প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ লিখি ক্ষোভ উজাৰিলে মমতা বেনাৰ্জীয়ে

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ মমতা বেনাৰ্জী কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্তক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ৰাজ্য চৰকাৰৰ পৰামৰ্শ নোলোৱাকৈ দাৰ্জিলিং হিলছ, তেৰাই আৰু দুআৰছ অঞ্চলৰ গোৰ্খাসকলৰ সৈতে জড়িত বিষয়সমূহ আলোচনাৰ বাবে এজন “মধ্যস্থতাকাৰী” নিযুক্তি

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ মমতা বেনাৰ্জী

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্তক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ৰাজ্য চৰকাৰৰ পৰামৰ্শ নোলোৱাকৈ দাৰ্জিলিং হিলছ, তেৰাই আৰু দুআৰছ অঞ্চলৰ গোৰ্খাসকলৰ সৈতে জড়িত বিষয়সমূহ আলোচনাৰ বাবে এজন “মধ্যস্থতাকাৰী” নিযুক্তি দিয়াটো ফেডাৰেল সহযোগিতাৰ মনোভাৱৰ বিপৰীত বুলি কয় তেওঁ ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ পত্ৰত লিখিছে, “ভাৰত চৰকাৰে গোৰ্খা বিষয়ত আলোচনাৰ বাবে পংকজ কুমাৰ সিং, আই পি এছ (অৱসৰপ্ৰাপ্ত)ক মধ্যস্থতাকাৰী হিচাপে নিযুক্তি দিছে । এই সিদ্ধান্ত পশ্চিম বংগ চৰকাৰৰ সৈতে কোনো ধৰণৰ পৰামৰ্শ বা আলোচনা নকৰাকৈয়ে লোৱা হৈছে, যদিও সমগ্ৰ বিষয়টো পোনপটীয়াকৈ ৰাজ্য প্ৰসাশন, শান্তি আৰু দাৰ্জিলিঙৰ গোৰ্খালেণ্ড টেৰিটৰিয়েলৰ এডমিনিষ্ট্ৰেশ্যনৰ সুশাসনৰ সৈতে পোনপটীয়াকৈ জড়িত ।”

মুখ্যমন্ত্ৰী মমতা পত্ৰখনত সোঁৱৰাই দিয়ে যে ২০১১ চনৰ ১৮ জুলাইত দাৰ্জিলিঙত ভাৰত চৰকাৰ, পশ্চিম বংগ চৰকাৰ আৰু গোৰ্খা জনমুক্তি মৰ্চাৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিৰ পিছতে গোৰ্খালেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচন (জি টি এ) প্ৰতিষ্ঠা কৰা হৈছিল । এই চুক্তি স্বাক্ষৰিত হৈছিল তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে গোৰ্খা জনগোষ্ঠীৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক, ভাষিক প্ৰগতি সুনিশ্চিত কৰাৰ লগতে পাহাৰীয়া অঞ্চলত শান্তিপূৰ্ণ সহাৱস্থানৰ মনোভাৱ বজাই ৰখাৰ উদ্দেশ্যেৰে জি টি এ গঠন কৰা হৈছিল । তেওঁ লগতে কয় যে বিগত দশকত ৰাজ্য চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাই দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া অঞ্চলসমূহত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তুলিছে ।

লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজৰ পত্ৰৰ সামৰণিত প্ৰধানমন্ত্ৰী মোদীক এই নিযুক্তিৰ আদেশ পুনৰ বিবেচনা কৰি বাতিল কৰিবলৈ আহ্বান জনায়, যাতে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত পাৰস্পৰিক সন্মান আৰু ফেডাৰেল মনোভাৱ অটুট থাকে । লগতে তেওঁ প্ৰধানমন্ত্ৰীক দীপাৱলীৰ শুভেচ্ছা জনাই কয় যে আমি সকলোৱে শান্তি, সহযোগিতা, আৰু সাংবিধানিক মনোভাৱেৰে আগবাঢ়িব লাগিব ।

লগতে পঢ়ক : বিহাৰ নিৰ্বাচন : বিজেপিয়ে প্ৰকাশ কৰিলে ১৮ জনীয়া তৃতীয়খন প্ৰাৰ্থীৰ তালিকা

শেহতীয়া প্ৰৱন্ধসমূহ