৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ

৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ, চীন সীমান্তৰ সমীপত হৈছিল যোগাযোগ বিচ্ছিন্ন

৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ ৫০ জন যাত্ৰী কঢ়িয়াই নিয়া ৰাছিয়াৰ এখন বিমান নিৰুদ্দেশ হোৱা বুলি খবৰ প্ৰকাশ পাইছে । পূব আমুৰ অঞ্চলত ৰাছিয়াৰ বিমান পৰিবহণ নিয়ন্ত্ৰণে বিমানখনৰ সৈতে যোগাযোগ হেৰুৱাই । এই অঞ্চল ৰাছিয়া আৰু চীন সীমান্তত অৱস্থিত । নিৰুদ্দেশ হোৱা বিমানখন

৫০ জন যাত্ৰী কঢ়িয়াই নিয়া বিমান নিৰুদ্দেশ

৫০ জন যাত্ৰী কঢ়িয়াই নিয়া ৰাছিয়াৰ এখন বিমান নিৰুদ্দেশ হোৱা বুলি খবৰ প্ৰকাশ পাইছে । পূব আমুৰ অঞ্চলত ৰাছিয়াৰ বিমান পৰিবহণ নিয়ন্ত্ৰণে বিমানখনৰ সৈতে যোগাযোগ হেৰুৱাই । এই অঞ্চল ৰাছিয়া আৰু চীন সীমান্তত অৱস্থিত । নিৰুদ্দেশ হোৱা বিমানখন চাইবেৰিয়াস্থিত আংগাৰা এয়াৰলাইন্সৰ ।

গন্তব্যস্থানৰ কেইকিলোমিটাৰমান পূৰ্বে যোগাযোগ বিচ্ছিন্ন-

সংবাদ মাধ্যমৰ খবৰ অনুসৰি আংগাৰা এয়াৰলাইন্সৰ বিমানখন আমুৰ অঞ্চলৰ টিণ্ডালৈ গৈ আছিল । বিমানখনত ৫টা শিশুসহ ৪৩জন যাত্ৰী আৰু ছজন ক্ৰু মেম্বাৰ আছিল । স্থানীয় গৱৰ্ণৰ ভাচিলি অৰলভে টেলিগ্ৰামত শ্বেয়াৰ কৰা এটা পোষ্টত কয় যে বিমানখনৰ সন্ধান চলি আছে । যি সময়ত বিমানখনে বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ হেৰুৱাইছিল, সেই সময়ত বিমানখন গন্তব্যস্থানৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত আছিল ।

লগতে পঢ়ক : ‘আমি ভাবুকি সহ্য নকৰো…’; ট্ৰাম্পৰ সতৰ্কবাণীক লৈ মাছুদ পেজেস্কিয়ানৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ