জিৰিবামত ৬জন লোকক হত্যা কৰাৰ প্ৰতিবাদত ইম্ফলত প্ৰতিবাদী সমদল, AFSPA অপসাৰণৰ দাবী

মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন জাপি দিয়াৰ লগতে জিৰিবামত তিনিটি শিশু আৰু তিনিগৰাকী মহিলাক হত্যা কৰাৰ প্ৰতিবাদত শতাধিক লোকে প্ৰতিবাদী সমদল বাহিৰ কৰে । ইম্ফল পশ্চিমৰ থাউ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদল পাঁচ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি খুমান লম্পক ষ্টেডিয়ামত

মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন জাপি দিয়াৰ লগতে জিৰিবামত তিনিটি শিশু আৰু তিনিগৰাকী মহিলাক হত্যা কৰাৰ প্ৰতিবাদত শতাধিক লোকে প্ৰতিবাদী সমদল বাহিৰ কৰে । ইম্ফল পশ্চিমৰ থাউ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদল পাঁচ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি খুমান লম্পক ষ্টেডিয়ামত উপনীত হয় । প্ৰতিবাদকাৰীসকলে প্লেকাৰ্ড লৈ মণিপুৰ ধ্বংস নকৰিব আৰু মণিপুৰ বচাওক শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে প্ৰতিবাদকাৰীসকলে আফছপা (AFSPA) অপসাৰণৰ দাবী জনায় ।

মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজন ৰেলী-

মানৱ অধিকাৰ দিৱস উপলক্ষে অল মণিপুৰ ইউনাইটেড ক্লাবছ অৰ্গেনাইজেশ্যন, পইৰেই লিমাৰোল মীৰা পাইবি আপুনবা মণিপুৰ, সদৌ মণিপুৰ মহিলা স্বেচ্ছাসেৱী সন্থা, মানৱ অধিকাৰ সমিতি আৰু মণিপুৰ ছাত্ৰ ফেডাৰেচনৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই সমাৱেশ ।

ৰেলী সন্দৰ্ভত এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে কয়, ‘মানৱ অধিকাৰ দিৱস উপলক্ষে আমি পুনৰ দৃঢ়তাৰে ক’ব বিচাৰিছো যে মণিপুৰৰ জনসাধাৰণে ৰাজ্যত আফছপা ৰূপায়ণৰ লগতে ইম্ফল উপত্যকাত কুকি আৰু জো উগ্ৰপন্থীয়ে মহিলা আৰু শিশুক হত্যা কৰাৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছে । আফছপাৰ বাবে ইম্ফল উপত্যকা আৰু নগা অঞ্চলত বহু ক্ষতিসাধন হৈছে । উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ নামত অসামৰিক লোকক হত্যা কৰাৰ ই এটা সঁজুলি ।”

আৰক্ষীয়ে জনোৱা মতে, এই সমাৱেশৰ পৰিপ্ৰেক্ষিতত ৰাজধানীত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ৰেলীৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ কোনো তথ্য পোৱা নাই । উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰই মণিপুৰৰ ছখন আৰক্ষী থানাত পুনৰ আফছপা কাৰ্যকৰী কৰিছিল ।

শেহতীয়া প্ৰৱন্ধসমূহ