‘দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ’; মহা অধিবক্তা দেৱজিৎ লন শইকীয়া

কংগ্ৰেছ নেতা পৱন খেড়াক বিপদে লগ নেৰা হৈছে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম পৱন খেড়াৰ জামিন খাৰিজ কৰিছে।

পৱন খেড়াৰ ৰায়দান সন্দৰ্ভত মহা অধিবক্তা দেৱজিৎ লন শইকীয়াই সংবাদমেল সম্বোধন কৰে।অধিবক্তা গৰাকীয়ে কয় যে, ৫ এপ্ৰিলত কংগ্ৰেছ নেতা পৱন খেড়াই সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ পৰিবাৰ ৰিণিকি ভূঞাৰ হাতত তিনি খন বিদেশী পাচপোৰ্ট থকাৰ কথা উল্লেখ কৰিছিল।

সংবাদমেলত ৰিণিকি ভূঞাই তিনিখন দেশৰ নাগৰিকত্ব বে আইনী ভাবে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছিল। নিৰ্বাচনী এফিডেফিটত হিমন্ত বিশ্ব শৰ্মাই সেই সম্পত্তিৰ তথ্য লুকুওৱাৰ অভিযোগ আনিছিল খেড়াই। কিন্তু অসম আৰক্ষীয়ে তদন্ত কৰি এই সকলো ভুৱা বুলি জানিব পাৰে।

তেওঁ লগতে কয় যে, পৰৱৰ্তী সময়ত পৱন খেড়াক বিচাৰি অসম আৰক্ষী তেলেংগানালৈ গৈছিল৷ কিন্তু তেলেংগানা হাইকোৰ্টত অগ্ৰিম জামিন লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল। তদন্ত কালত আৰক্ষীক পৱন খেড়াই কোনো সহযোগ নকৰাৰ বাবেই পৱন খেড়াৰ বিৰুদ্ধে কঠোৰ হয় আদালত। ইয়াৰ পিছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন বিচাৰি আবেদন কৰিছিল। আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰিছে।

তেওঁ আৰু কয়, পৱন খেড়াৰ বিৰুদ্ধে ভুৱা তথ্যৰ দ্বাৰা ফৌজদাৰী ধাৰা ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে।আদালতে পৱন খেড়াক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ আছে। যাৰবাবে আদালতে পৱন খেড়াৰ অগ্ৰিম জামিন আৱেদন খাৰিজ কৰিলে। আজিৰ তাৰিখত পৱন খেড়াক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত কোনো আইনী বাধা নাই৷ দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ।বি এন এছৰ ৩৩৭ ত দোষী সাব্যস্ত হ’লে সাত বছৰ কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ৷

লগতে পঢ়ক: জামিন নাকচ পৱন খেড়াৰ; যিকোনো মূহুৰ্ততে হ’ব পাৰে গ্ৰেপ্তাৰ

জামিন নাকচ পৱন খেড়াৰ; যিকোনো মূহুৰ্ততে হ’ব পাৰে গ্ৰেপ্তাৰ

অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়টো মুখথেকেচা খালে পৱন খেড়াই। পৱন খেড়াৰ জামিন নাকচ কৰিলে আদালতে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰীম জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়টো মুখথেকেচা খালে পৱন খেড়াই। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে নাকচ কৰিলে জামিন।

আদালতে জামিন নাকচ কৰাৰ লগে লগে এতিয়া যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া।ৰিণিকি ভূঞা শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। জ্যেষ্ঠ অধিবক্তা অভিশেষ মন সিংভিয়ে পৱন খেড়াৰ হৈ আদালতত যুক্তি দিছিল। আনহাতে চৰকাৰৰ হৈ যুক্তি দৰ্শাইছিল দেৱজিৎ লন শইকীয়াই।  

লগতে পঢ়ক: বংগৰ নিৰ্বাচনৰ মাজতে হুগলী নদীত নৌকা বিহাৰ প্ৰধানমন্ত্ৰী মোদীৰ…  

উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা পৱন খেড়াৰ; যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ  

বিপদে লগ নেৰা হৈছে কংগ্ৰেছ নেতা পৱন খেড়াক। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন

উচ্চতম ন্যায়ালয়টো সকাহ নাপালে কংগ্ৰেছ নেতা পৱন খেড়াই। অন্তৰ্ৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ। মঙলবাৰলৈকে জামিন আবেদনৰ ম্যাদ বঢ়োৱাৰ আৰ্জি জনাইছিল পৱন খেড়াই। গুৱাহাটী উচ্চ ন্যায়ালয় বন্ধ থকাৰ ভুৱা তথ্যৰে কৰিছিল আবেদন। কিন্তু এতিয়া পৱন খেড়াক অসমলৈ আহি জামিন আবেদন কৰাৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে।

জানিব পৰা মতে তেলেংগানা উচ্চ ন্যায়ালয়ে ৭ দিনৰ বাবে দিছিল অন্তৰ্ৱৰ্তীকালীন জামিন।কিন্তু জামিন সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে। এতিয়া যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। পৱন খেড়াক গ্ৰেপ্তাৰ কৰাৰ সকলো বাধা আতৰিল অসম আৰক্ষীৰ।  

 উল্লেখ্য যে, ৰিণিকি ভূঞা শৰ্মাৰ অভিযোগৰ ভিত্তিত পৱন খেড়াৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। ভুৱা পাছপ’ৰ্টৰ অভিযোগৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই তৰিছিল গোচৰ।

লগতে পঢ়ক: “বাংলাদেশী আৰু আমি একেলগে জীয়াই থাকিব নোৱাৰো”: পশ্চিম বংগৰ পৰা বাংলাদেশীক হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

যিকোনো মূহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেৰা, সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে সময়

ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল এছ চান্দুৰকাৰৰ বিচাৰপীঠে অসম চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত খেৰাৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে

বুধবাৰে উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাক এসপ্তাহৰ ট্ৰেনজিট অগ্ৰিম জামিন প্ৰদান কৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে । একে সময়তে অসম চৰকাৰে এই সকাহক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ভিত্তিত তেওঁলৈ জাননীও প্ৰেৰণ কৰে ।

ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অতুল এছ চান্দুৰকাৰৰ বিচাৰপীঠে অসম চৰকাৰে দাখিল কৰা আবেদনৰ ওপৰত খেৰাৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে । অৱশ্যে বিচাৰপীঠে উল্লেখ কৰে যে যদিহে খেৰাই অসমত আগতীয়া জামিনৰ বাবে আবেদন কৰিব বিচাৰে, তেন্তে আজিৰ এই নিৰ্দেশত কোনো বাধা নাথাকিব ।

আদালতে কয়, “জাননী জাৰি কৰা হওক । ইতিমধ্যে, বিবাদিত নিৰ্দেশটো স্থগিত ৰখা উচিত । যদি আবেদনকাৰীয়ে অসমৰ সংশ্লিষ্ট আদালতত আগতীয়া জামিনৰ বাবে আবেদন কৰে, তেন্তে তেনে আবেদনৰ ওপৰত সিদ্ধান্ত লওঁতে আজিৰ এই নিৰ্দেশৰ কোনো প্ৰভাৱ নপৰিব । জাননী জাৰি কৰা হওক । তিনি সপ্তাহৰ ভিতৰত ইয়াৰ উত্তৰ দিব লাগিব ।”

১০ এপ্ৰিলৰ পৰা এসপ্তাহৰ বাবে চৰ্তসাপেক্ষে ট্ৰেনজিট আগতীয়া জামিন প্ৰদানৰ তেলেংগানা উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । জামিনৰ নিৰ্দেশ অনুসৰি, পৱন খেৰাই অসমৰ সক্ষম ক্ষেত্ৰাধিকাৰ থকা আদালতৰ কাষ চাপিব লাগে আৰু আইন অনুসৰি উপযুক্ত সকাহ বিচাৰিব লাগে ।

পাছপোৰ্ট আৰু সম্পত্তিৰ তথ্যক লৈ কৰা অভিযোগ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৰুজু কৰা এক গোচৰত তেলেংগানা উচ্চ ন্যায়ালয়ে খেৰাক এসপ্তাহৰ আগতীয়া জামিন প্ৰদান কৰিছিল ।

তেওঁ অভিযোগ কৰিছিল যে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ওচৰত ভাৰত, ইউএই আৰু ইজিপ্তৰ তিনিখনকৈ পাছপোৰ্ট আছে আৰু ডুবাইত তেওঁৰ অঘোষিত বিলাসী সম্পত্তি আছে ।

ইতিমধ্যে মুখ্যমন্ত্ৰী পৰিয়ালে এই দাবীসমূহক দৃঢ়তাৰে অস্বীকাৰ কৰি নথিপত্ৰসমূহক পাকিস্তানী ছচিয়েল মিডিয়া গোটসমূহে প্ৰচাৰ কৰা “এআই-দ্বাৰা নিৰ্মিত ভুৱা তথ্য” বুলি অভিহিত কৰিছে ।

এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পূৰ্বতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সংকল্প লৈ কৈছিল, “অভিযোগ উত্থাপন কৰাৰ আগতে তেওঁ বিদেশ মন্ত্ৰীক সুধিব লাগিছিল । খৰ্গে জীৰ বয়স হ’ল, তথাপিও তেওঁ উন্মাদৰ দৰে কথা কয় । অসম আৰক্ষীয়ে পাতালৰ পৰাও মানুহ বিচাৰি আনিব পাৰে । মোৰ সন্দেহ হয় যে ৰাহুল গান্ধীয়েই তেওঁক এই নথিপত্ৰবোৰ দিছে । গতিকে এই গোচৰ ৰাহুল গান্ধীলৈকেও যাব । আমাক ভয় খুৱাবলৈ চেষ্টা নকৰিব । এইখন অসম আৰু আমি ১৭ বাৰ ইছলামিক আক্ৰমণৰ বিৰুদ্ধে যুঁজ দিছোঁ ।”

লগতে পঢ়ক : ৰাজ্যবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পাতালত লুকালেও নিস্তাৰ নাপাব পৱন খেড়াইঃ মুখ্যমন্ত্ৰীৰ হুংকাৰ

পাতালৰ পৰা হ’লেও অসম আৰক্ষীয়ে পৱন খেড়াক বিচাৰি উলিয়াব । এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

পাতালত লুকাই থাকিলেও ৰক্ষা নাপাব পৱন খেড়াই । পাতালৰ পৰা হ’লেও অসম আৰক্ষীয়ে পৱন খেড়াক বিচাৰি উলিয়াব । এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে সংবাদ মাধ্যমৰ এক প্ৰশ্নত পৱন খেড়া সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।

সত্য নজনাকৈ কিয় এই অভিযোগ উত্থাপন কৰিবা লাগে বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, অসম লাচিত বৰফুকনৰ দেশ । কোন এই পৱন খেড়া । তেওঁ উষ্মাৰে কয় যে, পাতালত লুকালেও পৱন খেড়াই ৰক্ষা নাপাব । অসম আৰক্ষীক চিনিব পৰা নাই । পাতালৰ পৰা হ’লেও খেড়াক বিচাৰি উলিয়াব অসম আৰক্ষীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই ষড়যন্ত্ৰৰ আঁৰত ৰাহুল গান্ধী জড়িত হৈ আছে বুলি অভিযোগ কৰে । সেয়েহে তেওঁ এই গোচৰে ৰাহুল গান্ধীলৈকে সাঙুৰি লব বুলি মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“মোক ভয় খুৱাবলৈ চেষ্টা নকৰিব । এইখন অসম হয় । আমি ১৭ বাৰকৈ মুছলমান আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিছিলো । আমি বেলেগ এখন পৃথিৱীৰ পৰা অহা । খাৰ্গেক আমি কোনো কেয়াৰ নকৰোঁ ।“

ইয়াৰ পূৰ্বে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চলি থকা পাছপোৰ্ট বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় ৰাজধানীত থকা তেওঁৰ বাসগৃহত অসম আৰক্ষীয়ে তালাচী চলোৱাৰ পিছতে কংগ্ৰেছ নেতা পৱন খেড়া নতুন দিল্লীৰ পৰা হাইদৰাবাদলৈ পলাই গৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে, সংবাদ মাধ্যমৰ জৰিয়তেহে তেওঁ এই ঘটনাৰ বিষয়ে জানিব পাৰিছে আৰু লগতে কয় যে এই ক্ষেত্ৰত আইনে নিজৰ গতিৰে কাম কৰিব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “তেওঁ কালি গুৱাহাটীৰ পৰা পলাই গৈছিল । মই সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছো যে আৰক্ষী দিল্লীত থকা তেওঁৰ বাসগৃহলৈ গৈছিল, কিন্তু তেওঁ হায়দৰাবাদলৈ পলাই গৈছে । আইনে নিজৰ কাম কৰিব ।”

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ হাতত তিনিখনকৈ পাছপোৰ্ট থকা বুলি কংগ্ৰেছে কৰা দাবীৰ মাজতে, দিল্লীত কংগ্ৰেছ নেতা পৱন খেড়াৰ বাসগৃহত অসম আৰক্ষীয়ে তালাচী চলায় । সোমবাৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই এই সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত এই তালাচী চলাই আৰক্ষীয়ে ।

ইয়াৰ পূৰ্বে সোমবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৱন খেড়াৰ বিৰুদ্ধে “কঠোৰ ব্যৱস্থা” গ্ৰহণ কৰাৰ হুংকাৰ দিছিল । ড০ শৰ্মাই কৈছিল, “মই কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম । মাত্ৰ কেইদিনমান অপেক্ষা কৰক । নিৰ্বাচনত আমি অন্ততঃ ১০০ খন আসনত জয়লাভ কৰিম ।”

লগতে পঢ়ক : গ্ৰেপ্তাৰৰ আশংকাত দিল্লীৰ পৰা পলায়ন কংগ্ৰেছ নেতা পৱন খেড়াৰ

গ্ৰেপ্তাৰৰ আশংকাত দিল্লীৰ পৰা পলায়ন কংগ্ৰেছ নেতা পৱন খেড়াৰ

গ্ৰেপ্তাৰৰ আশংকাত দিল্লীৰ পৰা পলায়ন কৰিছে কংগ্ৰেছ নেতা পৱন খেড়াই

যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে কংগ্ৰেছ নেতা পৱন খেড়া । ইতিমধ্যে অসম আৰক্ষীৰ এটা দল ৭ এপ্ৰিলত দিল্লীস্থিত পৱন খেড়াৰ বাসগৃহত উপস্থিত হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত আৰক্ষীৰ দলটো পুৱাই খেড়াৰ বাসগৃহত উপস্থিত হয় ।

জানিব পৰা মতে অসম আৰক্ষীৰ দলটোৱে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হৈছে আৰু দিল্লী আৰক্ষীয়ে তেওঁলোকক সহযোগিতা আগবঢ়াইছে । নিয়ম অনুসৰি, অভিযান চলোৱাৰ পূৰ্বে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হৈছিল ।

ইফালে শেহতীয়া বাতৰি অনুসৰি গ্ৰেপ্তাৰৰ আশংকাত দিল্লীৰ পৰা পলায়ন কৰিছে কংগ্ৰেছ নেতা পৱন খেড়াই । গ্ৰেপ্তাৰৰ ভয়ত খেড়াই দিল্লীৰ পৰা হায়দৰাবাদলৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই যোৱা ৬ এপ্ৰিলত কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত এই তদন্ত আৰম্ভ হৈছে । মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে একাধিক বিদেশী পাছপ’ৰ্ট লগতে বিদেশত সম্পত্তি থকাৰ মিছা অভিযোগ উত্থাপন কৰিছিল পৱন খেড়াই । কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা এই অভিযোগ মিছা প্ৰমাণিত হোৱাৰ পিছতে এতিয়া পৱন খেড়াই গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ।  

কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা এই অভিযোগসমূহ প্ৰত্যাখ্যান কৰি ৰিণিকি ভূঞা শৰ্মাই ইয়াক “ভিত্তিহীন” বুলি অভিহিত কৰে আৰু বিৰোধীয়ে তেওঁক বদনাম কৰিবলৈ “AI-ৰ দ্বাৰা নিৰ্মিত ভুৱা নথিপত্ৰ” প্ৰচাৰ কৰা বুলি অভিযোগ কৰে । মুখ্যমন্ত্ৰী ড০ শৰ্মাইও এই অভিযোগসমূহক “মিছা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত” বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক : বটদ্ৰৱালৈ আহি গীতা চুই শপত খাবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

‘বন্ধুসকল সলনি হৈয়েই থাকে কিন্তু…’; মোদী-জিনপিং বৈঠকক লৈ তীক্ষ্ণ সমালোচনা কংগ্ৰেছৰ

মোদী-জিনপিং বৈঠকক লৈ তীক্ষ্ণ সমালোচনা কংগ্ৰেছৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ পিছত কংগ্ৰেছ নেতা পৱন খেড়াই কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই কথা ক’ব লাগে যে ভাৰত-চীন সীমান্তৰ সেই সকলোবোৰ স্থানতে ভাৰতীয় সৈন্যই মুক্তভাৱে টহল দিবলৈ সক্ষম হৈছেনে,য’ত তেওঁলোকে প্ৰথমে কৰিছিল?

খেড়াই এই প্ৰশ্নটো সেই সময়ত উত্থাপন কৰিছে যি সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে SCO শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনলৈ আনুষ্ঠানিক ভ্ৰমণত গৈছে।

খেড়াই ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত চীনৰ আক্ৰমণ সন্দৰ্ভত চৰকাৰৰ মনোভাৱক লৈও প্ৰশ্ন উত্থাপন কৰে।

কংগ্ৰেছ নেতা পৱন খেড়াই কয় যে, ‘প্ৰথমে “মাই ডিয়াৰ ফ্ৰেণ্ড ড’নাল্ড ট্ৰাম্প” আৰু এতিয়া “মাই ডিয়াৰ ফ্ৰেণ্ড ছি জিনপিং”।মোক কওক,আমি গলৱানৰ ন্যায় পালোঁ নেকি?’

“২০২০ চনৰ এপ্ৰিলৰ আগৰ পৰিস্থিতি ঘূৰি আহিব নে? আমাৰ সেনা বাহিনীয়ে আগতে টহল দিয়া ঠাইবোৰত টহল দিবলৈ সক্ষম হৈছেনে?প্ৰধানমন্ত্ৰী গৰাকীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ দিবনে?”

তেওঁ লগতে কয় যে, ‘বন্ধু সলনি হৈ থাকে, হৃদয় ভাঙি যায় আৰু তাৰ পিছত নতুন বন্ধু বিচাৰি পায়।দেশৰ অৱস্থা, অৰ্থনীতি আৰু বৈদেশিক নীতি আপুনি দেখিছে।’

লগতে পঢ়ক: টিয়ানজিনত মোদী, পুটিন আৰু জিংপিঙৰ মাজত বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত আলোচনা আৰম্ভ…