মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে
আজি মানুহ বিহু । ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ । ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ ব’হাগক নতুন বছৰৰ এক সজীৱ আৰম্ভণি আৰু “অসমৰ প্ৰাণস্পন্দন” বুলি অভিহিত কৰে ।
এক্সৰ এক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ পবিত্ৰ ক্ষণত শুভেচ্ছা জনালোঁ । আজিৰ এই দিনটোৱে ব’হাগক বুজায়, যিটো এটা নতুন বছৰৰ সজীৱ আৰম্ভণি আৰু অসমৰ জনজীৱনৰ প্ৰাণস্পন্দন ।”
পোষ্টটোত লগতে তেওঁ লিখিছে, “এই আনন্দময় তথা অতি চেনেহৰ দিনটোত মই অসমবাসীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ । এই নতুন বছৰটোৱে প্ৰতিটো ঘৰলৈ সুখ, সমৃদ্ধি আৰু নতুন আশা কঢ়িয়াই আনক । ব’হাগৰ প্ৰথম পুৱাৰ পৰম্পৰা অনুসৰি, মই আপোনালোক সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছা বিনম্ৰতাৰে কামনা কৰিছোঁ ।”
ফেচবুক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে-“ পহিলা ব’হাগ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ । আজি অসমৰ জনজীৱনৰ প্ৰাণস্পন্দন ব’হাগ বিহু তথা অসমীয়াৰ নৱবৰ্ষ ৷ আজিৰ এই বিশেষৰো বিশেষ দিনটিত মোৰ প্ৰাণৰ অসমবাসীলৈ আন্তৰিক ওলগ, মৰম-চেনেহ যাচিলোঁ ৷ আজিৰ এই শুভ দিনটিত সকলোৰে জীৱন পোহৰময় হোৱাৰ কামনা কৰিলোঁ ৷ স্বাভাৱিকতে ব’হাগৰ প্ৰথম পুৱাটিত আপোনালোক সকলোৰে আশিস বিচাৰিলোঁ ৷”
উল্লেখ্য যে, অসমত এদিন পূৰ্বে পৰম্পৰাগত ‘গৰু বিহু’ৰ সৈতে ৰাজ্যৰ সৰ্ববৃহৎ উৎসৱ ৰঙালী বিহুৰ সপ্তাহজোৰা উদযাপন আৰম্ভ হয় । ৰঙালী বিহুৰ প্ৰথম দিনটোত গৰু বিহু পালন কৰা হয় ।
লগতে পঢ়ক : ৰাজ্যবাসীলৈ অসমীয়া নতুন বৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ









