কাইলৈ অসম বিধানসভা নিৰ্বাচন; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

কাইলৈ অসম বিধানসভা নিৰ্বাচন; নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

কেৰালা, অসম আৰু পুডুচেৰীত কাইলৈ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। অসমৰ ১২৬ সমষ্টিত নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰ্ৰাৰ্থীৰ ভাগ্য। কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা ৩১,৪৯০ টা ভোট কেন্দ্ৰত আৰম্ভ হ’ব ভোটগ্ৰহণ।১২৬ টা সমষ্টিত প্ৰায় ২.৫০ কোটি ভোটাৰে নিৰ্ণয় কৰিব ৭২২ গৰাকী

কেৰালা, অসম আৰু পুডুচেৰীত কাইলৈ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। অসমৰ ১২৬ সমষ্টিত নিৰ্ণয় হ’ব ৭২২ গৰাকী প্ৰ্ৰাৰ্থীৰ ভাগ্য।

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা ৩১,৪৯০ টা ভোট কেন্দ্ৰত আৰম্ভ হ’ব ভোটগ্ৰহণ।১২৬ টা সমষ্টিত প্ৰায় ২.৫০ কোটি ভোটাৰে নিৰ্ণয় কৰিব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।  ২ কোটি ৫০ লাখ ৫৪ হাজাৰ ৪৬৩ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।তাৰে ১ কোটি ২৫ লাখ ৩১ হাজাৰ ৫২ গৰাকী পুৰুষ ভোটাৰ, ১ কোটি ২৫ লাখ ২২ হাজাৰ ৫৯৩ গৰাকী মহিলা ভোটাৰ আৰু ৩১৮ গৰাকী অন্যান্য ভোটাৰ আছে।

ভোট গ্ৰহণৰ বাবে ১,২৫,৯৬০ গৰাকী প’লিং-প্ৰিজাইডিং বিষয়াক সাজু কৰা হৈছে। ভোটদানৰ দিনটো যাতে শান্তিপূৰ্ণ ভাৱে পাৰ হয় তাৰ বাবে তৎপৰ হৈছে আৰক্ষী প্ৰশাসন।  

লগতে পঢ়ক:  পাতালত লুকালেও নিস্তাৰ নাপাব পৱন খেড়াইঃ মুখ্যমন্ত্ৰীৰ হুংকাৰ

শেহতীয়া প্ৰৱন্ধসমূহ