অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে । ৰঙালী বিহু অসমৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ, যিয়ে বসন্তৰ আগমন আৰু কৃষি বতৰৰ আৰম্ভণিক সূচায় । হুঁচৰি, বিহু, পিঠা-পনা আদিৰ জৰিয়তে এই উৎসৱ উদযাপন কৰা হয় । এই উৎসৱে আনন্দ, নতুনত্ব আৰু বিশেষকৈ কৃষকসকলৰ মাজলৈ কৃষিৰ সমৃদ্ধি কঢ়িয়াই আনে ।
‘এক্স’ পষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আপোনালোক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ !” পষ্টটোৰ সৈতে সংলগ্ন এখন ফটোত লিখা আছে, “এই সজীৱ উৎসৱে নতুনৰ আৰম্ভণি, সমৃদ্ধি আৰু একতাৰ ভাৱক উদযাপন কৰে । এই উৎসৱে অসমীয়া সংস্কৃতিক ধুনীয়াকৈ প্ৰদৰ্শন কৰে, যিয়ে সকলোতে জনপ্ৰিয়তা লাভ কৰিছে । মই এটি সফলতা, সুখ আৰু সুস্বাস্থ্যৰে ভৰা বছৰৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।”
উল্লেখ্য য়ে, অসমে মঙলবাৰে পৰম্পৰাগত গৰু বিহুৰে ৰাজ্যখনৰ সৰ্ববৃহৎ উৎসৱ ৰঙালী বিহুৰ সপ্তাহজোৰা উদযাপন আৰম্ভ কৰে । ৰঙালী বিহুৰ প্ৰথম দিনটোত গৰু বিহু পালন কৰা হয় । এজন কৃষকৰ জীৱনৰ অন্যতম তাৎপৰ্যপূৰ্ণ উদযাপন হিচাবে গণ্য কৰা এই বিশেষ দিনটোত গাঁওবাসীয়ে তেওঁলোকৰ গোধনক মাহ-হালধি সানি গা ধুৱায় । পশুধনৰ সমৃদ্ধি আৰু মংগলৰ বাবে এই বিহু পালন কৰা হয় ।
কেঁচা হালধি, মাটি মাহ গৰু-ম’হবোৰক নোৱাই-ধুৱাই লাউ-বেঙেনা খুওৱা হয় আৰু নতুন পঘাৰে বন্ধা হয় । মানুহে গৰুক উদ্দেশ্যি পৰম্পৰাগত গায় “লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ বৰ গৰু ।” এই বিহুত পশু ধনক সেৱা-শুশ্ৰুষা কৰাৰ অৰ্থ হ’ল কৃষি আৰু দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ অংশ গৰুৰ প্ৰতি সন্মান তথা কৃতজ্ঞতা প্ৰকাশ কৰা ।
লগতে পঢ়ক : ১৬ এপ্ৰিলৰ পৰা বিশেষ সংসদৰ অধিৱেশন, মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে









