গ্ৰেপ্তাৰৰ আশংকাত দিল্লীৰ পৰা পলায়ন কৰিছে কংগ্ৰেছ নেতা পৱন খেড়াই
যিকোনো মুহুৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে কংগ্ৰেছ নেতা পৱন খেড়া । ইতিমধ্যে অসম আৰক্ষীৰ এটা দল ৭ এপ্ৰিলত দিল্লীস্থিত পৱন খেড়াৰ বাসগৃহত উপস্থিত হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত আৰক্ষীৰ দলটো পুৱাই খেড়াৰ বাসগৃহত উপস্থিত হয় ।
জানিব পৰা মতে অসম আৰক্ষীৰ দলটোৱে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হৈছে আৰু দিল্লী আৰক্ষীয়ে তেওঁলোকক সহযোগিতা আগবঢ়াইছে । নিয়ম অনুসৰি, অভিযান চলোৱাৰ পূৰ্বে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হৈছিল ।
ইফালে শেহতীয়া বাতৰি অনুসৰি গ্ৰেপ্তাৰৰ আশংকাত দিল্লীৰ পৰা পলায়ন কৰিছে কংগ্ৰেছ নেতা পৱন খেড়াই । গ্ৰেপ্তাৰৰ ভয়ত খেড়াই দিল্লীৰ পৰা হায়দৰাবাদলৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই যোৱা ৬ এপ্ৰিলত কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত এই তদন্ত আৰম্ভ হৈছে । মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে একাধিক বিদেশী পাছপ’ৰ্ট লগতে বিদেশত সম্পত্তি থকাৰ মিছা অভিযোগ উত্থাপন কৰিছিল পৱন খেড়াই । কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা এই অভিযোগ মিছা প্ৰমাণিত হোৱাৰ পিছতে এতিয়া পৱন খেড়াই গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ।
কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা এই অভিযোগসমূহ প্ৰত্যাখ্যান কৰি ৰিণিকি ভূঞা শৰ্মাই ইয়াক “ভিত্তিহীন” বুলি অভিহিত কৰে আৰু বিৰোধীয়ে তেওঁক বদনাম কৰিবলৈ “AI-ৰ দ্বাৰা নিৰ্মিত ভুৱা নথিপত্ৰ” প্ৰচাৰ কৰা বুলি অভিযোগ কৰে । মুখ্যমন্ত্ৰী ড০ শৰ্মাইও এই অভিযোগসমূহক “মিছা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত” বুলি অভিহিত কৰিছে ।
লগতে পঢ়ক : বটদ্ৰৱালৈ আহি গীতা চুই শপত খাবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ









