‘আপোনালোকৰ পাকঘৰত অস্ত্ৰ-সস্ত্ৰ আছেই’; বংগত SIRৰ মাজতে মমতা বেনাৰ্জীৰ প্ৰৰোচনামূলক মন্তব্য

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক বিস্ফোৰক মন্তব্যল কৰিছে। ৰাজ্যৰ মহিলা সকলক পাকঘৰত ৰখা সামগ্ৰীক অস্ত্ৰ-সস্ত্ৰ বুলি ভাবিব কৈছে।

SIR সন্দৰ্ভত পশ্চিম বংগত ৰাজনীতি উত্তপ্ত হৈ পৰিছে।ইয়াৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যৰ মহিলাসকলক কয় যে, যদি ভোটাৰ তালিকা পুনৰীক্ষণৰ সময়ত তেওঁলোকৰ নাম আঁতৰাই দিয়া হয়, তেন্তে পাকঘৰত ৰখা সামগ্ৰীৰ সৈতে তেওঁলোক সাজু হ’ব লাগে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে SIRৰ সময়ত ডি এমৰ কাম-কাজ নিৰীক্ষণ কৰিবলৈ দিল্লীৰ পৰা নিৰ্বাচন আয়োগে বিজেপি সমৰ্থক বিষয়াক প্ৰেৰণ কৰিছে ।

বংগৰ কৃষ্ণনগৰত এক সভাত ভাষণ দি তেওঁ কয়, “নিৰ্বাচনৰ সময়ত যদি দিল্লীৰ পৰা আৰক্ষীক মাতি অনা হ’ব আৰু মাতৃ-ভগ্নীক ভয় খুৱাব”।

“যদি আপোনাৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হয় তেন্তে সহ্য নকৰিব।পাকঘৰত আপোনাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আছে। মহিলাসকলে সন্মুখত যুঁজিব, আৰু পুৰুষসকলে তেওঁলোকৰ পিছফালে থিয় হ’ব। “

তেওঁ আৰু কয় যে, “প্ৰয়োজন হ’লে আমি সকলোৱে ঘৰতে গীতা পাঠ কৰো।তেনেহ’লে ৰাজহুৱা সভাৰ আয়োজন কিয়? ঈশ্বৰ হৃদয়ত বাস কৰে, যিসকলে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে,তেওঁলোকে নিজৰ হৃদয়তেই প্ৰাৰ্থনা কৰে।”

“ৰমজান আৰু দুৰ্গা পূজাৰ সময়ত আমি সকলোৱে একেলগে নামাজ পঢ়ো।গীতাক লৈ যিসকলে হুলস্থুল কৰি আছে,মই সেই সকলক সুধিব বিচাৰিছো যে, ভগৱান শ্ৰীকৃষ্ণই কি কৈছিল। ধৰ্ম মানে পবিত্ৰতা, মানৱতা আৰু শান্তি, হিংসা, বৈষম্য আৰু বিভাজন নহয়।”

তেওঁ বিজেপিক লক্ষ্য কৰি লৈ কয় যে, “এতিয়া দাঙ্গাকাৰীৰ দলৰ আগত মোৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন আছেনে?”

কেন্দ্ৰীয় চৰকাৰে বাঙালীক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি বেনাৰ্জীয়ে কয়, “আমাৰ মাজত এজন গৃহমন্ত্ৰী আছে, যিয়ে সকলো বঙালী লোকক বাংলাদেশী সজাই সেই সকলক ডিটেনচন চেণ্টাৰলৈ পঠিয়াবলৈ যিকোনো কাম কৰিব পাৰে, কিন্তু আমি কাকো পশ্চিম বংগৰ পৰা ওলাই যাব নিদো। যদি কাৰোবাক বলপূৰ্বকভাৱে উচ্ছেদ কৰা হয়, তেন্তে আমি ভালদৰে জানো যে তেওঁক কেনেকৈ ঘূৰাই আনিব পাৰি।”

লগতে পঢ়ক: ইভিএম নহয়, হৃদয় হেক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে… লোকসভাত গৰজি উঠিল কংগনা ৰানাৱট

“মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে”; বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰ বিস্ফোৰক মন্তব্য

দলৰ পৰা বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰ বিস্ফোৰক মন্তব্য,”মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে”

পশ্চিম বংগত বিধায়ক হুমায়ুন কবীৰক লৈ ৰাজনীতি উত্তপ্ত হৈ আছে। কাৰণ মুৰ্ছিদাবাদৰ ভাৰতপুৰ আসনৰ বিধায়ক হুমায়ুন কবীৰে বাবৰি মছজিদ নিৰ্মাণ সন্দৰ্ভত তেওঁ দিয়া বক্তব্যত স্থিৰ হৈ আছে আৰু এতিয়া এই সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

বিধায়ক গৰাকীক তৃণমূল কংগ্ৰেছে নিলম্বন কৰিলে ।ইয়াৰ পিছত,বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত আহি মমতা বেনাৰ্জীক পোনপটীয়াকৈ আক্ৰমণ কৰে।

তেওঁ দাবী কৰিছে যে মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ বাবে কাম কৰি আছে।তেওঁ প্ৰশ্ন কৰে যে মই ১২-১৩ বছৰ পাৰ্টিত আছো। দলৰ ইমান সেৱা কৰিলো, ইয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হ’ল?

তৃণমূল কংগ্ৰেছৰ পৰা নিলম্বিত হোৱাৰ পিছত বিধায়ক কবীয়ে কয়,”যেতিয়া তেওঁ প্ৰথম ক্ষমতালৈ আহিছিল,তেওঁলোকে ১৮২ খন আসন পাইছিল।তেতিয়া মোক তেওঁৰ প্ৰয়োজন আছিল”।

“তাৰ পিছত মোক পাৰ্টিত অন্তৰ্ভুক্ত কৰা হ’ল। তাৰ পিছত মই দলৰ বাবে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিলো।১২-১৩ বছৰ মোৰ লগত কিয় এনে কৰা হ’ল? মোক কিয় দলত অন্তৰ্ভুক্ত কৰা হ’ল?”

“আজি, মুখ্যমন্ত্ৰীয়ে মানুহৰ পৰা চান্দা লৈ জগন্নাথ মন্দিৰ নিৰ্মাণ কৰে,আৰু দুৰ্গা পূজাৰ বাবে দান দিয়ে। ইফালে,মুছলমান ইমামক ৩ হাজাৰ টকা ভাট্টা দিয়া হয়।”

” আৰু যদি সকলো ভাট্টা যোগ কৰো তেতিয়াহলে তেওঁলোকক মাত্ৰ ৫৪ হাজাৰ টকাহে দিয়া হৈছে।আনহাতে দুৰ্গা পূজা সমিতিসমূহক প্ৰতি বছৰে ১ লাখ ১০ হাজাৰ টকা দিয়া হয়।এইদৰে মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে।”

লগতে পঢ়ক: ‘ৰাহুল গান্ধীয়ে বিজেপিত যোগদান কৰক…’; বিৰোধী দলপতিক তীব্ৰ সমালোচনা কংগনা ৰানাৱটৰ

‘আজি ক্ষমতাত আছে, কাইলৈ নাথাকিবও পাৰে…’; মোদী চৰকাৰক গৰ্জন মমতা বেনাৰ্জীৰ

SIR বিৰোধী সভাত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মালদা জিলাৰ গাজোলেত অনুষ্ঠিত SIR বিৰোধী সভাত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

তেওঁ কয় যে কেন্দ্রই ৰাজ্যক দিবলগীয়া উচিত ধন নিদিয়ে আৰু GST ৰ পিছত এতিয়া চিগাৰেট টেক্সো নিজৰ ওচৰত ৰাখিবলৈ চেষ্টা কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াক “জৰুৰীকালীন অৱস্থাৰ দৰে পৰিৱেশ” বুলি অভিহিত কৰিছে।

সভাত ভাষণ দি মমতা বেনাৰ্জীয়ে কয় যে, ‘তেওঁ গজোলেত ৰে’ল লাইন সম্পূৰ্ণ কৰিছে।আগতে ইয়াত নিয়মিত বানপানী হৈছিল’।

‘আপোনালোকৰ মনত আছেনে? মই ইয়ালৈ ভোট বিচাৰি অহা নাই।মই আপোনালোকৰ চিন্তা দূৰ কৰিবলৈ আহিছো। ভয় নকৰিব, শান্তিত থাকক।’

মুখ্যমন্ত্ৰী গৰাকীয়ে মোদী চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি কয় যে, ‘কেন্দ্ৰই ধন নিদিয়ে। এতিয়া মাত্ৰ এটা কৰ আছে, GST কৰ।কেন্দ্ৰই সকলো কৰ সংগ্ৰহ কৰে।এতিয়া শুনিছো চিগাৰেটৰ কৰো তেওঁলোকে ল’ব’।

‘তেওঁলোকে সমগ্ৰ দেশ খনতে দখল কৰিছে।এইটো জৰুৰীকালীন পৰিৱেশৰ দৰে। যদি আপুনি জৰুৰীকালীন জাপি দিব বিচাৰে তেন্তে মনত ৰাখিব,আপুনি চিৰদিনৰ বাবে ক্ষমতাত নাথাকিব।আজি আপোনালোক ক্ষমতাত আছে কাইলৈ নাথাকিবও পাৰে’।

লগতে পঢ়ক: চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল নেহৰুৱেঃ ৰাজনাথ সিং  

প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখি ক্ষোভ উজাৰিলে মমতা বেনাৰ্জীয়ে

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ মমতা বেনাৰ্জী

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্তক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ৰাজ্য চৰকাৰৰ পৰামৰ্শ নোলোৱাকৈ দাৰ্জিলিং হিলছ, তেৰাই আৰু দুআৰছ অঞ্চলৰ গোৰ্খাসকলৰ সৈতে জড়িত বিষয়সমূহ আলোচনাৰ বাবে এজন “মধ্যস্থতাকাৰী” নিযুক্তি দিয়াটো ফেডাৰেল সহযোগিতাৰ মনোভাৱৰ বিপৰীত বুলি কয় তেওঁ ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ পত্ৰত লিখিছে, “ভাৰত চৰকাৰে গোৰ্খা বিষয়ত আলোচনাৰ বাবে পংকজ কুমাৰ সিং, আই পি এছ (অৱসৰপ্ৰাপ্ত)ক মধ্যস্থতাকাৰী হিচাপে নিযুক্তি দিছে । এই সিদ্ধান্ত পশ্চিম বংগ চৰকাৰৰ সৈতে কোনো ধৰণৰ পৰামৰ্শ বা আলোচনা নকৰাকৈয়ে লোৱা হৈছে, যদিও সমগ্ৰ বিষয়টো পোনপটীয়াকৈ ৰাজ্য প্ৰসাশন, শান্তি আৰু দাৰ্জিলিঙৰ গোৰ্খালেণ্ড টেৰিটৰিয়েলৰ এডমিনিষ্ট্ৰেশ্যনৰ সুশাসনৰ সৈতে পোনপটীয়াকৈ জড়িত ।”

মুখ্যমন্ত্ৰী মমতা পত্ৰখনত সোঁৱৰাই দিয়ে যে ২০১১ চনৰ ১৮ জুলাইত দাৰ্জিলিঙত ভাৰত চৰকাৰ, পশ্চিম বংগ চৰকাৰ আৰু গোৰ্খা জনমুক্তি মৰ্চাৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিৰ পিছতে গোৰ্খালেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচন (জি টি এ) প্ৰতিষ্ঠা কৰা হৈছিল । এই চুক্তি স্বাক্ষৰিত হৈছিল তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে গোৰ্খা জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক, ভাষিক প্ৰগতি সুনিশ্চিত কৰাৰ লগতে পাহাৰীয়া অঞ্চলত শান্তিপূৰ্ণ সহাৱস্থানৰ মনোভাৱ বজাই ৰখাৰ উদ্দেশ্যেৰে জি টি এ গঠন কৰা হৈছিল । তেওঁ লগতে কয় যে বিগত দশকত ৰাজ্য চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাই দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া অঞ্চলসমূহত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তুলিছে ।

লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ পত্ৰৰ সামৰণিত প্ৰধানমন্ত্ৰী মোদীক এই নিযুক্তিৰ আদেশ পুনৰ বিবেচনা কৰি বাতিল কৰিবলৈ আহ্বান জনায়, যাতে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত পাৰস্পৰিক সন্মান আৰু ফেডাৰেল মনোভাৱ অটুট থাকে । লগতে তেওঁ প্ৰধানমন্ত্ৰীক দীপাৱলীৰ শুভেচ্ছা জনাই কয় যে আমি সকলোৱে শান্তি, সহযোগিতা, আৰু সাংবিধানিক মনোভাৱেৰে আগবাঢ়িব লাগিব ।

লগতে পঢ়ক : বিহাৰ নিৰ্বাচন : বিজেপিয়ে প্ৰকাশ কৰিলে ১৮ জনীয়া তৃতীয়খন প্ৰাৰ্থীৰ তালিকা

‘ছোৱালীবোৰক ৰাতি বাহিৰলৈ যাব দিয়া উচিত নহয়…’; দলবদ্ধ ধৰ্ষক লৈ মমতা বেনাৰ্জীৰ বিস্ফোৰণ

দলবদ্ধ ধৰ্ষক লৈ মমতা বেনাৰ্জীৰ বিস্ফোৰণ

পশ্চিমবংগৰ দুৰ্গাপুৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তিনিজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও দুজন এতিয়াও পলাতক অৱস্থাত আছে।ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক অতি অৰ্থহীন বক্তব্য দিছে।

মমতা বেনাৰ্জীয়ে কৈছে যে, ছোৱালীবোৰক ৰাতি বাহিৰলৈ ওলাই যাবলৈ দিয়া উচিত নহয়। বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰক এই বিষয়ত টানি অনাটো সঠিক নহয় কাৰণ ছোৱালীজনীৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব চিকিৎসা মহাবিদ্যালয়খনৰ আছিল।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিশেষকৈ ছোৱালীবোৰক ৰাতি বাহিৰলৈ ওলাই যাবলৈ দিয়া উচিত নহয়। তেওঁলোকেও নিজকে ৰক্ষা কৰিব লাগে।

মমতাই এই কাণ্ডক আচৰিত বুলি অভিহিত কৰি কয় যে এই ঘটনাৰ লগত জড়িতসকলক ৰেহাই দিয়া নহ’ব। এই ধৰণৰ অপৰাধৰ প্ৰতি আমাৰ শূন্য সহনশীলতা নীতি আছে।

তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে আনক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে।কাকো ৰেহাই দিয়া নহ’ব। তেওঁ কয় যে ই এখন ব্যক্তিগত মহাবিদ্যালয়।

তিনি সপ্তাহ পূৰ্বে ওড়িশাৰ এখন সাগৰৰ পাৰত তিনিগৰাকী ছোৱালীক ধৰ্ষণ কৰা হৈছিল।ওড়িশা চৰকাৰে তাত কি ব্যৱস্থা গ্ৰহণ কৰিছে? এই ছোৱালীজনীয়ে ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত পঢ়িছিল।

তেওঁ নিশা ১২:৩০ বজাত কেনেকৈ বাহিৰলৈ ওলাব পাৰিলে? মই জনাত এই ঘটনাটো বনাঞ্চলত সংঘটিত হৈছিল। তাত কি হ’ল মই নাজানো।

ছোৱালীৰ সুৰক্ষাৰ প্ৰতি মহাবিদ্যালয়বোৰ সজাগ হ’ব লাগে আৰু ৰাতি কলেজৰ পৰা ওলাই যাব দিব নালাগে। সেই অঞ্চলটো হাবিখনৰ ওচৰতে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সকলোকে সোধা-পোছা কৰিছে । কাকো ৰেহাই দিয়া নহ’ব। দোষীক কঠোৰ শাস্তি দিয়া হ’ব।

লগতে পঢ়ক: কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ…

পশ্চিম বংগ বিধানসভাত প্ৰচণ্ড হুলস্থুল; ৫ বিজেপি বিধায়কক নিলম্বন

পশ্চিম বংগ বিধানসভাত প্ৰচণ্ড হুলস্থুল

বুধবাৰে পশ্চিম বংগ বিধানসভাত এক প্ৰচণ্ড হুলস্থুলৰ সৃষ্টি হয়। বিধানসভা চলি থকাৰ মাজতে বিজেপি আৰু টিএমচিৰ বিধায়কৰ মাজত সংঘৰ্ষ হয়।

সংখ্যালঘুৰ সৈতে জড়িত এখন বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়তে সংঘৰ্ষটো আৰম্ভ হয়।এই হুলস্থুলৰ বাবে বিধানসভাৰ অধ্যক্ষই মাৰ্শ্বালক মাতিব লগা হ’ল।

ইয়াৰ মাজতে বিজেপিৰ মুখ্য হুইপ শংকৰ ঘোষক বিধানসভাৰ পৰা নিলম্বন কৰা হয়। তেওঁৰ উপৰিও আৰু চাৰিজন বিজেপি বিধায়ককো নিলম্বন কৰা হয়।বিশৃংখলতাৰ মাজতে শংকৰ ঘোষৰ স্বাস্থ্যৰ অৱনতি ঘটে, তাৰ পিছত লগে লগে তেওঁক চিকিৎসা প্ৰদান কৰা হয়।

এই ঘটনাৰ বাবে বিজেপিৰ বাংকিম ঘোষ, অশোক দিণ্ডা, অগ্নিমিত্ৰ পাল, শংকৰ ঘোষ, মিহিৰ গোস্বামীক নিলম্বন কৰা হৈছে।

এই হুলস্থুলৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ উচ্চতম মমতা বেনাৰ্জীয়ে বিধানসভাত বিজেপিক তীব্ৰ লক্ষ্য কৰি লয়।তেওঁ বিজেপিক ‘ভোট চোৰৰ দল’ বুলি অভিহিত কৰি কয়, ‘বিজেপি দেশৰ বাবে বদনাম।’

‘এই লোকসকলে বংগৰ বাংলা ভাষা আৰু সংস্কৃতিক আক্ৰমণ কৰিছে।বংগৰ জনসাধাৰণে স্বাধীনতাৰ সংগ্ৰামত নিজৰ তেজ বোৱাইছিল, সেই সময়ত বিজেপিৰ জন্মও হোৱা নাছিল।’

মমতাই বিজেপিক বংগ আৰু বঙালীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে,’এই মানুহবোৰে বঙালীক অত্যাচাৰ কৰি আছে।’

‘সংসদত আমি দেখিলোঁ যে কেনেকৈ বিজেপিয়ে চিআইএছএফৰ জৰিয়তে আমাৰ সাংসদসকলক হাৰাশাস্তি কৰিছিল।’

‘মই কওঁ,এনে এটা দিন আহিব যেতিয়া বংগৰ ৰাইজে বিজেপিক ভোট নিদিব আৰু তেওঁলোকৰ এজনো বিধায়ক বিধানসভাত নাথাকিব।’

বিজেপিক আক্ৰমণ কৰি মমতাই কয়,’তোমালোকে দেশক ছিন্নভিন্ন কৰি আছা।ধৰ্মক লৈ শ্লোগান দিয়া কিন্তু ভগৱান আল্লাহে আপোনালোকক ক্ষমা নকৰে।’

লগতে পঢ়ক: CAA ৰ অধীনত এতিয়ালৈকে অসমত ৩ জনেহে লাভ কৰিছে নাগৰিকত্বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে… মমতা বেনাৰ্জীৰ অভিযোগৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ

আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে । এই বিবাদ অসমত অনুপ্ৰৱেশ, ভাষিক পৰিচয় আৰু এন আৰ চিৰ দৰে বিষয়ক লৈ সৃষ্টি হৈছে । শনিবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীক প্ৰত্যুত্তৰ দিয়ে । তেওঁ কয়, ‘আমি নিজৰ মানুহৰ লগত যুঁজ দিয়া নাই । আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে, যিয়ে অসমৰ জনসংখ্যাৰ ভাৰসাম্য বিঘ্নিত কৰি তুলিছে । বহু জিলাত হিন্দুসকল এতিয়া নিজৰ ঘৰতে সংখ্যালঘু হৈ পৰিছে ।’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘এয়া কোনো ৰাজনৈতিক বক্তব্য নহয়, ই এক বাস্তৱ । উচ্চতম ন্যায়ালয়েও ইয়াক বাহ্যিক আগ্ৰাসন বুলি গণ্য কৰিছে । কিন্তু যেতিয়া আমি আমাৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিবলৈ চেষ্টা কৰো তেতিয়া কিছুমান মানুহে ইয়াক ৰাজনীতি কৰি তোলে ।’  মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমত সকলো ভাষা আৰু জনগোষ্ঠী একেলগে বাস কৰে, কিন্তু সীমান্ত আৰু সাংস্কৃতিক মূল্যবোধ ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ ।

ইয়াৰ পূর্বে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াত কয় যে, ‘ভাৰতত বাংলা ভাষা দ্বিতীয় সর্বাধিক কথিত ভাষা আৰু অসমতো ইয়াৰ বৃহৎ স্থান আছে ৷ কিন্তু অসমৰ বাংলাভাষীক লক্ষ্য কৰি লৈছে বিজেপিয়ে । এইটো সম্পূৰ্ণ অসাংবিধানিক আৰু বিভাজনকাৰী ।’ বিজেপি চৰকাৰে অসমৰ বাংলাভাষীসকলক ভয় খুৱাবলৈ চেষ্টা চলাইছে, তেওঁলোকৰ ভাষা আৰু পৰিচয় নাইকিয়া কৰি আছে বুলি অভিযোগ উত্থাপন কৰে মমতা বেনাৰ্জীয়ে । মুখ্যমন্ত্ৰী মমতাই কয় যে তেওঁ নিজৰ ভাষা, সংস্কৃতি আৰু গণতান্ত্ৰিক অধিকাৰৰ বাবে যুঁজ দিয়া প্ৰতিজন নাগৰিকৰ লগত আছে ।

তৃণমূল কংগ্ৰেছৰ ট্ৰেড ইউনিয়ন INTTUC য়ে শিলিগুৰিত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে । তেওঁলোকে অভিযোগ কৰে যে বিজেপি শাসিত ৰাজ্যত বাংলাভাষী লোকক হাৰাশাস্তি কৰা হৈছে আৰু তেওঁলোকক প্ৰব্ৰজনকাৰী বুলি অভিহিত কৰি আঁতৰোৱা হৈছে । মমতা বেনাৰ্জীয়ে ইংগিত দিছে যে তেওঁ এই বিষয়ত বংগ বিধানসভাত বিতৰ্ক কৰিব পাৰে আৰু অসম চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব । একে সময়তে অসম চৰকাৰে নিজৰ “সাংবিধানিক অধিকাৰ”ৰ অধীনত অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক : ‘হিমন্ত বিশ্ব শৰ্মাক জে’ললৈ পঠাম’; ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য

ৱাকফ আইনক লৈ শেষ হোৱা নাই ৰাজনীতি, পুনৰ খঙত অগ্নিশৰ্মা হ’ল মমতা; চৌদি আৰৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা

ৱাকফ বিধেয়কক লৈ চলি আছে বিতৰ্ক।আজিও এই বিষয়ত শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই বিষয়ত চৰকাৰক সকাহ দি ৭ দিনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কৈছে।

এই সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অহৰহ চৰকাৰক লক্ষ্য কৰি লৈছে।আকৌ এবাৰ তেওঁ পিএম মোডীক লৈ কটাক্ষ কৰিছে।

তেওঁ ক’লে যে আপুনি মুছলমানৰ বিৰোধী, কিন্তু চৌদি আৰৱত, আপুনি মুছলমানক সাক্ষাৎ কৰে।  মুছলমান ধৰ্মগুৰুসকলৰ সৈতে হোৱা বৈঠকত এক সভাত ভাষণ দি মমতা বেনাৰ্জীয়ে কয় যে, আপুনি ডুবাই, ইউ এ ই লৈ যায়, তেতিয়া তাত আপুনি কাৰ আতিথ্য গ্ৰহণ কৰে?

আপুনি নিজৰ দেশত এটা কথা কয় আৰু বেলেগ দেশত আন এটা কথা কয়। লগতে তেওঁ ৱাকফ (সংশোধনী) আইন, ২০২৫ ৰ বিৰুদ্ধে একত্ৰিত হৈ থাকিবলৈ আৰু একেলগে যুঁজিবলৈ আহ্বান কৰিছে, যাৰ পাছ হোৱাৰ পিছতেই বিৰোধীৰ তীব্ৰ আপত্তি আৰু প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে।

লগতে মমতা বেনাৰ্জীয়ে কয় যে মই ভাৰত ব্লকত আবেদন কৰিম, আহক আমি ঐক্যবদ্ধ হৈ থাকো আৰু একেলগে সাহসেৰে যুঁজ দিওঁ। এইটো কোনো ব্যক্তিগত কথা নহয়।

ইয়াৰ প্ৰভাৱ সকলোৰে ওপৰত পৰিব। আজি আপোনাৰ বিৰুদ্ধে এনেকুৱা হৈছে। কাইলৈ ​​আন কাৰোবাৰ বিৰুদ্ধে হ’ব।

উল্লেখ যোগ্য যে ৱাকফ আইনক লৈ পশ্চিমবংগৰ মুৰ্ছিদাবাদত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।এই হিংসাত তিনিজন লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোক আহত হৈছিল।ইয়াৰ তদন্তৰ বাবে SIT গঠন কৰা হৈছে।

‘মমতা আঁতৰাৰ পিছত সমাধান হ’ব অনুপ্ৰৱেশৰ সমস্যা’… পশ্চিম বংগৰ মুখ্যমন্ত্ৰীক আক্ৰমণ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়া পশ্চিমবংগৰ জনসাধাৰণে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা উৎখাত কৰি ৰাজ্যখনত বিজেপি চৰকাৰ গঠন কৰিব তেতিয়াই অনুপ্ৰৱেশৰ সমস্যা সমাধান হ’ব । বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অবৈধ অনুপ্ৰৱেশৰ ঘটনা সন্দৰ্ভত সোধাত শ্বাহে কয় যে পশ্চিম বংগৰ জনসাধাৰণৰ বাবে তেওঁৰ এটা সহজ পৰামৰ্শ আছে । বংগৰ ৰাইজে যদি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰ আঁতৰাই বিজেপি চৰকাৰ আনে তেন্তে সমস্যা সমাধান হ’ব আৰু অপৰাধ (ভাৰত-বাংলাদেশ সীমান্তত) বন্ধ হৈ যাব ।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মমতা বেনাৰ্জীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনীক এই অনুপ্ৰৱেশৰ বাবে দায়ী কৰা উচিত কাৰণ তেওঁলোকেই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা দিয়ে । অমিত শ্বাহে কয়, তেওঁলোকৰ প্ৰতি মোৰ প্ৰশ্ন হ’ল এনে অনুপ্ৰৱেশকাৰীৰ ভোটাৰ আই ডি কাৰ্ড আৰু আধাৰ কাৰ্ড কোনে বনাইছিল । এই সকলোবোৰ ভোটাৰ কাৰ্ড উত্তৰ ২৪ পৰগনা জিলাত প্ৰস্তুত কৰা হৈছে । তেওঁ কয় যে ইণ্ডি এলায়েন্সে তেওঁলোকৰ মাজত (অনুপ্ৰৱেশকাৰী) এটা ভোট বেংক দেখা পায় ।

আনহাতে নতুন ৱাকফ আইনখন কাৰ্যকৰী কৰাৰ পক্ষ লৈ অমিত শ্বাহে সাধাৰণ মুছলমানসকলৰ বাবে উপকাৰী হ’ব বুলি উল্লেখ কৰি বিৰোধী কংগ্ৰেছে এই আইনখনক লৈ ভুৱা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে । আন এটা প্ৰশ্নৰ উত্তৰত শ্বাহে স্পষ্ট কৰি দিয়ে যে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত জে ডি ইউ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত যুঁজ দিয়া হ’ব । ৰাজ্যখনত এন ডি এ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে তেওঁ ।