পাতালত লুকালেও নিস্তাৰ নাপাব পৱন খেড়াইঃ মুখ্যমন্ত্ৰী হুংকাৰ

পাতালত লুকালেও নিস্তাৰ নাপাব পৱন খেড়াইঃ মুখ্যমন্ত্ৰীৰ হুংকাৰ

পাতালৰ পৰা হ’লেও অসম আৰক্ষীয়ে পৱন খেড়াক বিচাৰি উলিয়াব । এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । পাতালত লুকাই থাকিলেও ৰক্ষা নাপাব পৱন খেড়াই । পাতালৰ পৰা হ’লেও অসম আৰক্ষীয়ে পৱন খেড়াক বিচাৰি উলিয়াব । এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে

পাতালৰ পৰা হ’লেও অসম আৰক্ষীয়ে পৱন খেড়াক বিচাৰি উলিয়াব । এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

পাতালত লুকাই থাকিলেও ৰক্ষা নাপাব পৱন খেড়াই । পাতালৰ পৰা হ’লেও অসম আৰক্ষীয়ে পৱন খেড়াক বিচাৰি উলিয়াব । এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে সংবাদ মাধ্যমৰ এক প্ৰশ্নত পৱন খেড়া সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।

সত্য নজনাকৈ কিয় এই অভিযোগ উত্থাপন কৰিবা লাগে বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, অসম লাচিত বৰফুকনৰ দেশ । কোন এই পৱন খেড়া । তেওঁ উষ্মাৰে কয় যে, পাতালত লুকালেও পৱন খেড়াই ৰক্ষা নাপাব । অসম আৰক্ষীক চিনিব পৰা নাই । পাতালৰ পৰা হ’লেও খেড়াক বিচাৰি উলিয়াব অসম আৰক্ষীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই ষড়যন্ত্ৰৰ আঁৰত ৰাহুল গান্ধী জড়িত হৈ আছে বুলি অভিযোগ কৰে । সেয়েহে তেওঁ এই গোচৰে ৰাহুল গান্ধীলৈকে সাঙুৰি লব বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“মোক ভয় খুৱাবলৈ চেষ্টা নকৰিব । এইখন অসম হয় । আমি ১৭ বাৰকৈ মুছলমান আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিছিলো । আমি বেলেগ এখন পৃথিৱীৰ পৰা অহা । খাৰ্গেক আমি কোনো কেয়াৰ নকৰোঁ ।“

ইয়াৰ পূৰ্বে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চলি থকা পাছপোৰ্ট বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় ৰাজধানীত থকা তেওঁৰ বাসগৃহত অসম আৰক্ষীয়ে তালাচী চলোৱাৰ পিছতে কংগ্ৰেছ নেতা পৱন খেড়া নতুন দিল্লীৰ পৰা হাইদৰাবাদলৈ পলাই গৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে, সংবাদ মাধ্যমৰ জৰিয়তেহে তেওঁ এই ঘটনাৰ বিষয়ে জানিব পাৰিছে আৰু লগতে কয় যে এই ক্ষেত্ৰত আইনে নিজৰ গতিৰে কাম কৰিব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “তেওঁ কালি গুৱাহাটীৰ পৰা পলাই গৈছিল । মই সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছো যে আৰক্ষী দিল্লীত থকা তেওঁৰ বাসগৃহলৈ গৈছিল, কিন্তু তেওঁ হায়দৰাবাদলৈ পলাই গৈছে । আইনে নিজৰ কাম কৰিব ।”

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ হাতত তিনিখনকৈ পাছপোৰ্ট থকা বুলি কংগ্ৰেছে কৰা দাবীৰ মাজতে, দিল্লীত কংগ্ৰেছ নেতা পৱন খেড়াৰ বাসগৃহত অসম আৰক্ষীয়ে তালাচী চলায় । সোমবাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই এই সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত এই তালাচী চলাই আৰক্ষীয়ে ।

ইয়াৰ পূৰ্বে সোমবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে “কঠোৰ ব্যৱস্থা” গ্ৰহণ কৰাৰ হুংকাৰ দিছিল । ড০ শৰ্মাই কৈছিল, “মই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম । মাত্ৰ কেইদিনমান অপেক্ষা কৰক । নিৰ্বাচনত আমি অন্ততঃ ১০০ খন আসনত জয়লাভ কৰিম ।”

লগতে পঢ়ক : গ্ৰেপ্তাৰৰ আশংকাত দিল্লীৰ পৰা পলায়ন কংগ্ৰেছ নেতা পৱন খেড়াৰ