‘মমতা আঁতৰাৰ পিছত সমাধান হ’ব অনুপ্ৰৱেশৰ সমস্যা’… পশ্চিম বংগৰ মুখ্যমন্ত্ৰীক আক্ৰমণ অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়া পশ্চিমবংগৰ জনসাধাৰণে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা উৎখাত কৰি ৰাজ্যখনত বিজেপি চৰকাৰ গঠন কৰিব তেতিয়াই অনুপ্ৰৱেশৰ সমস্যা সমাধান হ’ব । বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অবৈধ অনুপ্ৰৱেশৰ ঘটনা সন্দৰ্ভত সোধাত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে যেতিয়া পশ্চিমবংগৰ জনসাধাৰণে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ক্ষমতাৰ পৰা উৎখাত কৰি ৰাজ্যখনত বিজেপি চৰকাৰ গঠন কৰিব তেতিয়াই অনুপ্ৰৱেশৰ সমস্যা সমাধান হ’ব । বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অবৈধ অনুপ্ৰৱেশৰ ঘটনা সন্দৰ্ভত সোধাত শ্বাহে কয় যে পশ্চিম বংগৰ জনসাধাৰণৰ বাবে তেওঁৰ এটা সহজ পৰামৰ্শ আছে । বংগৰ ৰাইজে যদি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰ আঁতৰাই বিজেপি চৰকাৰ আনে তেন্তে সমস্যা সমাধান হ’ব আৰু অপৰাধ (ভাৰত-বাংলাদেশ সীমান্তত) বন্ধ হৈ যাব ।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মমতা বেনাৰ্জীয়ে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সীমান্ত সুৰক্ষা বাহিনীক এই অনুপ্ৰৱেশৰ বাবে দায়ী কৰা উচিত কাৰণ তেওঁলোকেই আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পহৰা দিয়ে । অমিত শ্বাহে কয়, তেওঁলোকৰ প্ৰতি মোৰ প্ৰশ্ন হ’ল এনে অনুপ্ৰৱেশকাৰীৰ ভোটাৰ আই ডি কাৰ্ড আৰু আধাৰ কাৰ্ড কোনে বনাইছিল । এই সকলোবোৰ ভোটাৰ কাৰ্ড উত্তৰ ২৪ পৰগনা জিলাত প্ৰস্তুত কৰা হৈছে । তেওঁ কয় যে ইণ্ডি এলায়েন্সে তেওঁলোকৰ মাজত (অনুপ্ৰৱেশকাৰী) এটা ভোট বেংক দেখা পায় ।

আনহাতে নতুন ৱাকফ আইনখন কাৰ্যকৰী কৰাৰ পক্ষ লৈ অমিত শ্বাহে সাধাৰণ মুছলমানসকলৰ বাবে উপকাৰী হ’ব বুলি উল্লেখ কৰি বিৰোধী কংগ্ৰেছে এই আইনখনক লৈ ভুৱা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে । আন এটা প্ৰশ্নৰ উত্তৰত শ্বাহে স্পষ্ট কৰি দিয়ে যে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনত জে ডি ইউ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত যুঁজ দিয়া হ’ব । ৰাজ্যখনত এন ডি এ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে তেওঁ ।

শেহতীয়া প্ৰৱন্ধসমূহ