২৯১খন আসনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা, ভৱানীপুৰ পৰা যুঁজিব মমতা বেনাৰ্জীয়ে

২০২৬ চনৰ বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২২৬ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰে মমতাই

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২৯১খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে অনিত থাপাৰ নেতৃত্বাধীন বিজেপিএমে দাৰ্জিলিঙৰ তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।

ভৱানীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । টিএমচিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগে বিজেপিৰ হৈ “খেল” খেলিছে বুলি অভিযোগ কৰে আৰু তেওঁলোকে বিজেপিৰ হৈ পোনপটীয়াকৈ প্ৰচাৰ চলাব লাগে বুলি উল্লেখ কৰে । ২০২৬ চনৰ বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২২৬ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰে মমতাই ।

২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত নন্দিগ্ৰামৰ আসনত পৰাস্ত হৈছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ইয়াৰ পাছতে ভৱানীপুৰ উপ-নিৰ্বাচনত জয়ী হৈ বিধানসভাত প্ৰৱেশ কৰে তেওঁ । এইবাৰ নন্দিগ্ৰামৰ আসনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে মমতাই । আজি দলত যোগদান কৰা পবিত্ৰা কাৰ্কেক নন্দিগ্ৰামৰ টিকট প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে । পবিত্ৰা বিৰোধী নেতা সুবেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহযোগী আছিল আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ২০২১ চনত টিএমচিৰ এগৰাকী কৰ্মীৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল তেওঁক ।

মুৰ্ছিদাবাদ জিলাৰ ভাৰতপুৰ আসনৰ পৰা মুস্তাফিজুৰ ৰহমানক প্ৰক্ষেপ কৰিছে টিএমচিয়ে । এই আসনখন বাবৰি বিবাদৰ সূচনা কৰা বিধায়ক হুমায়ুন কবীৰৰ হাতত আছিল । কালিম্পং আৰু কুৰ্চেয়ং দাৰ্জিলিঙৰ আসন অনিত থাপাৰ নেতৃত্বাধীন  বিজিপিএমক এৰি দিছে টিএমচিয়ে ।

তৃণমূল কংগ্ৰেছে ডুম ডম উত্তৰ আসনৰ পৰা চন্দ্ৰিমা ভট্টাচাৰ্য, কামাৰহাটী আসনৰ পৰা মদন মিত্ৰ, কলকাতা বন্দৰৰ আসনৰ পৰা ফিৰহাদ হাকিম, বেলেঘাটা আসনৰ পৰা কুনাল ঘোষ, শ্যামপুকুৰ আসনৰ পৰা ড০ শশী পাঞ্জা, হাবৰা আসনৰ পৰা জ্যোতিপ্ৰিয়া মল্লিকক প্ৰক্ষেপ কৰিছে । পশ্চিম বংগৰ নিৰ্বাচনত টিএমচিৰ ২৯১গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫২গৰাকী মহিলা, ৯৫গৰাকী অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আৰু ৪৭গৰাকী সংখ্যালঘু ।

লগতে পঢ়ক : কংগ্ৰেছত আন এক মোক্ষম আঘাত, ৰাইজৰ দলত যোগদান জ্যেষ্ঠ নেতা আবুল মিয়াৰ

মমতাৰ দুৰ্গত শুভেন্দুৰ প্ৰত্যাহ্বান, হাই ভল্টেজ যুঁজৰ সাক্ষী হ’ব ভৱানীপুৰ

বিজেপি নেতা শুভেন্দু অধিকাৰীক দুটা সমষ্টিৰ পৰা টিকট প্ৰদান কৰা হৈছে । নন্দিগ্ৰাম হৈছে মমতা বেনাৰ্জীক ক্ষমতালৈ অনা আৰু মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অঞ্চল ।

বংগ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সোমবাৰে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা । এই তালিকাত ১৪৪ গৰাকী প্ৰাৰ্থী আছে । বিজেপি নেতা শুভেন্দু অধিকাৰীক দুটা সমষ্টিৰ পৰা টিকট প্ৰদান কৰা হৈছে । ভৱানীপুৰৰ লগতে নন্দিগ্ৰামৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব সুবেন্দুৱে । ইফালে ভৱানীপুৰৰ বৰ্তমানৰ বিধায়ক মমতা বেনাৰ্জী । সেয়ে ভৱানীপুৰত হয়তো পুনৰ এবাৰ মমতা বনাম শুভেন্দুৰ হাই ভল্টেজ যুঁজ দেখা যাব পাৰে । মমতা বেনাৰ্জীয়ে ক’ত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ভৱানীপুৰৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য যে, ভৱানীপুৰ আসনৰ পৰা তিনিবাৰকৈ জয়লাভ কৰিছে মমতা বেনাৰ্জীয়ে । ২০১১ চনত বংগত চি পি এম চৰকাৰৰ পতন ঘটি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছিল । নন্দিগ্ৰাম হৈছে মমতা বেনাৰ্জীক ক্ষমতালৈ অনা আৰু মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অঞ্চল । সেই সময়ত শুভেন্দু অধিকাৰী তেওঁৰ ঘনিষ্ঠ সহযোগী আছিল । পৰৱৰ্তী সময়ত অধিকাৰীও তাৰ পৰাই বিধায়ক হয় । কিন্তু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পৰিস্থিতি সলনি হয় । শুভেন্দুৱে বিজেপিত যোগদান কৰে আৰু বিজেপিয়ে তেওঁক মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচনত থিয় কৰাই । এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মমতাই নিজৰ পুৰণি আসন এৰি নন্দিগ্ৰামৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ।

এই সমষ্টিত নিৰ্বাচনত জয়ী হোৱাৰ বাবে আত্মবিশ্বাসী আছিল মমতা বেনাৰ্জী । অৱশ্যে তাৰ বিপৰীতহে ঘটিল । ইয়াত “দিদি” নিৰ্বাচনত পৰাজিত হয় । ১৯৫৬ টা ভোটত পৰাস্ত হয় মমতা । কিন্তু তেওঁৰ দল টিএমচিয়ে ৰাজ্যখনত শক্তিশালী প্ৰদৰ্শন কৰি একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰে । ২০২১ চনৰ নিৰ্বাচনত মমতা বেনাৰ্জী নেতৃত্বাধীন টিএমচিয়ে ২১৫খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৭৭খন আসন লাভ কৰিছিল ।

নন্দিগ্ৰামত পৰাজয়ৰ পিছত মমতা বেনাৰ্জীয়ে আসনখন ত্যাগ কৰে । পৰৱৰ্তী সময়ত ভৱানীপুৰৰ পৰা উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে । ভৱানীপুৰক মমতা বেনাৰ্জীৰ দুৰ্গ বুলি গণ্য কৰা হয় ।

উল্লেখ্য যে, এসময়ত মমতা বেনাৰ্জীৰ ঘনিষ্ঠ শুভেন্দু অধিকাৰীয়ে প্ৰথমবাৰৰ বাবে ২০০৬ চনত টিএমচিৰ টিকটত কান্তি দক্ষিণৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচনত জয়ী হয় । ইয়াৰ পিছত ২০০৯ চনৰ লোকসভা নিৰ্বাচনত তামলুক সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় । ২০১৪ চনৰ নিৰ্বাচনতো তেওঁ নিজৰ আসন অক্ষুণ্ণ ৰাখে ।

২০১৬ চনৰ নিৰ্বাচনত তেওঁ নন্দিগ্ৰামৰ আসন জয়লাভ কৰি মমতা বেনাৰ্জী চৰকাৰৰ পৰিবহণ মন্ত্ৰী হৈছিল । মমতা বেনাৰ্জী চৰকাৰত তেওঁক গুৰুত্বপূৰ্ণ নেতা হিচাপে গণ্য কৰা হৈছিল । ২০২১ চনৰ নিৰ্বাচনত পৰিস্থিতি সলনি হৈ বিজেপিত যোগদান কৰে অধিকাৰীয়ে । বিজেপিত যোগদান কৰাৰ পিছত মমতাৰ ঘনিষ্ঠ সহযোগী শুভেন্দু হৈ পৰে তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দ্বী ।

লগতে পঢ়ক : বিজেপিয়ে প্ৰকাশ কৰিলে ১৪৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা, ‘দিদি’ৰ বিৰুদ্ধে যুঁজত সুবেন্দু অধিকাৰী

ৰাষ্ট্ৰপতিৰ প্ৰট’কল উলংঘাক লৈ কঠোৰ কেন্দ্ৰ চৰকাৰ; গৃহ মন্ত্ৰালয়ে বংগ চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন

পশ্চিম বংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰ্যসূচীত প্ৰট’কল উলংঘা আৰু স্থান সলনিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ মুখ্য সচিবৰ পৰা উত্তৰ বিচাৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে এই ঘটনাক সাংবিধানিক মৰ্যাদাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পশ্চিম বংগ ভ্ৰমণৰ সময়ত প্ৰট’কল উলংঘা আৰু হঠাতে সভাস্থলীৰ পৰিৱৰ্তনে বিতৰ্কৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে,কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সমগ্ৰ বিষয়টোৰ ওপৰত ব্যাপক গুৰুত্ব দিছে।কেন্দ্ৰীয় গৃহ সচিবে পশ্চিম বংগৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি সন্ধিয়া ৫ বজাৰ ভিতৰত বিতং প্ৰতিবেদন বিচাৰিছে।য’ত প্ৰট’কল নিদিয়া,সঠিক পথৰ তথ্য প্ৰদান নকৰা আৰু অন্যান্য ব্যৱস্থাত হোৱা ভুলৰ বাবে স্পষ্টিকৰণ বিচৰা হৈছে।

দৰাচলতে,ৰাষ্ট্ৰপতি মুৰ্মুৰ উত্তৰ বংগ ভ্ৰমণৰ সময়ত এই বিতৰ্কৰ সৃষ্টি হয়, য’ত তেওঁ দাৰ্জিলিং জিলাত অনুষ্ঠিত হোৱা নৱম আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

প্ৰথমে বিধাননগৰ (ফানচিদেৱা ব্লক)ত এই অনুষ্ঠানৰ প্ৰস্তাৱ দিয়া হৈছিল,য’ত সন্থাল জনজাতীয় সম্প্ৰদায়ৰ পৰা বৃহৎ সংখ্যক লোক উপস্থিত হ’ব লগা আছিল,কিন্তু ৰাজ্য প্ৰশাসনে নিৰাপত্তা, যানজঁট আৰু অন্যান্য কাৰণৰ কথা উল্লেখ কৰি ইয়াক বাগডোগ্ৰা বিমানবন্দৰৰ সমীপৰ গোসাঁইপুৰ (বা গোসাঁইপুৰ)লৈ স্থানান্তৰিত কৰে।

এই পৰিৱৰ্তনক লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেও অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু কয় যে নতুন স্থানটো সৰু আছিল, যাৰ বাবে বহুতে যাব নোৱাৰিলে।

ৰাষ্ট্ৰপতি গৰাকীয়ে মমতা বেনাৰ্জীক কনিষ্ঠ ভগ্নী বুলি উল্লেখ কৰি প্ৰশ্ন কৰে যে, তেওঁৰ ওপৰত খং উঠি আছে নেকি? কাৰণ মুখ্যমন্ত্ৰী বা মমতা চৰকাৰৰ কোনো মন্ত্ৰীয়েই তেওঁক আদৰণি জনাবলৈ নাহিল।যিহেতু, পদৰ মৰ্যাদাৰ বাবে প্ৰট’কল মানি চলাটো অতি প্ৰয়োজনীয়।

জানিব পৰা মতে,ৰাষ্ট্ৰপতিৰ প্ৰট’কলৰ জৰিয়তে কেইবাটাও অভিযোগত নিৰাপত্তা সম্পৰ্কীয় ব্লু বুক নিয়ম উলংঘা কৰা হৈছে।য’ত – ৰাষ্ট্ৰপতিক আদৰণি জনোৱা আৰু বিদায় দিবলৈ মুখ্যমন্ত্ৰী, চি এছ আৰু ডিজিপি কিয় উপস্থিত নাছিল? তেওঁক আদৰণি জনাবলৈ কেৱল শিলিগুৰিৰ মেয়ৰ আছিল।

ৰাষ্ট্ৰপতিৰ বাবে নিৰ্মিত ৱাশ্বৰুমতো পানী নাছিল। প্ৰশাসনে যিটো পথেৰে গৈছিল সেই পথটো আৱৰ্জনাৰে ভৰি আছিল।এই আচৰণ সমগ্ৰ দেশৰ বাবে অপমানজনক।

লগতে পঢ়ক: শিক্ষিত আৰু সৱল মহিলাই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত স্তম্ভঃ অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

ৰাষ্ট্ৰপতিক অপমান কৰি টিএমচিয়ে সকলো সীমা অতিক্ৰম কৰিলেঃ মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰপতিৰ প্ৰতি যি ব্যৱহাৰ কৰা হৈছে সেয়া অত্যন্ত লজ্জাজনক

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এক অনুষ্ঠানৰ প্ৰট’কল বিতৰ্কক লৈ পশ্চিম বংগত ৰাজনীতি তীব্ৰতৰ হৈ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়ত তৃণমূল কংগ্ৰেছ চৰকাৰক লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰপতিৰ প্ৰতি যি ব্যৱহাৰ কৰা হৈছে সেয়া অত্যন্ত লজ্জাজনক । প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে যিয়েই গণতন্ত্ৰ আৰু জনজাতীয় সমাজৰ সবলীকৰণত বিশ্বাস কৰে তেওঁ এই ঘটনাত দুখী ।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ টুইটত লিখিছে, “এয়া এক অতি লজ্জাজনক ঘটনা । গণতন্ত্ৰ আৰু জনজাতীয় সম্প্ৰদায়ৰ সবলীকৰণত বিশ্বাসীসকল ইয়াৰ দ্বাৰা আঘাতপ্ৰাপ্ত আৰু হতাশ হৈছে । নিজেই জনজাতীয় সম্প্ৰদায়ৰ পৰা অহা ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰা যন্ত্ৰণা আৰু দুখে দেশৰ জনসাধাৰণক গভীৰভাৱে দুখী কৰি তুলিছে ।”

প্ৰধানমন্ত্ৰীয়ে কয়, “এই বিষয়ত পশ্চিম বংগৰ টিএমচি চৰকাৰে সকলো সীমা অতিক্ৰম কৰিছে । ৰাষ্ট্ৰপতিৰ এই অপমানৰ বাবে ৰাজ্য প্ৰশাসন দায়ী । পশ্চিম বংগ চৰকাৰে সন্থাল সংস্কৃতিৰ দৰে ইমান গুৰুত্বপূৰ্ণ বিষয় এটা ইমান আকস্মিকভাৱে চম্ভালি লোৱাটোও দুৰ্ভাগ্যজনক ।” তেওঁ লগতে কয়, “ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ৰাজনীতিৰ ওপৰত আৰু এই পদৰ মৰ্যাদাক সদায় সন্মান কৰিব লাগিব । আশা কৰা হৈছে যে পশ্চিম বংগ চৰকাৰ আৰু টিএমচিয়ে এই বিষয়ত বুদ্ধিমানৰ কাম কৰিব ।”

উল্লেখ্য যে, নৱম আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পশ্চিম বংগৰ শিলিগুৰি মহাকুমা পৰিষদৰ ফানচিদেৱা অঞ্চলত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি তেওঁক আদৰণি জনাবলৈ মুখ্যমন্ত্ৰী বা কোনো ৰাজ্যিক মন্ত্ৰী উপস্থিত নথকাত ৰাষ্ট্ৰপতিগৰাকীয়ে অসন্তুষ্টি আৰু দুখ প্ৰকাশ কৰে । অৱশ্যে তেওঁ ব্যক্তিগতভাৱে এই কথাত কোনো আপত্তি নাই বুলি উল্লেখ কৰে ।

অনুষ্ঠানৰ অন্তত তেওঁ সন্মিলনৰ বাবে নিৰ্বাচিত স্থানক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰে । ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে সভাস্থলী অতি সৰু হোৱাৰ বাবে বৃহৎ সংখ্যক সন্থাল সম্প্ৰদায়ৰ লোক উপস্থিত থাকিব নোৱাৰিলে । তেওঁ কয় যে সভাস্থলীত আনকি পাঁচ হাজাৰ লোকৰ বাবেও পৰ্যাপ্ত ঠাইৰ অভাৱ ।

লগতে পঢ়ক : “বংগ দুৰ্বল হ’লে আমি দিল্লী চৰকাৰক উফৰাই দিম”; বিজেপিক তীক্ষ্ণ সমালোচনা মমতা বেনাৰ্জীৰ

“বংগ দুৰ্বল হ’লে আমি দিল্লী চৰকাৰক উফৰাই দিম”; বিজেপিক তীক্ষ্ণ সমালোচনা মমতা বেনাৰ্জীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰি কেন্দ্ৰীয় চৰকাৰে বংগৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি ৰাজ্যখনৰ ৰাজনীতিত হস্তক্ষেপ কৰা বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে সকীয়নী দিছে যে এনে হেঁচা অব্যাহত থাকিলে দিল্লী চৰকাৰো উফৰাই দিব পাৰে।

মমতা বেনাৰ্জীয়ে কয় যে,ৰাজভৱনক বিজেপিৰ দলীয় কাৰ্যালয়লৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু নিৰ্বাচনৰ সময়ত ধন বিতৰণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ অভিযোগ কৰিছে যে,ৰাজ্যলৈ যি সকল লোকক প্ৰেৰণ কৰা হৈছে, তেওঁলোক বিজেপিৰ কেডাৰ।

মুখ্যমন্ত্ৰী মমতাই জগদীপ ধনড়ৰ আৰু মহাৰাষ্ট্ৰৰ নেতা অজিত পাৱাৰৰ কথা উল্লেখ কৰি কয় তেওঁৰ লগত যিবোৰ সংঘটিত হ’ল, সেই বিষয়ে তেওঁ ইতিমধ্যে সঁচা কথা কৈছে।তেওঁ কেন্দ্ৰীয় চৰকাৰে অহংকাৰৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে আৰু কয় যে বৰ্তমানৰ চৰকাৰখন মিত্ৰশক্তিৰ সহযোগত চলি আছে।

মমতা বেনাৰ্জীয়ে লগতে কয় যে, ভোট কৰ্তন কৰি বিজেপিয়ে বংগক ভাগ কৰিব নোৱাৰে।বংগই যুঁজিব জানে আৰু ৰাজ্যৰ জনসাধাৰণে নিজৰ অধিকাৰৰ বাবে যুঁজি থাকিব।

লগতে পঢ়ক: জেডিইউত যোগদানৰ পূৰ্বেই সক্ৰিয় হৈছে নীতিশৰ পুত্ৰ নিশান্ত; পুৱাই দলীয় নেতাৰ সৈতে বৈঠক

বাবুল সুপ্ৰিয়োকে ধৰি ৰাজ্যসভাৰ ৪ গৰাকী প্ৰাৰ্থীৰ  নাম ঘোষণা টিএমচিৰ…

তৃণমূল কংগ্ৰেছে পশ্চিম বংগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে টিএমচিৰ প্ৰাৰ্থীৰ তালিকাত বাবুল সুপ্ৰিয়ৰ নাম আছে।

তৃণমূল কংগ্ৰেছ (TMC) এ পশ্চিম বংগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ টিএমচি দলটোৱে প্ৰশাসনিক, আইনী আৰু গ্লেমাৰ জগতৰ  এক অনন্য মিশ্ৰণ উপস্থাপন কৰিছে।

টিএমচিয়ে বাবুল সুপ্ৰিয়ো, পশ্চিম বংগৰ প্ৰাক্তন ডিজিপি ৰাজীৱ কুমাৰ,জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামী আৰু বাংলা চলচ্চিত্ৰ অভিনেত্ৰী ক’ৱেল মালিকক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে।

দলটোৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে,এই সকলো প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আশা কৰা হৈছে যে তেওঁলোকে তৃণমূল কংগ্ৰেছৰ সংগ্ৰামী উত্তৰাধিকাৰ আৰু প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ সংকল্পক আগুৱাই লৈ যাব।

ৰাজীৱ কুমাৰে শেহতীয়াকৈ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ শেষৰটো পোষ্টিং পশ্চিম বংগৰ ডিজিপি হিচাপে আছিল।তেওঁক  মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ বিষয়াৰ ভিতৰত গণ্য কৰা হৈছে। ৰাজ্যত কেইবাটাও স্পৰ্শকাতৰ গোচৰৰ সময়ত তেওঁৰ ভূমিকা বাতৰিৰ শিৰোনামত আছিল।

বাংলা চিনেমাৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী ক’ৱেল মালিককো ৰাজ্যসভাৰ বাবে টিএমচিয়ে মনোনীত কৰিছে।তেওঁ বঙালী চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা ৰঞ্জিত মলিকৰ কন্যা।তেওঁ বহু সফল ছবিত কাম কৰি নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।অৱশ্যে এতিয়ালৈকে ক’ৱেল সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছে।

লগতে পঢ়ক: ‘আদালতে মোৰ বিৰুদ্ধে থকা গোচৰটো সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে’; অৰবিন্দ কেজৰিৱাল

‘মমতা বেনাৰ্জীয়ে কৰিছে আতংক,আঁতৰাইছে সকলো প্ৰমাণ’; উচ্চতম ন্যায়ালয়ত ইডিৰ অভিযোগ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে জড়িত এক গোচৰত উচ্চতম ন্যায়ালয়ত বলবৎকাৰী সঞ্চালকালয়ে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে জড়িত এক গোচৰত উচ্চতম ন্যায়ালয়ত বলবৎকাৰী সঞ্চালকালয়ে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

সংস্থাটোৱে নিজৰ শপতনামাত দাবী কৰিছে যে, মমতা বেনাৰ্জীয়ে তদন্তত প্ৰভাৱ পেলাবলৈ প্ৰমাণৰ লগত খেলি-মেলি আৰু গুৰুত্বপূৰ্ণ ডিজিটেল প্ৰমাণ ধ্বংস কৰিলে।

উচ্চতম ন্যায়ালয়ত বুধবাৰ শুনানিৰ সময়ত ইডিৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে, জেনচীক ‘অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰা হোৱা নাই, কিন্তু তেওঁক ‘আতংকিত’ কৰা হৈছে।

ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰ বিচাৰপীঠৰ সন্মুখত দাখিল কৰা শপতনামাত ইডিয়ে অভিযোগ কৰে যে, মমতা বেনাৰ্জীৰ নির্দেশ মতে IPSC ৰ কার্যালয়ত কম্পিউটাৰ ডাটা বেকআপ লোৱাৰ প্রক্রিয়া বন্ধ কৰি দিয়া হ’ল৷ইয়াৰ লগতে,তদন্তৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ চিচিটিভি ফুটেজ আঁতৰাই পেলোৱা হয়।

সংস্থাটোৱে জনোৱা মতে, তদন্তত বাধাৰ সৃষ্টি কৰাৰ লগতে প্ৰমাণ দুৰ্বল কৰাৰ লক্ষ্যৰে এই সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইডিয়ে শপতনামাত অভিযোগ কৰিছে যে মমতা বেনাৰ্জীয়ে নিজৰ জেড+ ছিকিউৰিটি কভাৰ ব্যৱহাৰ কৰি হেঁচা প্ৰয়োগ কৰিছিল আৰু তদন্ত প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিছিল।

সংস্থাটোৱে দাবী কৰিছে যে,ইয়াৰ ফলত তদন্তকাৰী সংস্থাসমূহৰ কাম-কাজত প্ৰভাৱ পৰাৰ লগতে ন্যায্য তদন্তত বাধাৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: “একলা চলো” নীতিৰে উত্তৰ প্ৰদেশ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বি এছ পি; মায়াৱতীৰ ডাঙৰ ঘোষণা

বিএনপিৰ জয়ৰ বাবে মমতা বেনাৰ্জীয়ে জনালে অভিনন্দন; তাৰিক ৰহমানলৈ ফুল আৰু মিঠাই প্ৰেৰণ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশৰ হ’ব লগীয়া প্ৰধানমন্ত্ৰী তাৰিক ৰহমনাক জয়ৰ বাবে শুভেচ্ছা জনাইছে। তাৰিক ৰহমানক ভাতৃ বুলি কৈ শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট।

বাংলাদেশৰ নিৰ্বাচনত তাৰিক ৰহমানৰ দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে ঐতিহাসিক জয় লাভ কৰিছে।১৭ ফেব্ৰুৱাৰীত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব,যাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰপতিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে।

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তাৰিক ৰহমানক ফুল আৰু মিঠাই প্ৰেৰণ কৰি জয়ৰ বাবে অভিনন্দন জনাইছে।

মমতা বেনাৰ্জীৰ এই পদক্ষেপ কেৱল নিৰ্বাচনী জয়ৰ অভিনন্দন জনোৱাই নহয়,ইয়াৰ উপৰিও দুয়োখন দেশৰ সাংস্কৃতিক আৰু ভৌগোলিক সান্নিধ্য শক্তিশালী কৰাৰ প্ৰচেষ্টাও প্ৰকাশ কৰে।

বিএনপিৰ অধ্যক্ষৰ ৰাজনৈতিক কাৰ্যালয়ে জনোৱা মতে, শনিবাৰে বিএনপিৰ অধ্যক্ষৰ ৰাজনৈতিক কাৰ্যালয়ত বিএনপিৰ মিডিয়া চেলৰ সদস্য আতিউৰ ৰহমান ৰুমানে  মমতা বেনাৰ্জীয়ে প্ৰেৰণ কৰা ফুলৰ থোপা আৰু মিঠাই লাভ কৰে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তাৰিক ৰহমানক ‘তাৰিক ভাই’ বুলি অভিহিত কৰি নিৰ্বাচনত জয়ী হোৱাৰ বাবে অভিনন্দন জনালে।

তেওঁ এক্সত লিখিছে যে, “মোৰ সকলো ভাই-ভনী আৰু বাংলাদেশবাসীলৈ আন্তৰিক অভিনন্দন।সকলোলৈ আগতিয়াকৈ ৰমজান মুবাৰক।মোৰ তাৰিক ভাই, তেওঁৰ দল আৰু সকলো দলকে এই মহান জয়ৰ বাবে অভিনন্দন।’

লগতে পঢ়ক: ১৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে; ভাৰত-পাকিস্তানকে ধৰি ১৩খন দেশক নিমন্ত্ৰণ

‘আমি ন্যায় পোৱা নাই’; SIR ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত মমতা বেনাৰ্জী

পশ্চিম বংগত ভোটাৰ তালিকাক লৈ চলি থকা বিবাদে উচ্চতম ন্যায়ালয়ত প্ৰৱেশ কৰিছে। বুধবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আদালতত নিজৰ মতামত দাঙি ধৰে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ব্যক্তিগতভাৱে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ ৰাজ্যখনত চলি থকা SIR প্ৰক্ৰিয়াৰ বিৰুদ্ধে যুক্তি দাঙি ধৰে আৰু আদালতত নিজৰ মতামত দাঙি ধৰে।

ভাৰতৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে SIR প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হয়।

মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত থকা বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছে আৰু আদালতে এই বিষয়ত নিৰ্বাচন আয়োগক জাননী জাৰি কৰিছে।এই গোচৰৰ পৰৱৰ্তী শুনানি ৯ ফেব্ৰুৱাৰী সোমবাৰে অনুষ্ঠিত হ’ব।

বুধবাৰে উচ্চতম ন্যায়ালয়ত মমতা বেনাৰ্জীয়ে কয় যে তেওঁ ন্যায়ৰ বাবে আদালতলৈ আহিছে। কাৰণ তেওঁ ন্যায় পোৱা নাই।

তেওঁ অভিযোগ কৰে যে তেওঁ নিৰ্বাচন আয়োগক সকলো তথ্য জনাইছে,কিন্তু তেওঁৰ কথা কোনোও শুনা নাছিল।এই সন্দৰ্ভত চিজেআইয়ে স্পষ্ট কৰি দিলে যে আপোনাৰ নতুন আবেদনখনত নিশ্চিতভাৱে কিছুমান নতুন বিষয় আছে,কিন্তু যিবোৰ কথা আপোনালেকে কৈ আছে, সেইবোৰ ইতিমধ্যে আপোনাৰ অধিবক্তাই আদালতৰ সন্মুখত দাখিল কৰিছে।

শুনানিৰ সময়ত মমতা বেনাৰ্জীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বানান পৰিৱৰ্তনৰ কথা উল্লেখ কৰি গণতন্ত্ৰ আৰু নাগৰিক অধিকাৰৰ বিষয়ে কয়।

তেওঁ অভিযোগ কৰে যে নিৰ্বাচনৰ ঠিক আগতে পশ্চিম বংগক লক্ষ্য কৰি লোৱা হৈছে আৰু ৰাজ্যত বৃহৎ পৰিসৰত ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱা হৈছে।

লগতে পঢ়ক: ‘বিশ্বাসঘাতক বন্ধু’; ৰৱনীত বিট্টু সন্দৰ্ভত ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্য