মমতা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ চাৰ্জশ্বীট, অমিত শ্বাহৰ মন্তব্য- এয়া ভয়ৰ পৰা মুক্ত কৰাৰ নিৰ্বাচন

মমতা চৰকাৰৰ বিৰুদ্ধে বিজেপিৰ চাৰ্জশ্বীট, অমিত শ্বাহৰ মন্তব্য- এয়া ভয়ৰ পৰা মুক্ত কৰাৰ নিৰ্বাচন

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পশ্চিমবংগত ৰাজনৈতিক উত্তেজনা তীব্ৰ গতিত বৃদ্ধি পাইছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে । ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এখন অভিযোগ পত্ৰ,

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পশ্চিমবংগত ৰাজনৈতিক উত্তেজনা তীব্ৰ গতিত বৃদ্ধি পাইছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে । ইয়াৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এখন অভিযোগ পত্ৰ, “চাৰ্জশ্বীট” প্ৰকাশ কৰে । এই অভিযোগ পত্ৰত শ্বাহে তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনক “অৰাজকতা আৰু দুৰ্নীতিৰ যুগ” বুলি অভিহিত কৰিছে । তেওঁ উল্লেখ কৰে যে এই নিৰ্বাচন কেৱল ক্ষমতা পৰিবৰ্তনৰ বিষয় নহয়, বংগৰ আত্মাক ৰক্ষা কৰি ভয়ৰ পৰা মুক্ত কৰাৰ নিৰ্বাচন ।

অমিত শ্বাহে বংগৰ অনুপ্ৰৱেশৰ বিষয়টো তীব্ৰভাৱে উত্থাপন কৰিছে । তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ নিৰাপত্তা বংগৰ নিৰ্বাচনী ফলাফলৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত । আজি দেশত অনুপ্ৰৱেশকাৰীৰ বাবে মাত্ৰ এটা প্ৰাথমিক পথ আছে, যাৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰা হৈছে । যদি বংগক অনুপ্ৰৱেশৰ পৰা মুক্ত কৰিব লাগে তেন্তে চৰকাৰ সলনি কৰাটো অতি প্ৰয়োজনীয় । অমিত শ্বাহে অভিযোগ কৰে যে মমতা বেনাৰ্জী চৰকাৰে ভোট বেংকৰ ৰাজনীতিৰ বাবে সীমান্ত অঞ্চলৰ জনগাঁথনিৰ সৈতে খেলিমেলি কৰিবলৈ অনুমতি দিছিল ।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মমতা বেনাৰ্জীয়ে সদায় ভিক্তিম কাৰ্ড খেলি আহিছে । কেতিয়াবা ভৰি ভাঙি যায়, কেতিয়াবা মূৰত বেণ্ডেজ লগোৱা হয়, কেতিয়াবা অসুস্থ হৈ পৰে আৰু কেতিয়াবা নিৰ্বাচন আয়োগৰ সন্মুখত থিয় হৈ অসহায়তাৰ অভিনয় কৰে । তেওঁ নিৰ্বাচন আয়োগক গালি-গালাজ কৰে । কিন্তু মই তেওঁক ক’বলৈ আহিছো যে বংগৰ জনসাধাৰণে এতিয়া এই বিক্তিম কাৰ্ডৰ ৰাজনীতি সম্পূৰ্ণৰূপে বুজি পাইছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে যে এই চাৰ্জশ্বীটখন টিএমচি চৰকাৰৰ ১৫ বছৰীয়া কুকৰ্মৰ সংকলন । সোণাৰ বাংলাৰ আঁৰত ছিণ্ডিকেটৰ শাসন প্ৰতিষ্ঠা কৰি বংগৰ জনসাধাৰণক শোষণ কৰা শাসন ব্যৱস্থাৰ কাহিনী । টিএমচিৰ অপশাসনৰ অধীনত বংগ দুৰ্নীতিৰ পৰীক্ষাগাৰত পৰিণত হৈছে । ওপৰৰ পৰা তললৈ অপৰাধী ছিণ্ডিকেটে ৰাইজক অতিষ্ঠ কৰিছে ।

তেওঁ উল্লেখ কৰে যে উন্নয়নৰ অভাৱৰ বাবে বংগ উদ্যোগৰ বাবে কবৰস্থানত পৰিণত হৈছে । অমিত শ্বাহে উল্লেখ কৰে যে এই চাৰ্জশ্বীট কেৱল বিজেপিৰ কণ্ঠ নহয়, বৰঞ্চ বংগৰ দুখভোগী জনসাধাৰণৰ কণ্ঠ । ২০১১ চনৰ পৰা বিজেপিয়ে এই অৰাজকতাৰ বিৰুদ্ধে যুঁজ দি আহিছে, এতিয়া ৰাইজে ইয়াৰ হিচাপ লোৱাৰ সময় আহি পৰিছে ।

লগতে পঢ়ক : ‘আমি উৰাবাতৰিৰ পৰা আঁতৰি থাকিব লাগিব’; দেশবাসীলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ