়ংক্ৰিয়ভাৱে পদমুক্ত হয়। এনে পৰিস্থিতিত মমতা বেনাৰ্জীৰ বাবে মুখ্যমন্ত্ৰীৰ পদত মাত্ৰ কেইঘণ্টামানহে বাকী আছে।
লগতে পঢ়ক: আমি নিৰ্বাচনত পৰাজিত হোৱা নাইঃ পদত্যাগ নকৰাৰ হুংকাৰ মমতা বেনাৰ্জীয়ে