“৪ মে’ৰ ফলাফলৰ পিছত পশ্চিম বংগত শেষ হ’ব গুণ্ডাৰাজ”; টিএমচিক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ
নিৰ্বাচনৰ প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীয়ে টিএমচিক লক্ষ্য কৰ লয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে বহুদিনৰ পৰা পশ্চিম বংগত যি পৰিৱৰ্তনৰ ঢৌ দেখা পোৱা গৈছিল।প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে ইয়াত মোহৰ লগাইছে
বৃহস্পতিবাৰে পশ্চিম বংগৰ ১৫২খন আসনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুঠ ৯২ শতাংশ ভোটাৰে ভোটদান কৰি অভিলেখ গঢ়িছে। ইয়াৰ পিছতে বিজেপিয়ে বংগত বিজয় হ’ব বুলি দাবী কৰিছে।ডমডমত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় বহুদিনৰ পৰা বংগত পৰিৱৰ্তনৰ ঢৌ দেখা পোৱা গৈছিল।কালিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে ইয়াত মোহৰ লগাইছে।কালি বিজেপিৰ সপক্ষে দেখুওৱা সমৰ্থন,বিজেপিৰ বিজয়ৰ নিচান উৰুৱাই।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে,যিখন বংগত টিএমচিয়ে গণতন্ত্ৰৰ মন্দিৰ শেষ কৰিছিল। একনায়কত্ববাদৰ জৰিয়তে তেওঁলোকে গণতন্ত্ৰৰ মন্দিৰক অপবিত্ৰ কৰি পেলাইছিল। সেই বংগত প্ৰথম পৰ্যায়ৰ সময়ত ৰাইজে গণতন্ত্ৰৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছে।এতিয়া দ্বিতীয় পৰ্যায়ত আপুনি এই গণতন্ত্ৰৰ মন্দিৰৰ ওপৰত বিজয়ৰ পতাকা উত্তোলন কৰিব লাগিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে টিএমচি এতিয়া সম্পূৰ্ণৰূপে অসাৰ হৈ পৰিছে। বংগবাসীয়ে ভয় নকৰিব ৪ মে’ত ফলাফল ঘোষণা হোৱাৰ পিছত টিএমচিৰ গুণ্ডাসকল বংগত লুকাই থাকিবলৈ কোনো স্থান নাথাকিব ।তেওঁলোকক বচাবলৈ কোনো নাথাকিব। কালিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে টিএমচিৰ ‘মহাজংগল ৰাজ’ৰ অন্ত পৰাৰ আগজাননী দিছে।
লগতে পঢ়ক: “১৫২খন আসনৰ ভিতৰত ১১০খন আসনত জয়ী হ’ম”: বংগত ভোটগ্ৰহণক লৈ অমিত শ্বাহৰ ডাঙৰ দাবী