কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ…

কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ কৃষকসকলক এক ডাঙৰ উপহাৰ প্ৰদান কৰে । তেওঁ প্ৰায় ৩৫,৪৪০ কোটি  টকা মূল্যৰ দুখন মূল কৃষি আঁচনি আৰম্ভ কৰে । প্ৰায় ২৪,০০০ কোটি টকা মূল্যৰ ধন ধান্য কৃষি যোজনাও আৰম্ভ কৰে তেওঁ । নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই আঁচনিৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । অনুষ্ঠানত তেওঁ লোক নায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাৰ অধীনত দেশৰ ১০০ খন জিলাত কৃষি উৎপাদন বৃদ্ধি, কৃষকক ঋণ প্ৰদান, জলসিঞ্চন আৰু শস্যৰ বৈচিত্ৰ্য আৰু শস্য ব্যৱস্থাপনাৰ উন্নতি সাধন কৰা চৰকাৰৰ লক্ষ্য । দালিৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি তোলাৰ বাবেও ছবছৰীয়া মিছন প্লেন আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এই পৰিকল্পনাৰ মূল্য ১১,৪৪০ কোটি টকা । প্ৰায় ৩,৬৫০ কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা হৈছে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনি । ১৭টা ভিন্ন পশুপালন প্ৰকল্পৰ বাবেও প্ৰায় ১,১৬৬ কোটি টকা মুকলি কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে মীন আঁচনিৰ বাবেও প্ৰায় ৬৯৩ কোটি টকা মুকলিত অনুমোদন জনায় । খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ প্ৰসাৰৰ বাবে প্ৰায় ৮০০ কোটি টকা ব্যয় কৰা হ’ব । কৃষকৰ মাজত প্ৰাকৃতিক কৃষি জনপ্ৰিয় কৰাৰ আঁচনিও ৰূপায়ণ কৰিছে চৰকাৰে । বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন কৃষকক সাক্ষাৎ কৰি কৃষি খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু খণ্ডটোত ঘটি থকা ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰে ।

লগতে পঢ়ক : ভূটানৰ সৈতে ক্ৰছ বৰ্ডাৰ ৰে’ল প্ৰকল্পৰ ঘোষণা ভাৰতৰ