মিছলীয়া নিৰ্বাচন আয়োগ! চিইচি জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰি মমতা বেনাৰ্জীৰ বিস্ফোৰণ

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে SIRক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ আয়োগক অহংকাৰী আৰু মিছলীয়া আখ্যা দিয়ে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে SIR বিষয়ক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয়, “ইমান অহংকাৰী আৰু মিছলীয়া নিৰ্বাচন আয়োগ আমি কেতিয়াও দেখা নাই ।” মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰাৰ পিছত মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে বিজেপিৰ নিৰ্দেশত বংগত ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম আঁতৰোৱা হৈছে । এই সময়ত বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লা কাপোৰ পৰিধান কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ মমতা বেনাৰ্জীৰ-

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দলীয় প্ৰতিনিধিৰ সৈতে SIR বিষয় সন্দৰ্ভত চি ই চি জ্ঞানেশ কুমাৰৰ সৈতে বৈঠকত মিলিত হয় । বেনাৰ্জীয়ে উল্লেখ কৰে যে বংগৰ জনসাধাৰণে নিৰ্বাচন আয়োগৰ ওচৰলৈ আহি নিজৰ উদ্বেগ প্ৰকাশ কৰিছে, কিন্তু তেওঁলোকক ভাবুকি দিয়া হৈছে । বংগ ভৱন কমপ্লেক্সৰ বাহিৰত আৰক্ষীৰ মোতায়েনক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ । অৱশ্যে মমতাই লগতে কয় যে তেওঁ আৰক্ষীক নহয়, শীৰ্ষত থকাসকলকহে এই ক্ষেত্ৰত দোষ দিছে ।

ইমান মিছলীয়া নিৰ্বাচন আয়োগ কেতিয়াও দেখা নাই : মমতা বেনাৰ্জী

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, “মই গভীৰ দুখ প্ৰকাশ কৰিছো । মই দিল্লীৰ ৰাজনীতিত বহু দিনৰ পৰা জড়িত হৈ আছো । মই চাৰিবাৰ মন্ত্ৰী আৰু সাতবাৰ সংসদৰ সদস্য হৈছো । ইমান অহংকাৰী আৰু ইমান মিছলীয়া নিৰ্বাচন আয়ুক্ত মই কেতিয়াও দেখা নাই ।”

বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই তেওঁক (মুখ্য নিৰ্বাচন আয়ুক্তক) কৈছিলো যে মই আপোনাৰ পদক সন্মান কৰো কাৰণ কোনো পদ স্থায়ী নহয় । এদিন আপুনি এদিন এই আসন এৰিবই লাগিব । বংগক কিয় টাৰ্গেট কৰা হৈছে ?  নিৰ্বাচন গণতন্ত্ৰত এক উৎসৱ, কিন্তু আপুনি ৫৮ লাখ লোকৰ নাম আঁতৰাই দিলে লগতে তেওঁলোকক নিজকে ৰক্ষা কৰাৰ সুযোগো নিদিলে ।”

৫৮ লাখ লোকৰ নাম আঁতৰোৱা হ’লঃ মুখ্যমন্ত্ৰী মমতা

বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যদি SIR চলাবই লাগিছিল, তেন্তে নিৰ্বাচনমুখী ৰাজ্য বাদ দি সঠিক পৰিকল্পনাৰে কৰিব লাগিছিল, কিন্তু আপুনি এনে নকৰিলে । অসমত বিজেপি চৰকাৰ আছে । অসমত SIR কৰা হোৱা নাই, কিন্তু পশ্চিম বংগ আৰু তামিলনাডুত কৰিছে । আমাৰ সৈতে আপোনালোকে কি কৰিলে ?  ৫৮ লাখ মানুহৰ নাম আঁতৰাই দিলে । ইয়াত বহুত খেলিমেলি হৈছে ।”

লগতে পঢ়ক : ৰাজ্যত পুনৰ হ’ব বিজেপি চৰকাৰ; পুনৰ মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা ! সমীক্ষাত প্ৰকাশ পালে ডাঙৰ তথ্য…

‘আমি ৰেড কাৰ্পেট পাৰি দিছো,তেওঁলোকে ক’লা ৰঙৰে আদৰণি জনাইছে…’;কেন্দ্ৰক তীক্ষ্ণ সমালোচনা মমতা বেনাৰ্জীৰ

দিল্লীৰ ৰাজপথতে মমতা বেনাৰ্জীয়ে কেন্দ্ৰ চৰকাৰক কৰিলে তীক্ষ্ণ সমালোচনা। মমতা বেনাৰ্জীয়ে কয় যে, দিল্লীত তেওঁলোকক ‘ব্লেক কাৰ্পেট’ৰ দৰে ব্যৱহাৰ কৰে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দিল্লীত উপস্তিত হৈ কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।

মমতা বেনাৰ্জীয়ে কয় যে, তেওঁ চাণক্যপুৰী স্থিত বংগ ভৱনলৈ যাব,য’ত বংগৰ পৰা অহা মানুহক লগ কৰিব আৰু দিল্লী আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰৰ খবৰ ল’ব।

মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে ইচ্ছাকৃতভাৱে বংগক বদনাম কৰা হৈছে আৰু কেন্দ্ৰীয় সংস্থাসমূহে বিজেপিৰ নিৰ্দেশমৰ্মে কাম কৰি আছে।

মমতা বেনাৰ্জীয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে যেতিয়া পশ্চিমবংগ ভ্ৰমণ কৰে তেতিয়া ৰাজ্য চৰকাৰে তেওঁক ৰেড কাৰ্পেটেৰে আদৰণি জনায়,কিন্তু যেতিয়া বংগবাসী বা তেওঁলোকৰ প্ৰতিনিধি দিল্লীলৈ আহে তেতিয়া তেওঁলোকক ‘ব্লেক কাৰ্পেট’ৰ দৰে ব্যৱহাৰ কৰা হয়।তেওঁ ইয়াক অপমানজনক আৰু পক্ষপাতিত্বমূলক বুলি অভিহিত কৰে।

মুখ্যমন্ত্ৰীয়ে দিল্লী আৰক্ষীয়ে বংগৰ জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলাইছে বুলিও অভিযোগ উত্থাপন কৰে ।তেওঁ কয় যে আৰক্ষীয়ে ধৈৰ্য ধৰিব লাগে আৰু বংগৰ পৰা অহা লোকক হাৰাশাস্তি কৰা বন্ধ কৰিব লাগে।মমতা বেনাৰ্জীয়ে দাবী কৰে যে বহু ক্ষেত্ৰত নিৰীহ লোকক লক্ষ্য কৰি লোৱা হৈছে।

মমতা বেনাৰ্জীয়ে কয় যে দিল্লী আৰক্ষী আৰু দেশৰ অন্যান্য তদন্তকাৰী সংস্থাসমূহে নিৰপেক্ষভাৱে কাম কৰা নাই।বৰঞ্চ ইয়াক বিজেপিৰ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।গণতন্ত্ৰৰ বাবে এয়া এক বিপদজনক পৰিস্থিতি বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে যদি দেশৰ কোনোৱে অন্যায়ৰ বিৰুদ্ধে থিয় নহয়,তেতিয়াও তেওঁ নিজে যুঁজিব আৰু তেওঁৰ দল তৃণমূল কংগ্ৰেছেও পূৰ্ণ শক্তিৰে যুঁজি যাব।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বংগবাসীৰ সন্মান আৰু অধিকাৰৰ ক্ষেত্ৰত তেওঁ কেতিয়াও কোনো আপোচ হ’বলৈ নিদিয়ে।

মমতা বেনাৰ্জীয়ে কয় যে বংগ ভৱনত তেওঁ এখন সংবাদমেল অনুষ্ঠিত কৰিব য’ত সমগ্ৰ বিষয়টোৰ বিষয়ে তথ্য শ্বেয়াৰ কৰা হ’ব।তেওঁ কয় যে দিল্লীৰ জনসাধাৰণে নাজানে যে পশ্চিম বংগ আৰু বংগৰ জনসাধাৰণৰ লগত কি হৈ আছে।

লগতে পঢ়ক: ‘পশ্চিম বংগক একো নিদিলে’; বাজেটক মমতা বেনাৰ্জীৰ তীক্ষ্ণ সমালোচনা

‘পশ্চিম বংগক একো নিদিলে’; বাজেটক মমতা বেনাৰ্জীৰ তীক্ষ্ণ সমালোচনা

আজি দাখিল কৰা বাজেটক জাবৰ আখ্যা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। বাজেটক লৈ মমতা বেনাৰ্জীয়ে উজাৰিলে ক্ষোভ

দেওবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে।গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেতাসকলে এই বাজেটক মুকলিকৈ প্ৰশংসা কৰিছে,ইয়াক উন্নত ভাৰতৰ দিশত এক শক্তিশালী পদক্ষেপ হিচাপেও আখ্যা দিয়া হৈছে।

ইফালে, কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ নেতাসকলে বাজেটক সমালোচনা কৰিছে।কংগ্ৰেছৰ মুখপাত্ৰ সুৰেন্দ্ৰ ৰাজপুতে বাজেট সন্দৰ্ভত কয় যে অৰ্থনীতিক খাৱৈ লৈ ঠেলি দিয়াৰ পিছতহে চৰকাৰে মানি ল’ব।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে এই বাজেটত বংগক একো দিয়া হোৱা নাই আৰু এই বাজেট দিশহীন।মমতা বেনাৰ্জীয়ে অৰ্থনৈতিক কৰিডৰৰ ঘোষণাকো জাবৰ বুলি অভিহিত কৰে।

আনহাতে কংগ্ৰেছে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰি কয় যে মোদীৰ ভুৱা বাজেটৰ বাবেই শ্বেয়াৰ বজাৰ স্তব্ধ হৈ পৰিছে।

লগতে পঢ়ক: সস্তা হ’ল জোটা, বৃদ্ধি পালে সুৰাৰ দাম; কি কি আছে বাজেটত?

“শাৰদ পাৱাৰৰ দললৈ ঘূৰি যাব বিচাৰিছিল অজিত পাৱাৰ”; মমতা বেনাৰ্জীৰ চাঞ্চল্যকৰ মন্তব্য

উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক আচৰিত মন্তব্য কৰিছে।

বিমান দুৰ্ঘটনাত উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

মমতা বেনাৰ্জীয়ে কৈছে যে, “অজিত পাৱাৰ, শাৰদ পাৱাৰৰ দললৈ পুনৰ উভতি যাব বিচাৰিছিল। গতিকে বিমান দুৰ্ঘটনাটোৰ ভালদৰে তদন্ত হ’ব লাগে। এজেন্সীবোৰ বিক্ৰী হৈ গৈছে,সেয়ে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত হ’ব লাগে।”

মমতা বেনাৰ্জীয়ে লগতে কয় যে, “কেইদিনমানৰ পিছতেই অজিত পাৱাৰ নিজৰ পুৰণি ফৈদলৈ ঘূৰি যাবলৈ ওলাইছিল।কিন্তু তাৰ পূৰ্বেই দুৰ্ঘটনাটো সংঘটিত হ’ল। দেশত জনতাৰ কোনো নিৰাপত্ত নোহোৱা হৈছে”।

“প্ৰথমে আহমেদাবাদত ইমানবোৰ মানুহে প্ৰাণ হেৰুৱালে আৰু এতিয়া অজিত পাৱাৰে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে।দেশৰ মুখ্যমন্ত্ৰীয়ে  সময়ৰ অভাৱৰ বাবে চাৰ্টাৰ্ড বিমানেৰে যাত্ৰা কৰে, গতিকে তেওঁলোকৰ সুৰক্ষাৰ কথা কি ক’ব?”

“এই দুৰ্ঘটনাটোক লৈ আমি অতিশয় বিচলিত হৈছো।তাক ক’বলৈ আমাৰ ওচৰত ভাষা নাই। উচ্চতম ন্যায়ানয়ৰ নিৰিক্ষণত তদন্ত হ’ব লাগে”।

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৰ পিছতে মমতা বেনাৰ্জীৰ এই চাঞ্চল্যকৰ মন্তব্যই ৰাজনীতিক ক্ষেত্ৰত হাহাকাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এটা অধ্যায়ৰ অন্ত; অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

IPAC ৰ অভিযান গোচৰত মমতা চৰকাৰক মোক্ষম আঘাত; ED ৰ বিৰুদ্ধে FRI ত স্থগিতাদেশ

IPAC ৰ অভিযানৰ গোচৰত ED এ উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পাইছে ।আদালতে বিষয়াসকলৰ বিৰুদ্ধে ৰুজু হোৱা এফআইআৰত স্থগিতাদেশ জাৰি কৰিছে।

ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান IPAC ৰ ওপৰত চলোৱা অভিযানত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে পশ্চিম বংগ চৰকাৰ।

উচ্চতম ন্যায়ালয়ে এই বিষয়ত ইডিৰ আবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতালৈ জাননী জাৰি কৰিছে।জানিব পৰা মতে উচ্চতম ন্যায়ালয়ে মমতা চৰকাৰ আৰু ডিজিপিলৈ জাননী জাৰি কৰিছে।

ইয়াৰ উপৰিও ইডিৰ বিষয়াৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা এফআইআৰও স্থগিত কৰি দিয়া হয়।এই স্থগিতাদেশ গোচৰৰ পৰৱৰ্তী শুনানিলৈকে থাকিব।এতিয়া এই আবেদনৰ পৰৱৰ্তী শুনানি ৩ ফেব্ৰুৱাৰীত হ’ব।

সমগ্ৰ বিষয়টোক লৈ আজি উচ্চতম ন্যায়ালয়ত এক উত্তপ্ত বিতৰ্ক দেখা যায়।ইডিয়ে উচ্চতম ন্যায়ালয়ত জনোৱা মতে, অভিযানৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যিক আৰক্ষীয়ে তদন্তত বাধা আৰোপ কৰিছিল।

একে সময়তে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ইডিৰ হৈ যুক্তি দিওঁতে কয়,আৰক্ষীৰ সহযোগত মুখ্যমন্ত্ৰীয়ে তদন্তত বাধা প্ৰদান কৰে,ইয়াৰ উপৰিও প্ৰমাণ চুৰিও কৰিছিল।এই সমগ্ৰ বিষয়টোক উচ্চতম ন্যায়ালয়ে অতি গুৰুতৰ বুলি অভিহিত কৰিছে।

এই শুনানিৰ সময়ত আদালতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বংগৰ ডিজিপি, পশ্চিম বংগ চৰকাৰ আৰু কলকাতাৰ উপায়ুক্তলৈ জাননী জাৰি কৰিছে।

লগতে পঢ়ক: এতিয়াৰে পৰা NIA এ কৰিব বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তদন্ত…

‘জন্মদিনৰ শুভেচ্ছা দিদি’; প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দিলে জন্মদিনৰ শুভেচ্ছা

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে জন্মদিনৰ শুভেচ্ছা…

৫ জানুৱাৰী সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৭১ সংখ্যক জন্মদিন উদযাপন কৰিছে।ইয়াৰ বাবে বিভিন্ন দলৰ নেতা আৰু ৰাইজে তেওঁক অভিনন্দন জনাইছে।

এই উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীক জন্মদিনৰ শুভেচ্ছা জনায়।

সামাজিক মাধ্যম X ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা দিদিলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনাইছো।

লগতে পঢ়ক: ‘সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত ডি এম কে চৰকাৰ’; অমিত শ্বাহ

মমতাৰ বিৰুদ্ধে যুদ্ধংদেহি ৰূপত হুমায়ুন কবীৰ… গঠন কৰিলে নতুন ৰাজনৈতিক দল

নতুন ৰাজনৈতিক দল গঠন কৰিয়েই মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ চলায় হুমায়ুন কবীৰে । তেওঁ বিধানসভা নিৰ্বাচনত টি এম চিয়ে ১০০খন আসনো লাভ নকৰে বুলি দাবী কৰে ।

নিলম্বিত তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবীৰে বংগত গঠন কৰিলে নতুন ৰাজনৈতিক দল । সোমবাৰে বেলডাংগাত বিশাল ৰাজহুৱা সমাৱেশত কবীৰে আনুষ্ঠানিকভাৱে তেওঁৰ নতুন দল জনতা উন্নয়ন পাৰ্টি গঠনৰ কথা ঘোষণা কৰে ।

বাবৰি মছজিদৰ আৰ্হিত মছজিদৰ আধাৰশিলা স্থাপন কৰাৰ অভিযোগত নিলম্বিত হোৱা হুমায়ুন কবীৰে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত টি এম চিয়ে ১০০খন আসনো লাভ নকৰে বুলি দাবী কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনায় । লগতে এইবাৰ মমতা বেনাৰ্জীয়ে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি নিশ্চয়তা প্ৰদান কৰে হুমায়ুন কবীৰে ।

মুৰ্ছিদাবাদৰ দুখন আসন বেলদাংগা আৰু ৰাজনগৰৰ পৰা তেওঁ নিজে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে কবীৰে । তেওঁ মমতা বেনাৰ্জীক এতিয়া সাধাৰণ মানুহৰ পৰা আতৰ হৈ পৰিছে বুলি তীব্র আক্ৰমণ চলায় ।

কবীৰে মুৰ্ছিদাবাদ আসনৰ পৰা হিন্দু মহিলা প্ৰাৰ্থী মনীষা পাণ্ডে আৰু কলকাতাৰ বালিগুংগ আসনৰ পৰা নিশা চেটাৰ্জীক মনোনয়ন দিয়াৰ কথাও ঘোষণা কৰে, যাতে তেওঁলোকে ধৰ্মনিৰপেক্ষ ভাবমূৰ্তি দাঙি ধৰিব পাৰে । মুৰ্ছিদাবাদত বাবৰি মছজিদ সদৃশ মছজিদ নিৰ্মাণৰ কথা ঘোষণা কৰাৰ পিছতে যোৱা ৪ ডিচেম্বৰত টি এম চিয়ে নিলম্বন কৰিছিল কবীৰক । ৬ ডিচেম্বৰত তেওঁ ৰেজিনগৰত মছজিদৰ আধাৰশিলা স্থাপন কৰি বিতৰ্কক আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল ।

লগতে পঢ়ক : মমতা বেনাৰ্জীৰ ভেটি কঁপাই পশ্চিমবংগত হুমায়ুন কবীৰৰ বৃহৎ ঘোষণা…

মমতা বেনাৰ্জীৰ ভেটি কঁপাই পশ্চিমবংগত হুমায়ুন কবীৰৰ বৃহৎ ঘোষণা…

পশ্চিম বংগৰ ৰাজনীতি কঁপাই এক বৃহৎ ঘোষণা কৰিছে হুমায়ুন কবীৰে। সোমবাৰে পশ্চিম বংগৰ ৰাজনীতিত উন্মেষ ঘটিব পাৰে এটা নতুন দলে !

নিলম্বিত তৃণমূল কংগ্ৰেছ নেতা হুমায়ুন কবীৰে পশ্চিম বংগৰ ৰাজনীতি কঁপাই এক বৃহৎ ঘোষণা কৰিছে । নতুন দল গঠন কৰি ৰাজ্যৰ ২৯৪খন বিধানসভাৰ আটাইকেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে কবীৰে । লগতে নিজকে কিং মেকাৰৰ ভূমিকাতো দেখা পোৱা বুলি উল্লেখ কৰিছে হুমায়ুন কবীৰে

সোমবাৰে মুৰ্ছিদাবাদত আনুষ্ঠানিকভাৱে নিজৰ নতুন ৰাজনৈতিক দল খুলিবলৈ সাজু হৈছে হুমায়ুন কবীৰ । আনকি দল গঠনৰ পূৰ্বে তেওঁ স্পষ্টকৈ কৈছে যে তেওঁৰ দলে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে সকলো আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । তেওঁ এতিয়াও নিজৰ দলৰ নাম প্ৰকাশ নকৰিলেও এখন টেবুলকে ধৰি তিনিটা নিৰ্বাচনী প্ৰতীকৰ বাবে নিৰ্বাচন আয়োগক আবেদন জনাইছে ।

বিজেপি আৰু টি এম চিক জনাব প্ৰত্যাহ্বান-

কবীৰে কয় যে বংগত তেওঁৰ যুঁজখন বিজেপি আৰু টি এম চি দুয়োটা দলৰ বিৰুদ্ধে হ’ব । কংগ্ৰেছ, চি পি আই(এম), ওৱেইছিৰ দলৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা নুই কৰিব নোৱাৰিও বুলিও তেওঁ ইংগিত দিছে ।

ইফালে, মুৰ্ছিদাবাদৰ বিভিন্ন স্থানত হুমায়ুন কবীৰৰ নতুন দলৰ বিজ্ঞাপনৰ পোষ্টাৰ ওলাবলৈ আৰম্ভ কৰিছে । মিৰ্জাপুৰ অঞ্চলত এক বৃহৎ অনুষ্ঠানৰ বাবেও মঞ্চ প্ৰস্তুত কৰা হৈছে, য’ত প্ৰায় চাৰি লাখ লোক সমবেত হ’ব পাৰে বুলি দাবী কৰা হৈছে ।

মুৰ্ছিদাবাদত ১০খন আসন লাভ কৰাৰ দাবী-

মুৰ্ছিদাবাদৰ ২২খন বিধানসভাৰ আসনৰ ভিতৰত কমেও ১০খন আসনত জয়ী হোৱাৰ দাবী কৰিছে হুমায়ুন কবীৰে । বৰ্তমান জিলাখনৰ ২২খন আসনৰ ভিতৰত ২০খন আসন টি এম চিৰ দখলত আছে আৰু বিজেপিৰ দখলত দুখন আসন আছে । উল্লেখ্য যে, অহা বছৰ পশ্চিম বংগত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহ সাজু হৈছে ।

লগতে পঢ়ক : অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সংস্থাপন দিব বিচাৰিছে কংগ্ৰেছে… নামৰূপৰ জনসভাত কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

কলকাতাৰ ঘটনাক লৈ মেছীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

মেছীৰ ওচৰত ক্ষমা বিচাৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ।

-কলকাতাৰ ঘটনাক লৈ মেছীৰ ওচৰত ক্ষমা খুজিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

-কলকাতাৰ চল্টলেক ষ্টেডিয়ামলৈ আমন্ত্ৰণ জনাইছিল কিংবদন্তী ফুটবলাৰ মেছীক

-মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি

-মাত্ৰ ১০ মিনিটতে মেছীয়ে ত্যাগ কৰিছিল ষ্টেডিয়াম

-ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে মেছীক চাবলৈ অহা দৰ্শক

-মেছীয়ে ষ্টেডিয়াম ত্যাগ কৰাৰ পিছতেই দৰ্শকে লণ্ড-ভণ্ড কৰে ষ্টেডিয়াম

-হাজাৰ হাজাৰ টকা খৰচ কৰি দৰ্শকে চাবলৈ আহিছিল মেছীক

-মেছীক আমন্ত্ৰণ কৰি এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বাবে ক্ষমা বিচাৰিছে মমতা বেনাৰ্জীয়ে

-এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে তদন্ত কমিটি

-অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অসীম কুমাৰ ৰয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবক লৈ গঠন কৰা হৈছে এই কমিটি

লগতে পঢ়ক : ৰণক্ষেত্ৰলৈ পৰিণত হ’ল খেলপথাৰ, ফুটবল সম্ৰাটক চাবলৈ নাপায় অনুৰাগীৰ তাণ্ডৱ