হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু আব্দুল ৰেহমান মাক্কি; ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল মাক্কি

পাকিস্তানৰ লাহোৰত মৃত্যু হ’ল লস্কৰ-ই-তৈবা (এল ই টি)ৰ উপ-মুৰব্বী আব্দুল ৰেহমান মাক্কি। তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় মাক্কি। ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ অপৰাধী আব্দুল ৰেহমান মাক্কি হৈছে সন্ত্ৰাসবাদী হাফিজ ছাইদৰ ভাতৃ।মাক্কিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা বিশ্বব্যাপী সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা হৈছে। তেওঁক ভাৰতটো মষ্ট’

পাকিস্তানৰ লাহোৰত মৃত্যু হ’ল লস্কৰ-ই-তৈবা (এল ই টি)ৰ উপ-মুৰব্বী আব্দুল ৰেহমান মাক্কি। তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় মাক্কি।

২৬/১১ ৰ মুম্বাই আক্ৰমণৰ অপৰাধী আব্দুল ৰেহমান মাক্কি হৈছে সন্ত্ৰাসবাদী হাফিজ ছাইদৰ ভাতৃ।মাক্কিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা বিশ্বব্যাপী সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা হৈছে।

তেওঁক ভাৰতটো মষ্ট’ ৱান্টেড ঘোষণা কৰা হৈছিল। আব্দুল ৰেহমান মাক্কিয়ে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী পুঁজিৰ চোৱাচিতা কৰিছিল।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে মাক্কিক ১২৬৭ আইএছআইএল (দাইশ) আৰু আল কায়েদা নিষেধাজ্ঞা সমিতিৰ অধীনত বিশ্বব্যাপী সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল । ইয়াৰ লগতে, তেওঁৰ সম্পত্তিবোৰ জব্দ কৰা হৈছিল।

২০০০ চনত লাল কিল্লাৰ আক্ৰমণ, ২০০৮ চনৰ ৰামপুৰ আক্ৰমণ, ২৬/১১ ৰ মুম্বাইৰ আক্ৰমণ, শ্ৰীনগৰ আক্ৰমণ, আৰু বহু আক্ৰমণৰ সৈতে জড়িত আছিল এই আব্দুল ৰেহমান মাক্কি।

মাক্কিক পাকিস্তান চৰকাৰে ২০১৯ চনৰ ১৫ মে, তাৰিখে গ্ৰেপ্তাৰ কৰিছিল।তেওঁ লাহোৰত গৃহবন্দী হৈ আছিল। ২০২০ চনত, মাক্কিক পাকিস্তানৰ আদালতে সন্ত্ৰাসবাদী বিত্তীয় গোচৰত দণ্ডিত কৰিছিল।   

শেহতীয়া প্ৰৱন্ধসমূহ