‘মই দলটো পুনৰ থিয় কৰিম’; টিএমচিৰ নেতাসকলক আশ্বাস মমতা বেনাৰ্জীৰ

‘মই দলটো পুনৰ থিয় কৰিম’; টিএমচিৰ নেতাসকলক আশ্বাস মমতা বেনাৰ্জীৰ

টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে দলৰ সদস্য সকলক লৈ এখন বৈঠকত মিলিত হয়। দলটোৰ সংকটৰ সময়খিনিত কেনেদৰে একগোট হৈ থাকিব পাৰে তাক লৈ আলোচনা কৰা হয়। পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ক্ষমতা হেৰুৱা আৰু বছৰ বছৰ ধৰি সৰ্বাধিক নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিছত তৃণমূল কংগ্ৰেছৰ সুপ্ৰেমো মমতা

টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে দলৰ সদস্য সকলক লৈ এখন বৈঠকত মিলিত হয়। দলটোৰ সংকটৰ সময়খিনিত কেনেদৰে একগোট হৈ থাকিব পাৰে তাক লৈ আলোচনা কৰা হয়।

পশ্চিম বংগ বিধানসভা নিৰ্বাচনত ক্ষমতা হেৰুৱা আৰু বছৰ বছৰ ধৰি সৰ্বাধিক নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পিছত তৃণমূল কংগ্ৰেছৰ সুপ্ৰেমো মমতা বেনাৰ্জীয়ে এতিয়া শূন্যৰ পৰা সংগঠনটো পুনৰ নিৰ্মাণৰ কচৰৎত নামিছে।শুকুৰবাৰে মমতা বেনাৰ্জীয়ে কলকাতাৰ কালিঘাটৰ বাসগৃহত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো দলীয় প্ৰাৰ্থীৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।

এই বৈঠকত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীও উপস্থিত থাকে। পৰাজয়ৰ পিছত দলটোৰ আভ্যন্তৰীণ অস্থিৰতা আৰু নেতাসকলে দল সলনি কৰাৰ জল্পনা-কল্পনাৰ মাজতে মমতা বেনাৰ্জীয়ে স্পষ্টভাৱে কয় যে যিসকলে দলটো এৰিব বিচাৰিছে, তেওঁলোকে তেনে কৰিবলৈ স্বাধীন।

বৈঠকৰ সময়ত মমতা বেনাৰ্জীয়ে নেতাসকলে ৰাজনৈতিক শিবিৰ সলনি কৰাৰ সন্দৰ্ভত স্পষ্টভাৱে কয় “যিসকলে আন দলত যোগদান কৰিব বিচাৰে তেওঁলোকক যাবলৈ দিয়ক।মই দলটোক শূন্যৰ পৰা পুনৰ নিৰ্মাণ কৰিম।যি সকল লোক মোৰ লগত থাকিব বিচাৰে, তেওঁলোকক মই ক’ব বিচাৰিছো যে ক্ষতিগ্ৰস্ত হৈ থকা কাৰ্যালয় সমূহ পুনৰ মেৰামতি কৰক,নতুনকৈ ৰং কৰি সেই কাৰ্যালয় সমূহ পুনৰ খুলি দিয়ক।যদি প্ৰয়োজন হয় মই নিজেই সেই কাৰ্যালয় সমূহ ৰং কৰিম।তৃণমূল কংগ্ৰেছে কেতিয়াও শিৰনত নকৰে।”

মমতা বেনাৰ্জীয়ে আৰু কয় যে, “মই জানো যে কিছুমান মানুহ বেলেগ দললৈ যাব। সম্ভৱ তেওঁলোকৰ নিজৰ কিছুমান বাধ্যবাধকতা আছে।এই বিষয়ে মই একো ক’ব বিচৰা নাই।যিসকল লোকে যাব বিচাৰিছে, তেওঁলোক যাব পাৰে।মই কাকো বলপূৰ্বকভাৱে ৰখাত বিশ্বাস নকৰো।”

লগতে পঢ়ক: ‘সংকট বহু ডাঙৰ‘; মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ থালাপথী বিজয়ৰ