পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ...

পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ… ডি ভিলিয়াৰ্ছৰ বিস্ফোৰক শতক

পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ… ২০২৫ চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ অন্তিমখন মেচত পাকিস্তান চেম্পিয়নে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । শনিবাৰে অনুষ্ঠিত হোৱা এই মেচখনত দক্ষিণ আফ্ৰিকা চেম্পিয়নে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই খিতাপ দখল কৰে । এই চূড়ান্ত খেলখনত পাকিস্তানৰ অধিনায়ক

পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ…

২০২৫ চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ অন্তিমখন মেচত পাকিস্তান চেম্পিয়নে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । শনিবাৰে অনুষ্ঠিত হোৱা এই মেচখনত দক্ষিণ আফ্ৰিকা চেম্পিয়নে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই খিতাপ দখল কৰে । এই চূড়ান্ত খেলখনত পাকিস্তানৰ অধিনায়ক মহম্মদ হাফিজে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । তৃতীয় অভাৰত কামৰাণ আকমল আউট হয় । অধিনায়ক হাফিজে ১০টা বলত ১৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছোৱেইব মালিকে ২০ ৰাণ (২৫ বল)ত আউট হয় ।

ইয়াৰ পিছত শ্বাৰ্জিল খানে ৪৪টা বলত ৭৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । তেওঁৰ পিছত উমৰ আমিন আৰু আছিফ আলীয়ে দ্ৰুততাৰে ৰান সংগ্ৰহ কৰি একেলগে ৩১টা বলত ৬১ ৰান সংযোজন কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ ৱেইন পাৰ্নেলে ৪ অভাৰত ৩২ ৰান খৰছ কৰি ২টা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্ডাছ ভিলজোয়েনেও ২টা উইকেট দখল কৰে । লগে লগে পাকিস্তানে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্ৰহ কৰে ।

দক্ষিণ আফ্ৰিকাৰ ইনিংছ

ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এক সুন্দৰ আৰম্ভণি কৰে । দলটোৱে মাত্ৰ ৬ অভাৰতে ৭২ ৰান সংগ্ৰহ কৰে । পাৱাৰপ্লেৰ শেষৰ বলত ১৮ ৰান সংগ্ৰহ কৰি আউট হয় হাছিম আমলা । ইয়াৰ পিছত পাকিস্তানৰ ফিল্ডিং অতি দুৰ্বল যেন লাগিছিল, বহু কেচ ড্ৰপ কৰে দলটোৰ খেলুৱৈসকলে ।

হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে কেৱল বেটিং কৰি থকা এ বি ডি ভিলিয়াৰ্ছে “ইমপেক্ট প্লেয়াৰ” হিচাপে ৪৭ বলত নিজৰ তৃতীয়টো শতক সম্পূৰ্ণ কৰে । শেষলৈকে তেওঁ ১২০ ৰান (৬০ বল, ১২ চাৰি, ৭ ছয়)ৰ ইনিংছৰে অপৰাজিত হৈ থাকে । জে পি ডুমিনিয়েও তেওঁৰ সৈতে উজ্জ্বল বেটিং কৰিছিল আৰু দুয়ো মিলি ৬৫টা বলত ১২৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । ডুমিনিয়ে ২৮টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

দক্ষিণ আফ্ৰিকাই মাত্ৰ এটা উইকেট হেৰুৱাই ১৬.৫ অভাৰত জয়লাভ কৰি ৯ উইকেটত এক দৰ্শনীয় জয় সাব্যস্ত কৰে ।

খেলখনৰ অন্তত ভাৰত-পাকিস্তান বিবাদৰ বাবেই পি চি বি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)য়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে । খবৰ অনুসৰি এতিয়া ব্যক্তিগত লীগত কোনেও “পাকিস্তান” নাম ব্যৱহাৰ কৰিব নোৱাৰিব ।

লগতে পঢ়ক : অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত