ফিফা বিশ্বকাপ ২০২৬-ৰ উদ্বোধনী মেচতে সৃষ্টি হয় পূৰ্বে নোহোৱা এক অভিলেখ । মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা এই মেচখন ফুটবল বিশ্বকাপৰ ইতিহাসত এক এক অভূতপূৰ্ব আৰু বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল ।
চলিত বিশ্বকাপৰ উদ্বোধনী মেচখনেই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ ইতিহাসত এক অভূতপূৰ্ব আৰু বিৰল ক্ষণৰ সাক্ষী হৈ ৰ’ল । মেক্সিকোৰ বিখ্যাত আছটেকা ষ্টেডিয়ামত (Azteca Stadium) অনুষ্ঠিত খেলখনত তীব্ৰ উত্তেজনাৰ মাজতে ৩ গৰাকীকৈ খেলুৱৈক ৰেড কাৰ্ড দেখুৱাই খেলপথাৰৰ পৰা বহিষ্কাৰ কৰা হয় । বিশ্বকাপৰ ইতিহাসত ইয়াৰ পূৰ্বে উদ্বোধনী মেচত কেতিয়াও এনে ঘটনা ঘটা নাই ।
খেলখনত সহ-আয়োজক মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত কৰে যদিও সমগ্ৰ খেলখনত খেলুৱৈৰ আক্ৰমণাত্মক আচৰণ আৰু ৰেড কাৰ্ডৰ বিষয়টোহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।
উদ্বোধনী মেচত প্ৰথমবাৰ : আটাইকেইখন পোনপটীয়া ৰেড কাৰ্ড
ফুটবল বিশ্বকাপৰ ইতিহাসত এইয়াই প্ৰথমবাৰৰ বাবে উদ্বোধনী মেচতে তিনিগৰাকী খেলুৱৈ বহিষ্কৃত হৈছে । আশ্চৰ্যজনকভাৱে, আটাইকেইখন কাৰ্ডেই আছিল পোনপটীয়া । অৰ্থাৎ, কোনো এগৰাকী খেলুৱৈয়েই দুখন হালধীয়া কাৰ্ডৰ ফলত নহয়, বৰঞ্চ গুৰুতৰ ফাউলৰ বাবে পোনপটীয়াকৈ খেলপথাৰ এৰিবলগীয়া হয় । ইয়াৰ ফলত দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোল আৰু থেম্বা জোৱানে তথা মেক্সিকোৰ চেছাৰ মণ্টেছ অতি কমেও পৰৱৰ্তী এখন মেচৰ বাবে নিলম্বিত হৈছে ।
প্ৰথম ৰেড কাৰ্ড : দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ স্পেফেলো চিথোলে মেক্সিকোৰ ব্ৰায়ান গুটিয়ৰেজক ডি-বক্সৰ ঠিক বাহিৰতে বিপজ্জনকভাৱে বগৰাই দিয়াত প্ৰথম ৰেড কাৰ্ডখন লাভ কৰে ।
দ্বিতীয় ৰেড কাৰ্ড : খেলৰ ৮৪ মিনিটত দক্ষিণ আফ্ৰিকাৰ বিপদ আৰু বৃদ্ধি পায় । ভিডিঅ’ ৰিভিউৰ সহায় লৈ ৰেফ্ৰীয়ে থেম্বা জোৱানক মেক্সিকোৰ ৰবাৰ্টো আলভাৰাডোক মুখত আঘাত কৰাৰ অপৰাধত খেলপথাৰৰ পৰা উলিয়াই দিয়ে ।
তৃতীয় ৰেড কাৰ্ড : খেলৰ একেবাৰে শেষৰ ফালে, অৰ্থাৎ ষ্টপেজ টাইমত মেক্সিকোৰ ডিফেণ্ডাৰ চেছাৰ মণ্টেছে দক্ষিণ আফ্ৰিকাৰ খুলিছো মুডাউক ফাউল কৰাৰ বাবে ৰেড কাৰ্ডৰ সন্মুখীন হয় ।
ভংগ হ’ল বিগত বিশ্বকাপৰ অভিলেখ-
সংখ্যাৰ দিশৰ পৰা চালে, ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ সমগ্ৰ প্ৰতিযোগিতাখনত মাত্ৰ ৪ খনহে ৰেড কাৰ্ড দেখুওৱা হৈছিল । কিন্তু এইবাৰ প্ৰথমখন মেচতে ৩ খন ৰেড কাৰ্ড প্ৰদৰ্শন কৰা হ’ল । ইয়াৰ পূৰ্বে ২০০৬ চনৰ জাৰ্মানী বিশ্বকাপত পৰ্তুগাল আৰু নেডাৰলেণ্ডৰ মাজৰ বিখ্যাত খেলখনত সৰ্বাধিক ৪ গৰাকী খেলুৱৈক ৰেড কাৰ্ড (যাক ‘বেটেল অৱ নুৰেমবাৰ্গ’ বুলি জনা যায়) দেখুওৱা হৈছিল । সেই খেলখনত ১৬ খন হালধীয়া কাৰ্ডো ব্যৱহাৰ হৈছিল । ২০০৬ চনৰ সেই মেচখনৰ পিছত এইখনেই বিশ্বকাপৰ আটাইতকৈ আক্ৰমণাত্মক খেল হিচাপে পৰিগণিত হৈছে ।
পৰৱৰ্তী মেচৰ সমীকৰণ
এই খেলখনৰ পিছত দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ পৰৱৰ্তী মেচখন চেক গণৰাজ্যৰ বিৰুদ্ধে খেলিব । আনহাতে, বিজয়ী দল মেক্সিকোৱে গুৱাদালাজাৰাত দক্ষিণ কোৰিয়াৰ মুখামুখি হ’ব । অৱশ্যে গুৰুত্বপূৰ্ণ খেলুৱৈৰ নিলম্বনে দুয়োটা দলকে পৰৱৰ্তী মেচত কিছু চিন্তাত পেলাব ।
লগতে পঢ়ক : ফিফা বিশ্বকাপ ২০২৬: উদ্বোধনী মেচত মেক্সিকোৰ হাতত ২-০ গলত পৰাস্ত দক্ষিণ আফ্ৰিকা









