কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ…

কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ…

কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ কৃষকসকলক এক ডাঙৰ উপহাৰ প্ৰদান কৰে । তেওঁ প্ৰায় ৩৫,৪৪০ কোটি টকা মূল্যৰ দুখন মূল কৃষি আঁচনি আৰম্ভ কৰে । প্ৰায় ২৪,০০০ কোটি টকা মূল্যৰ ধন ধান্য কৃষি যোজনাও আৰম্ভ কৰে তেওঁ

কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ কৃষকসকলক এক ডাঙৰ উপহাৰ প্ৰদান কৰে । তেওঁ প্ৰায় ৩৫,৪৪০ কোটি  টকা মূল্যৰ দুখন মূল কৃষি আঁচনি আৰম্ভ কৰে । প্ৰায় ২৪,০০০ কোটি টকা মূল্যৰ ধন ধান্য কৃষি যোজনাও আৰম্ভ কৰে তেওঁ । নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । অনুষ্ঠানত তেওঁ লোক নায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ অধীনত দেশৰ ১০০ খন জিলাত কৃষি উৎপাদন বৃদ্ধি, কৃষকক ঋণ প্ৰদান, জলসিঞ্চন আৰু শস্যৰ বৈচিত্ৰ্য আৰু শস্য ব্যৱস্থাপনাৰ উন্নতি সাধন কৰা চৰকাৰৰ লক্ষ্য । দালিৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি তোলাৰ বাবেও ছবছৰীয়া মিছন প্লেন আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এই পৰিকল্পনাৰ মূল্য ১১,৪৪০ কোটি টকা । প্ৰায় ৩,৬৫০ কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা হৈছে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনি । ১৭টা ভিন্ন পশুপালন প্ৰকল্পৰ বাবেও প্ৰায় ১,১৬৬ কোটি টকা মুকলি কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে মীন আঁচনিৰ বাবেও প্ৰায় ৬৯৩ কোটি টকা মুকলিত অনুমোদন জনায় । খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ প্ৰসাৰৰ বাবে প্ৰায় ৮০০ কোটি টকা ব্যয় কৰা হ’ব । কৃষকৰ মাজত প্ৰাকৃতিক কৃষি জনপ্ৰিয় কৰাৰ আঁচনিও ৰূপায়ণ কৰিছে চৰকাৰে । বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন কৃষকক সাক্ষাৎ কৰি কৃষি খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু খণ্ডটোত ঘটি থকা ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰে ।

লগতে পঢ়ক : ভূটানৰ সৈতে ক্ৰছ বৰ্ডাৰ ৰে’ল প্ৰকল্পৰ ঘোষণা ভাৰতৰ