মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত বিভাজনৰ সংকত; অসন্তুষ্ট বিধায়কে গঠন কৰিব পাৰে নতুন দল

মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত বিভাজনৰ সংকট; অসন্তুষ্ট বিধায়কে গঠন কৰিব পাৰে নতুন দল

মমতা বেনাৰ্জীৰ টিএমচিৰ ভিতৰত বিভাজন সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।মমতাৰ ওপৰত অসন্তুষ্ট টিএমচিৰ বিধায়কে নতুন দল গঠন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। পশ্চিম বংগৰ ৰাজনীতিত তীব্ৰ বিদ্ৰোহ আৰম্ভ হৈছে । বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে এতিয়া সংকটৰ মুখামুখী হোৱা দেখা

মমতা বেনাৰ্জীৰ টিএমচিৰ ভিতৰত বিভাজন সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।মমতাৰ ওপৰত অসন্তুষ্ট টিএমচিৰ বিধায়কে নতুন দল গঠন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

পশ্চিম বংগৰ ৰাজনীতিত তীব্ৰ বিদ্ৰোহ আৰম্ভ হৈছে । বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে এতিয়া সংকটৰ মুখামুখী হোৱা দেখা গৈছে। দলৰ ভিতৰত ক্ষোভ, বিদ্ৰোহী নেতাৰ সক্ৰিয়তা আৰু একাংশ বিধায়কৰ গোপন বৈঠকে ৰাজনৈতিক মহলত এই চৰ্চা জোৰদাৰ কৰি তুলিছে যে বংগতো মহাৰাষ্ট্ৰৰ দৰে ৰাজনৈতিক ঘটনাৰ পুনৰাবৃত্তি ঘটিব নেকি।

দেওবাৰে টিএমচিয়ে ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহাক নিলম্বন কৰিছিল। এতিয়া চৰ্চা চলিছে যে এই দুজন বহিষ্কৃত বিধায়কৰ ভিতৰত ঋতব্ৰত বেনাৰ্জী টিএমচিৰ নতুন ‘শিন্দে’ হ’ব পাৰে। একনাথ শিন্দেই যিদৰে ৪০ জন বিধায়কক লগত লৈ সুকীয়া দল গঠন কৰিছিল, ঠিক তেনেদৰে ঋতব্ৰত বেনাৰ্জীয়েও নতুন দল গঠন কৰিব পাৰে। ঋতব্ৰত বেনাৰ্জীয়েও অনুৰূপ চেষ্টা চলাইছে। সেই বাবেই ঋতব্ৰত বেনাৰ্জী আৰু তেওঁৰ সৈতে সন্দীপন সাহাই দলীয় বৈঠকত অংশগ্ৰহণ কৰা নাছিল।

জানিব পৰা মতে,দলৰ পৰা বহিষ্কৃত আৰু অসন্তুষ্ট নেতাসকলে শেহতীয়াকৈ কলকাতাৰ বিধায়ক হোষ্টেলত কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে। এই বৈঠকত টিএমচিৰ ভৱিষ্যত, সাংগঠনিক পৰিৱৰ্তন আৰু কথিতভাৱে এক নতুন ৰাজনৈতিক বিকল্পৰ সন্দৰ্ভত আলোচনা হোৱা বুলি কোৱা হৈছে। টিএমচিৰ প্ৰায় ১৫ৰ পৰা ২০ জন বিধায়ক এনে নেতাৰ সৈতে যোগাযোগত আছে, যিসকলে দলীয় নেতৃত্বৰ ওপৰত চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে। খবৰ অনুসৰি, এই অসন্তুষ্ট নেতাসকলে ‘আচল তৃণমূল’ নামেৰে এক সুকীয়া ৰাজনৈতিক মঞ্চ গঢ়ি তোলাৰ প্ৰস্তুতি চলাইছে। টিএমচি সুপ্ৰিম’ মমতা বেনাৰ্জীয়েও দলৰ ওপৰত অহা এই বিপদক সম্পূৰ্ণৰূপে নাকচ কৰা নাই।

এই সমগ্ৰ বিতৰ্কৰ সূচনা তেতিয়া হৈছিল, যেতিয়া টিএমচি নেতৃত্বই উলুবেৰীয়া পূবৰ বিধায়ক ঋতব্ৰত বেনাৰ্জী আৰু এণ্টালীৰ বিধায়ক সন্দীপন সাহাক দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত বহিষ্কাৰ কৰিছিল। দুয়োগৰাকী বিধায়কে বিৰোধী দলপতিৰ সৈতে জড়িত প্ৰস্তাৱ আৰু স্বাক্ষৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছত যেতিয়া দুয়োকে দলীয় বৈঠকলৈ মাতি পঠোৱা হৈছিল, তেতিয়া তেওঁলোক তাত উপস্থিত হোৱা নাছিল।

লগতে পঢ়ক: বংগত শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ; ৩৫ গৰাকী নতুন মুখে ললে শপত