অপাৰেচন সিন্দুৰৰ পিছত ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠক আহ্বান অমিত শ্বাহৰ...

পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰৰ পিছত ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠক আহ্বান অমিত শ্বাহৰ…

অপাৰেচন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । এই অভিযানৰ বিষয়ে তেওঁ ৰাষ্ট্ৰপতিক অৱগত কৰে । আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকৰ সময়ত যুদ্ধ সদৃশ

অপাৰেচন সিন্দুৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে । এই অভিযানৰ বিষয়ে তেওঁ ৰাষ্ট্ৰপতিক অৱগত কৰে । আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকৰ সময়ত যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে অমিত শ্বাহে নিৰাপত্তাৰ বুজ লয় । ইফালে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰো আহ্বান কৰিছে ।

ভাৰতীয় সেনাই মঙলবাৰ আৰু বুধবাৰে নিশা পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰে । এই আক্ৰমণত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ধ্বংস কৰা হয় । ইয়াৰ পিছতে এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় । ইয়াত জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু লাডাখ আৰু জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰসকল উপস্থিত আছে ।

অপাৰেচন সিন্দুৰৰ অধীনত ৯টা সন্ত্ৰাসবাদী স্থান ধ্বংস-

উল্লেখ্য যে, পাকিস্তানৰ উচিত প্ৰত্যুত্তৰ দিছে ভাৰতে । পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ভাৰতীয় সেনাই ধ্বংস কৰিছে । মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী মাছুদ আজহাৰে এই অভিযানত বিপুল লোকচানৰ সন্মুখীন হৈছে । কুখ্যাত সন্ত্ৰাসবাদীটোৰ পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যু হৈছে । অপাৰেচন সিন্দুৰৰ সময়ত সেনাই কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানকহে লক্ষ্য কৰি লৈছিল; পাকিস্তানী সেনাক কোনো ধৰণে লক্ষ্য কৰি লোৱা  নাছিল বুলি ইতিমধ্যে বিবৃতি প্ৰকাশ কৰিছে ।

ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ-

বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰদান কৰে । ইয়াৰ পূৰ্বে পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে চি চি এছৰ বৈঠক অনুষ্ঠিত কৰে । ইয়াৰ পিছতে তেওঁ কেবিনেট বৈঠকতো অংশ লয় । ইয়াত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিল ।