২০২৬ চনৰ বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২২৬ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰে মমতাই
পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২৯১খন আসনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে অনিত থাপাৰ নেতৃত্বাধীন বিজেপিএমে দাৰ্জিলিঙৰ তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।
ভৱানীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । টিএমচিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগে বিজেপিৰ হৈ “খেল” খেলিছে বুলি অভিযোগ কৰে আৰু তেওঁলোকে বিজেপিৰ হৈ পোনপটীয়াকৈ প্ৰচাৰ চলাব লাগে বুলি উল্লেখ কৰে । ২০২৬ চনৰ বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ২২৬ খনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰে মমতাই ।
২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত নন্দিগ্ৰামৰ আসনত পৰাস্ত হৈছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ইয়াৰ পাছতে ভৱানীপুৰ উপ-নিৰ্বাচনত জয়ী হৈ বিধানসভাত প্ৰৱেশ কৰে তেওঁ । এইবাৰ নন্দিগ্ৰামৰ আসনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে মমতাই । আজি দলত যোগদান কৰা পবিত্ৰা কাৰ্কেক নন্দিগ্ৰামৰ টিকট প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছে । পবিত্ৰা বিৰোধী নেতা সুবেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহযোগী আছিল আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ২০২১ চনত টিএমচিৰ এগৰাকী কৰ্মীৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল তেওঁক ।
মুৰ্ছিদাবাদ জিলাৰ ভাৰতপুৰ আসনৰ পৰা মুস্তাফিজুৰ ৰহমানক প্ৰক্ষেপ কৰিছে টিএমচিয়ে । এই আসনখন বাবৰি বিবাদৰ সূচনা কৰা বিধায়ক হুমায়ুন কবীৰৰ হাতত আছিল । কালিম্পং আৰু কুৰ্চেয়ং দাৰ্জিলিঙৰ আসন অনিত থাপাৰ নেতৃত্বাধীন বিজিপিএমক এৰি দিছে টিএমচিয়ে ।
তৃণমূল কংগ্ৰেছে ডুম ডম উত্তৰ আসনৰ পৰা চন্দ্ৰিমা ভট্টাচাৰ্য, কামাৰহাটী আসনৰ পৰা মদন মিত্ৰ, কলকাতা বন্দৰৰ আসনৰ পৰা ফিৰহাদ হাকিম, বেলেঘাটা আসনৰ পৰা কুনাল ঘোষ, শ্যামপুকুৰ আসনৰ পৰা ড০ শশী পাঞ্জা, হাবৰা আসনৰ পৰা জ্যোতিপ্ৰিয়া মল্লিকক প্ৰক্ষেপ কৰিছে । পশ্চিম বংগৰ নিৰ্বাচনত টিএমচিৰ ২৯১গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫২গৰাকী মহিলা, ৯৫গৰাকী অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ আৰু ৪৭গৰাকী সংখ্যালঘু ।
লগতে পঢ়ক : কংগ্ৰেছত আন এক মোক্ষম আঘাত, ৰাইজৰ দলত যোগদান জ্যেষ্ঠ নেতা আবুল মিয়াৰ









