‘দোষী সাব্যস্ত হ’লে যাবজ্জীৱন কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ’; মহা অধিবক্তা দেৱজিৎ লন শইকীয়া

‘দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ’; মহা অধিবক্তা দেৱজিৎ লন শইকীয়া

কংগ্ৰেছ নেতা পৱন খেড়াক বিপদে লগ নেৰা হৈছে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম পৱন খেড়াৰ জামিন খাৰিজ কৰিছে। পৱন খেড়াৰ ৰায়দান সন্দৰ্ভত মহা অধিবক্তা দেৱজিৎ লন শইকীয়াই সংবাদমেল সম্বোধন কৰে।অধিবক্তা গৰাকীয়ে কয় যে, ৫ এপ্ৰিলত কংগ্ৰেছ নেতা পৱন খেড়াই সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ পৰিবাৰ ৰিণিকি ভূঞাৰ

কংগ্ৰেছ নেতা পৱন খেড়াক বিপদে লগ নেৰা হৈছে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম পৱন খেড়াৰ জামিন খাৰিজ কৰিছে।

পৱন খেড়াৰ ৰায়দান সন্দৰ্ভত মহা অধিবক্তা দেৱজিৎ লন শইকীয়াই সংবাদমেল সম্বোধন কৰে।অধিবক্তা গৰাকীয়ে কয় যে, ৫ এপ্ৰিলত কংগ্ৰেছ নেতা পৱন খেড়াই সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ পৰিবাৰ ৰিণিকি ভূঞাৰ হাতত তিনি খন বিদেশী পাচপোৰ্ট থকাৰ কথা উল্লেখ কৰিছিল।

সংবাদমেলত ৰিণিকি ভূঞাই তিনিখন দেশৰ নাগৰিকত্ব বে আইনী ভাবে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছিল। নিৰ্বাচনী এফিডেফিটত হিমন্ত বিশ্ব শৰ্মাই সেই সম্পত্তিৰ তথ্য লুকুওৱাৰ অভিযোগ আনিছিল খেড়াই। কিন্তু অসম আৰক্ষীয়ে তদন্ত কৰি এই সকলো ভুৱা বুলি জানিব পাৰে।

তেওঁ লগতে কয় যে, পৰৱৰ্তী সময়ত পৱন খেড়াক বিচাৰি অসম আৰক্ষী তেলেংগানালৈ গৈছিল৷ কিন্তু তেলেংগানা হাইকোৰ্টত অগ্ৰিম জামিন লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিব পৰা নগ’ল। তদন্ত কালত আৰক্ষীক পৱন খেড়াই কোনো সহযোগ নকৰাৰ বাবেই পৱন খেড়াৰ বিৰুদ্ধে কঠোৰ হয় আদালত। ইয়াৰ পিছত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিন বিচাৰি আবেদন কৰিছিল। আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন খাৰিজ কৰিছে।

তেওঁ আৰু কয়, পৱন খেড়াৰ বিৰুদ্ধে ভুৱা তথ্যৰ দ্বাৰা ফৌজদাৰী ধাৰা ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে।আদালতে পৱন খেড়াক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ আছে। যাৰবাবে আদালতে পৱন খেড়াৰ অগ্ৰিম জামিন আৱেদন খাৰিজ কৰিলে। আজিৰ তাৰিখত পৱন খেড়াক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত কোনো আইনী বাধা নাই৷ দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ।বি এন এছৰ ৩৩৭ ত দোষী সাব্যস্ত হ’লে সাত বছৰ কাৰাদণ্ড হ’ব পাৰে পৱন খেড়াৰ৷

লগতে পঢ়ক: জামিন নাকচ পৱন খেড়াৰ; যিকোনো মূহুৰ্ততে হ’ব পাৰে গ্ৰেপ্তাৰ