বংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সামৰণি পৰিল।দ্বিতীয় পৰ্যায়ৰ আসনৰ বাবে প্ৰচাৰ এতিয়া তীব্ৰতৰ হৈ পৰিছে।ইফালে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হুগলী নদীত নৌকাবিহাৰ কৰে।
ঝালমুৰি উপভোগ কৰাৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বংগত নাও যাত্ৰা কৰা দেখা গ’ল।শুকুৰবাৰে হুগলী নদীত নৌকাবিহাৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।খোদ প্ৰধানমন্ত্ৰী গৰাকীয়ে ছচিয়েল মিডিয়াত ইয়াৰ ফটো শ্বেয়াৰ কৰিছে।এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেও ফটো তুলিছিল।

ছবিসমূহত প্ৰধানমন্ত্ৰী মোদীক এখন নাঁৱত, হাতত কেমেৰা লৈ থকা দেখিবলৈ পোৱা গৈছে।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত হুগলী নদীত নাও যাত্ৰাৰ ছবি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে—প্ৰতিজন বঙালীৰ বাবে গংগাই এক অতি বিশেষ স্থান দখল কৰিছে।কোনোবাই ক’ব পাৰে যে বংগৰ আত্মাৰ মাজেৰে গংগা বৈ যায়।ইয়াৰ পবিত্ৰ জলে এটা সমগ্ৰ সভ্যতাৰ চিৰন্তন আত্মাক সামৰি লৈছে।

ছ’চিয়েল মিডিয়া পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে আৰু লিখিছে—আজি ৰাতিপুৱা কলকাতাত হুগলী নদীৰ পাৰত কিছু সময় কটালোঁ—এয়া আছিল মাতৃ গংগাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক সুযোগ।লগতে,তাত থকা নাৱৰীয়াসকলকো লগ পোৱাৰ সুযোগ পাইছিলোঁ,যাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰৱণতা সঁচাকৈয়ে প্ৰশংসনীয়,আৰু পুৱা খোজ কাঢ়িবলৈ অহা সকলকো লগ পাইছিলো। হুগলীৰ পাৰত,মই পশ্চিম বংগৰ উন্নয়ন আৰু মহান বঙালী জনগোষ্ঠীৰ সমৃদ্ধিৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিলোঁ ।
লগতে পঢ়ক: “ঝালমুৰি মই খালো,জ্বলা-পোৰা অনুভৱ টিএমচিয়ে কৰিছে”: মমতা বেনাৰ্জীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ









