বিপদে লগ নেৰা হৈছে মমতা বেনাৰ্জীৰ; সাম্প্ৰদায়িক মন্তব্যক লৈ এফআইআৰ দাখিল

বিপদে লগ নেৰা হৈছে মমতা বেনাৰ্জীৰ; সাম্প্ৰদায়িক মন্তব্যক লৈ এফআইআৰ দাখিল  

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক্ষমতা হেৰুৱাৰ পিছত দিনে দিনে বাঢ়িছে বিপদ।এতিয়া তেওঁৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰ বাবে এফআইআৰ ৰুজু কৰা হৈছে। পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰায় দুমাহ পুৰণি ঘৃণা বিয়পোৱা ভাষণ সম্পৰ্কীয় গোচৰত এজাহাৰ ৰুজু কৰা হৈছে।

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক্ষমতা হেৰুৱাৰ পিছত দিনে দিনে বাঢ়িছে বিপদ।এতিয়া তেওঁৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্যৰ বাবে এফআইআৰ ৰুজু কৰা হৈছে।

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰায় দুমাহ পুৰণি ঘৃণা বিয়পোৱা ভাষণ সম্পৰ্কীয় গোচৰত এজাহাৰ ৰুজু কৰা হৈছে। কলকাতা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা ভাষণক লৈ এই গোচৰ ৰুজু কৰিছে। মমতা বেনাৰ্জীৰ বিৰুদ্ধে পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কলকাতাত এক প্ৰতিবাদী মঞ্চৰ পৰা কথিতভাৱে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগকাৰীৰ দাবী যে মমতা বেনাৰ্জীৰ এই মন্তব্যই সাম্প্ৰদায়িক ঘৃণাৰ সৃষ্টি কৰিছিল। এই গোচৰটো BNS-ৰ ধাৰা ১৯৬(১), ৩৫১(২) আৰু ৩৫২ ৰ অধীনত হেয়াৰ ষ্ট্ৰীট থানাত ৰুজু কৰা হৈছে। খবৰ অনুসৰি, আৰক্ষীয়ে এখন ‘জিৰ’ এফআইআৰ’ ৰুজু কৰিছে আৰু গোচৰটো হেয়াৰ ষ্ট্ৰীট থানালৈ প্ৰেৰণ কৰিছে।

আনহাতে, অৰুণাচল প্ৰদেশৰ সাংসদ তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱেও নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ ৰ জৰিয়তে চলিত বৰ্ষৰ ২৭ মে’ত মমতা বেনাৰ্জীৰ সেই বক্তব্যক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ তীব্ৰ সমালোচনা কৰি কৈছিল যে মমতা জীৰ এইয়া এতিয়ালৈকে আটাইতকৈ চিন্তাজনক আৰু অপমানজনক মন্তব্য।

মমতা বেনাৰ্জীয়ে প্ৰতিবাদী মঞ্চৰ পৰা কৈছিল, “আমি আছোঁ, সেইকাৰণেই আপোনালোক সকলো সুৰক্ষিত। যদি আমি ইয়াত নাথাকিলোহেঁতেন, তেন্তে যেতিয়া কোনো এটা বিশেষ সম্প্ৰদায়ে এটা গোট গঠন কৰি আপোনালোকক ঘেৰি ধৰিলেহেঁতেন, তেতিয়া তেওঁলোকে আপোনালোকক এক ছেকেণ্ডতে শেষ কৰি দিলেহেঁতেন।”

লগতে পঢ়ক: “মমতাই মোক নহলে অভিষেকক বাছি লওক, মোৰ বাবে অতি অপমানজনক”; অভিষেক বেনাৰ্জীক আক্ৰমণ কল্যাণ বেনাৰ্জীৰ  

শেহতীয়া প্ৰৱন্ধসমূহ