উখৰুলৰ হিংসাপীড়িত অঞ্চল ভ্ৰমণ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ, শান্তি, সম্প্ৰীতি, সংযম বৰ্তাই ৰখাৰ আহ্বান

হিংসাত্মক ঘটনাৰ পিছতে আইন-শৃংখলা বজাই ৰাখিবলৈ অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । খ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

মণিপুৰৰ মুখ্যমন্ত্ৰী যুমনাম খেমচান্দ সিঙে হিংসাজৰ্জৰ উখৰুল জিলা পৰিভ্ৰমণ কৰে । এই ভ্ৰমণৰ সময়ঠোৱাত তেওঁ আহতসকলক সাক্ষাৎ কৰে । আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (RIMS) চিকিৎসাধীন হৈ থকা আহতসকল সাক্ষাতৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক “শান্তি আৰু সম্প্ৰীতি” বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

মুখ্যমন্ত্ৰী সিঙে কয়, “মই সমাজৰ সকলো শ্ৰেণীৰ লোকক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ অনুৰোধ জনাইছো । উত্তেজনা অধিক বৃদ্ধি পোৱাত বাধা দিবলৈ আলোচনা আৰু সংযম অপৰিহাৰ্য…”

পৰিস্থিতিৰ বুজ ল’বলৈ উপ-মুখ্যমন্ত্ৰীৰ ভ্ৰমণ

আজি পুৱাৰ ভাগত উপ-মুখ্যমন্ত্ৰী লোছি ডিখো, উখৰুল সমষ্টিৰ বিধায়ক ৰাম মুইভা আৰু ছাইকুল সমষ্টিৰ বিধায়িকা কিমনেও হাংছিং হাওকিপৰ সৈতে লিটান চাৰেইখোং ভ্ৰমণ কৰে । উল্লেখ্য যে, এদিন পূৰ্বে এই স্থানতে টাংখুল আৰু কুকি সম্প্ৰদায়ৰ লোকৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছিল ।

চৰকাৰী সূত্ৰ অনুসৰি এই ঘটনাত ২০ টাতকৈও অধিক ঘৰ জ্বলাই দিয়া হয় । লগতে তিনিখন চাৰিচকীয়া বাহন এই ঘটনাত ভস্মীভূত হয় ।

বৰ্তমানৰ স্থিতি আৰু নিৰাপত্তা ব্যৱস্থা

হিংসাত্মক ঘটনাৰ পিছতে অধিক উত্তেজনা ৰোধ কৰিবলৈ আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ অঞ্চলটোত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে । সমগ্ৰ এলেকাত নিষেধাজ্ঞামূলক আদেশ জাৰি কৰা হৈছে । ইফালে, পুনৰ হিংসা হোৱাৰ আশংকাত দুয়োটা সম্প্ৰদায়ৰ বাসিন্দাসকলে নিজৰ সা-সম্পত্তি বান্ধি নিৰাপদ স্থানলৈ যোৱা আৰম্ভ কৰিছে । কৰ্তৃপক্ষই আশ্বাস দিছে যে পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে আৰু ৰাইজক শান্ত থাকিবলৈ তথা প্ৰশাসনক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে, উখৰুলৰ এই হিংসাত্মক ঘটনা এনে এক সময়ত ঘটিছে যাৰ কেইদিনমান পূৰ্বে মণিপুৰৰ টুইবং অঞ্চলত নিৰাপত্তাৰক্ষী আৰু উত্তেজিত জনতাৰ মাজত প্ৰায় ন ঘণ্টা ধৰি সংঘৰ্ষ চলিছিল । বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ পৰা শুকুৰবাৰে পুৱা ৩ বজালৈ চলা এই সংঘৰ্ষৰ বাবে কৰ্তৃপক্ষই অঞ্চলটোত সম্পূৰ্ণ বন্ধ ঘোষণা কৰিবলগীয়া হৈছিল ।

মণিপুৰৰ নতুন উপ-মুখ্যমন্ত্ৰী হিচাপে নেমচা কিপগেন আৰু লোছি ডিখোৰ শপত গ্ৰহণৰ বিৰোধিতাৰে চুৰাচান্দপুৰ জিলাত কৰা এক প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল । খবৰ অনুসৰি, টুইবং মুখ্য বজাৰ এলেকাত এই অশান্তিৰ সূত্ৰপাত হয়, য’ত শ শ যুৱ প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীক তেওঁলোকৰ বেৰেকৰ ফালে ঠেলি পঠিয়াবলৈ চেষ্টা কৰিছিল । টুইবং ফৰেষ্ট গেট এলেকাৰ ওচৰত উত্তেজিত জনতাই নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিবলৈ ধৰাৰ পিছতে এই সংঘৰ্ষৰ সৃষ্টি হয় ।

লগতে পঢ়ক : চৰকাৰ গঠনৰ ২৪ ঘন্টাৰ পিছতেই পুনৰ উত্তপ্ত মণিপুৰ; বিধায়কক সকীয়নি বিদ্ৰোহীৰ

মণিপুৰৰ চন্দেল জিলাত সেনাৰ বৃহৎ অভিযান… ভাৰত-ম্যানমাৰ সীমান্তত ১০ উগ্ৰপন্থী নিহত

বুধবাৰে মণিপুৰৰ চন্দেল জিলাত অসম ৰাইফলছ আৰু উগ্ৰপন্থীৰ মাজত এক ভয়াৱহ সংঘৰ্ষত কমেও ১০ উগ্ৰপন্থী নিহত হয় । এই অভিযান এতিয়াও চলি আছে । ম্যানমাৰ সীমান্তৰ নিউ ছামতাল গাঁৱৰ সমীপত সন্দেহযুক্ত সশস্ত্ৰ উগ্ৰপন্থীৰ চলাচল সম্পৰ্কে লাভ কৰা গোপন তথ্যৰ পিছত সেনাই এই অভিযান আৰম্ভ কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এই তথ্য প্ৰকাশ কৰি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে জনোৱা মতে, ১৪ মে’ত স্পিয়াৰ কৰ্পছৰ অধীনত খেংজয় তহচিলৰ নিউ ছামতাল গাঁৱত অসম ৰাইফলছৰ এটা ইউনিটে এই অভিযান আৰম্ভ কৰে । এই অঞ্চলটো ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত, যিটো প্ৰায়ে উগ্ৰপন্থী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আছে ।

সেনাবাহিনীৰ মতে, “অপাৰেচনৰ সময়ত যেতিয়া জোৱানসকলে অঞ্চলটো ঘেৰাও কৰিছিল, তেতিয়া সন্দেহযুক্ত উগ্ৰপন্থীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা আৰম্ভ কৰে । প্ৰত্যুত্তৰত জোৱানসকলে সংযম আৰু কৌশলেৰে গুলীচালনা কৰিছিল । এই এনকাউণ্টাৰত ১০ উগ্ৰপন্থী নিহত হৈছে ।” লগতে সেনাই জনোৱা মতে, বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও উদ্ধাৰ কৰা হৈছে ।

জানিব পৰা মতে অঞ্চলটোত আৰু অধিক উগ্ৰপন্থীয়ে আত্মগোপন কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও এই তালাচী অভিযান অব্যাহত আছে । অভিযানৰ সময়ত কোনো জোৱান হতাহত হোৱাৰ খবৰ পোৱা নাই । মণিপুৰত চলি থকা হিংসাৰ মাজতে এই কাৰ্যক নিৰাপত্তা বাহিনীয়ে এক গুৰুত্বপূৰ্ণ সফলতা বুলি গণ্য কৰিছে ।

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনত অনুমোদন লোকসভাৰ… মাজনিশা অমিত শ্বাহে আনিলে সাংবিধানিক সংকল্প

বুধবাৰে নিশা (২ এপ্ৰিল) মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন নিশ্চিত কৰিবলৈ সাংবিধানিক প্ৰস্তাৱ লোকসভাই গৃহীত কৰে । হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দুমাহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ বাবে এক সাংবিধানিক প্ৰস্তাৱ লোকসভাত উত্থাপন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।

‘গৰিষ্ঠসংখ্যক সদস্যই ক’লে, মণিপুৰত চৰকাৰ গঠন কৰিব পৰা অৱস্থাত নাই’- অমিত শ্বাহ

গৃহমন্ত্ৰী অমিত শ্বাহে সদনত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰা বুলি কয়, তাৰ পিছতে ৰাজ্যপালগৰাকীয়ে বিধায়কসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু সংখ্যাগৰিষ্ঠ সদস্যসকলে চৰকাৰ গঠনৰ অৱস্থাত নাই বুলি কয় । শ্বাহে কয় যে ইয়াৰ পিছত কেবিনেটে ৰাষ্ট্ৰপতিৰ শাসনৰ পৰামৰ্শ দিছিল যিটো ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰে ।

তেওঁ কয় যে, উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি মই দুমাহৰ ভিতৰত এই সন্দৰ্ভত সদনৰ অনুমোদনৰ বাবে সাংবিধানিক প্ৰস্তাৱ আনিছো । শ্বাহে আৰু কয় যে চৰকাৰৰ প্ৰথম চিন্তা হৈছে মণিপুৰত শান্তি প্ৰতিষ্ঠা কৰা আৰু বৰ্তমান সময়ত মণিপুৰত যোৱা চাৰি মাহত এজনো মৃত্যু হোৱা নাই আৰু মাত্ৰ দুজন লোক আহত হৈছে ।

মণিপুৰ বিষয়ত ৰাজনীতি নকৰিবলৈ বিৰোধীক আহ্বান-

শ্বাহে কয় যে চৰকাৰে বিচাৰে মণিপুৰত শীঘ্ৰে শান্তি ঘূৰি আহক, পুনৰ্বাসন হ’ব লাগে । ইয়াৰ উপৰিও মণিপুৰ বিষয়ত ৰাজনীতি নকৰিবলৈ সদনৰ বিৰোধী দলসমূহক গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান জনায় ।

উল্লেখযোগ্য যে ২১ মাহৰ মণিপুৰ হিংসাত্মক পৰিস্থিতিৰ অন্তত দেওবাৰে (৯ ফেব্ৰুৱাৰী) ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদৰ পৰা পদত্যাগ কৰিছিল । ইম্ফলৰ ৰাজভৱনত তেওঁ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে ।

মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত ৬ মাহৰ বাবে বৃদ্ধি AFSPAৰ ম্যাদ… কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

মণিপুৰত কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে । ১৩টা থানা এলেকাৰ বাহিৰে সমগ্ৰ মণিপুৰত কেন্দ্ৰই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) জাৰি কৰিছে । লগতে নাগালেণ্ডৰ ৮খন জিলা আৰু আন ৫খন জিলাৰ ২১খন থানা এলেকাত আৰু ছমাহৰ বাবে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে । দেওবাৰে এই তথ্য প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে ।

দেওবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ১৩খন থানা এলেকাৰ বাহিৰে সমগ্ৰ মণিপুৰ ৰাজ্যত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) কাৰ্যকৰী কৰা হৈছে । অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাৰ লগতে ৰাজ্যৰ তিনিটা থানা এলেকালৈ আফস্পা ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে । আশীৰ দশকৰ আৰম্ভণিৰ পৰাই মণিপুৰত বলবৎ হৈ আহিছে AFSPA । ইয়াৰ দ্বাৰা নিৰাপত্তা বাহিনীক ‘বিক্ষিপ্ত অঞ্চল’ত জনশৃংখলা বজাই ৰখাৰ বিশেষ ক্ষমতা প্ৰদান কৰা হয় ।

বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ-

ইফালে শনিবাৰে নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ পাহাৰীয়া আৰু উপত্যকা জিলাৰ সীমান্ত আৰু স্পৰ্শকাতৰ অঞ্চলত তালাচী অভিযান আৰম্ভ কৰি অঞ্চলটো দখল কৰে ।

ইম্ফল আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘অভিযানৰ সময়ত তলত উল্লেখ কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰা হৈছে । এটা দেশত নিৰ্মিত ৰাইফল, এটা বল্ট একচন ৰাইফল, এটা .২২ পিষ্টল, এটা দেশত নিৰ্মিত মৰ্টাৰ (Pompey-৫ ফুট), এটা দেশত নিৰ্মিত মৰ্টাৰ (Pompey-4 ফুট), এটা দেশত নিৰ্মিত মৰ্টাৰ (Pompey-4 ফুট), এটা স্থানীয়ভাৱে নিৰ্মিত হেণ্ড গ্ৰেনেড, এটা হেলমেট, এটা বেতাঁৰ চেট, এটা বেতাঁৰ চেট চাৰ্জাৰ, এটা HE বোমা, দহটা লাইভ ৰাউণ্ড ৫.৫৬ মি.মি., বাৰটা খালী কেচ ৭.৬২x৩ মিমি, চুৰাচান্দপুৰ জিলাৰ থাংজিং পাহাৰীয়া অৰণ্যৰ পৰা ৭.৬২x৪৫ মিমি আৰু ৫০০ গ্ৰাম বন্দুকৰ গুলীৰ চাৰিটা খালী কেচ উদ্ধাৰ কৰা হৈছে ।’

২৫০ৰো অধিক লোকৰ মৃত্যু-

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদৰ পৰা পদত্যাগ কৰে । তাৰ কিছুদিন পিছত ১৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াত বিধানসভা স্থগিত ৰখাৰ ফলত ৰাজ্যখনত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হয় । ২০১৭ চনৰ পৰা মণিপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ নেতৃত্ব দি থকা এন বীৰেণ সিঙে ২০২৩ চনৰ মে’ মাহৰ পৰা প্ৰায় ২১ মাহ ধৰি সংঘটিত হোৱা জাতিগত হিংসাৰ অন্তত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ।

পুনৰ অশান্ত মণিপুৰ… পূব ইম্ফলত মেইটেই আৰু পাম্বাই সংগঠনৰ সদস্যৰ মাজত সংঘৰ্ষ

মণিপুৰৰ পূব ইম্ফল জিলাত মেইটেই সংগঠন আৰম্বাই টেংগোলেৰ সদস্য আৰু নিষিদ্ধ ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ সদস্যৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । ইয়াৰ ফলত চাৰিজন উগ্ৰপন্থী আহত হয় । আৰক্ষীৰ জিম্মাত লোৱা হৈছে আহত ইউ এন এল এফ (পাম্বাই)ৰ চাৰিজন উগ্ৰপন্থী । বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁলোকৰ অৱস্থা বিপদ মুক্ত বুলি জানিব পৰা গৈছে ।

শনিবাৰে বিয়লি আৰম্বাই টেংগোলে গোটৰ প্ৰায় ১৫-২০ জন সদস্যই কংপাল চিংগাংবাম লেইকাইত থকা ইৰেংবাম নন্দকুমাৰ সিং (৫৬) নামৰ ইউ এন এল এফৰ উগ্ৰপন্থীৰ ঘৰত প্ৰৱেশ কৰি ইম্ফল উপত্যকাৰ সংগঠনটোৰ উগ্ৰপন্থীক আক্ৰমণ কৰে বুলি আৰক্ষীয়ে জনায় । ঘৰটোত উপস্থিত থকা ইউ এন এল এফ (পাম্বাই)ৰ চাৰিজন উগ্ৰপন্থীক লাঠিৰে প্ৰহাৰ কৰা হয় ।

তেওঁ কয় যে দুয়োপক্ষৰ পৰা কেইবাটাও ৰাউণ্ড গুলীচালনা হয় । জিম্মাত লোৱা হৈছে ইউ এন এল এফ (পাম্বাই)ৰ চাৰিজন উগ্ৰপন্থী । আনহাতে আক্ৰমণকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।

শনিবাৰে নিশা নিৰাপত্তা বাহিনীয়ে জিলাখনৰ খুৰাই অঞ্চলৰ আৰম্বাই টেংগোলৰ এটা কাৰ্যালয়ত অভিযান চলাই তিনিখন চাৰিচকীয়া বাহন, ১৫ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন, ৮খন বুলেটপ্ৰুফ প্লেট, তিনিটা বেতাঁৰ হেণ্ডছেট, এটা ইনছাছৰ বেয়নেট, দুখন তৰোৱাল আৰু অন্যান্য আপত্তিজনক নথি-পত্ৰ জব্দ কৰে । এই পৰ্যন্ত আৰাম্বাই টেংগোলেৰ কোনো সদস্যক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

ইফালে কুকি অধ্যুষিত চুৰাচান্দপুৰ জিলাত ভুৱা আৰু উত্তেজনামূলক বাতৰি প্ৰচাৰৰ বাবে হোৱাটছএপ গ্ৰুপ আৰু ছ’চিয়েল মিডিয়া চেনেলৰ বিৰুদ্ধে ৬খন এফ আই আৰ ৰুজু কৰিছে আৰক্ষীয়ে । আন চেনেলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা লোৱাৰ সকীয়নি দিছে আৰক্ষীয়ে ।

মণিপুৰত নিৰাপত্তা সন্দৰ্ভত অমিত শ্বাহৰ বৈঠক, ৮ মাৰ্চৰ পৰা দিলে বিশেষ নিৰ্দেশ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো পথতে মানুহৰ মৃসণ চলাচল নিশ্চিত কৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিয়ে । মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকৰ অধ্যক্ষতা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পথত বাধা সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

উত্তৰ-পূবৰ ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পাছত এইখনেই প্ৰথম এনে বৈঠক । ২০২৩ চনৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই জনগোষ্ঠী আৰু ইয়াৰ আশে-পাশে থকা পাহাৰৰ কুকি জনগোষ্ঠীৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে ।

মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় গৃহমন্ত্ৰীগৰাকীয়ে । তেওঁক ৰাজ্যখনৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে বিতং তথ্য দিয়া হয় । এই বৈঠকত ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ লগতে মণিপুৰ চৰকাৰ, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কিছুদিন পিছতে উত্তৰ-পূবৰ ৰাজ্যখনত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হৈছিল । ইয়াৰ পিছত কেন্দ্ৰই ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়ে ।

বিগত ২০ ফেব্ৰুৱাৰীত ৰাজ্যপাল ভল্লাই ৭ দিনৰ ভিতৰত লুণ্ঠন আৰু অবৈধভাৱে ৰখা অস্ত্ৰ-শস্ত্ৰ স্বেচ্ছাই আৰক্ষীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল । এই সময়ছোৱাত অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰাসকলৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলি তেওঁ আশ্বাস দিছিল ।

এই সময়ছোৱাত মূলতঃ উপত্যকা জিলাসমূহত ৩০০ৰো অধিক অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিছিল । ইয়াৰ ভিতৰত আছে মেইটেই উগ্ৰপন্থী সংগঠন আৰম্বাই টেংগোলে গতাই দিয়া ২৪৬টা আগ্নেয়াস্ত্ৰ । শুকুৰবাৰে ভল্লাই লুণ্ঠন আৰু অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক গতাই দিয়াৰ সময়সীমা ৬ মাৰ্চৰ সন্ধিয়া ৪ বজালৈকে বৃদ্ধি কৰিছিল ।

‘মণিপুৰত কোনো সাংবিধানিক সংকট নাই, বিষয়টো কেন্দ্ৰই সমাধান কৰিব’…বিজেপি বিধায়কৰ বিবৃতি

বুধবাৰে মণিপুৰৰ বিজেপিৰ বিধায়ক কৰম শ্যামে ডাঙৰ দাবী উত্থাপন কৰে । এন বীৰেণ সিঙে হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতো সাংবিধানিক সংকট হোৱা নাই বুলি তেওঁ কয় । বীৰেন সিঙে যোৱা ৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল । শ্যামে কয় যে বিধায়কসকলৰ সহায়ত কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰতিক সমস্যা সমাধান কৰিব ।

‘ৰাষ্ট্ৰপতিৰ শাসনৰ কথা নাজানো’

বিজেপি বিধায়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ শাসনৰ কথা মই নাজানো । নেতৃত্ব সংকটৰ বিষয়টো কেন্দ্ৰই বিধায়কৰ সহায়ত সমাধান কৰিব বুলি মই ভাবো । মই ভাবো মণিপুৰত কোনো সাংবিধানিক সংকট নাই । তেওঁ ইম্ফলৰ এখন হোটেললৈ বিজেপিৰ উত্তৰ-পূবৰ প্ৰভাৰী সম্বিত পাত্ৰক সাক্ষাৎ কৰিবলৈ আহিছিল ।

পাত্ৰই ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে-

ইয়াৰ পূৰ্বে সম্বিত পাত্ৰৰ নেতৃত্বত বিজেপিৰ এটা প্ৰতিনিধি দলে মঙলবাৰে ৰাজভৱনত ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক সাক্ষাৎ কৰে । যোৱা ৯ ফেব্ৰুৱাৰীত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে নেতৃত্ব সংকটৰ সৃষ্টি হৈছে । ৰাজ্যিক বিধানসভাৰ একেৰাহে দুটা অধিৱেশনৰ মাজত সৰ্বাধিক ছমাহৰ ব্যৱধানৰ ম্যাদ উকলি যোৱাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ‘চাওঁ কি হয়’ ।

নতুন মুখ্যমন্ত্ৰীৰ নাম কেতিয়া ঘোষণা হ’ব ?

বীৰেন সিঙৰ পদত্যাগৰ পাছত অতি সোনকালে নতুন মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰা হ’ব নেকি বুলি সোধাত শ্যামে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে । ইফালে বিশেষজ্ঞসকলে সকীয়াই দিছে যে এতিয়ালৈকে কোনেও চৰকাৰ গঠনৰ দাবী নকৰাৰ বাবে বিজেপি শাসিত মণিপুৰ সাংবিধানিক সংকটৰ দিশে আগবাঢ়িব পাৰে । পৰিস্থিতি এনেদৰে থাকিলে ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব পাৰে বুলিও তেওঁ কয় ।

মণিপুৰৰ ৰাজনৈতিক সংকটৰ মাজতে ৰাজ্যপালক সাক্ষাৎ বিজেপিৰ, নিৰ্বাচনৰ দাবী বিৰোধীৰ

ৰাজনৈতিক অস্থিৰতা আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰত চৰকাৰ গঠন আৰু প্ৰশাসন চলোৱা সন্দৰ্ভত বিভ্ৰান্তিৰ সৃষ্টি হৈছে । মঙলবাৰে ৰাজভৱনত ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক সাক্ষাৎ কৰে বিজেপিৰ উত্তৰ-পূব প্ৰভাৰী সম্বিত পাত্ৰ আৰু মণিপুৰৰ ৰাজ্যিক সভাপতি এ শৰদা দেৱীয়ে ।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ পিছতে ৰাজ্যত নেতৃত্বৰ সংকট সৃষ্টি হোৱাৰ সময়তে এই বৈঠক অনুষ্ঠিত হয় । পাত্ৰ আৰু দেৱীৰ সৈতে শিক্ষামন্ত্ৰী টি বসন্ত কুমাৰ সিং, এন পি এফ মণিপুৰ ইউনিটৰ সভাপতি আৱাংবৌ নেমাই আৰু জে ডি ইউৰ বিধায়ক নাছিৰ উপস্থিত থাকে ।

সূত্ৰ অনুসৰি ৰাজ্যপালৰ সৈতে এই বৈঠক প্ৰায় আধা ঘণ্টা ধৰি চলিছিল যদিও ইয়াৰ ফলাফলৰ কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই । ৰাজ্যখনৰ বিজেপিত ক্ৰমাৎ ক্ষোভ আৰু নেতৃত্ব সলনিৰ দাবীৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে ।

ৰাজ্যপালৰ বিধানসভা অধিৱেশন বাতিলৰ নিৰ্দেশক অসাংবিধানিক বুলি অভিহিত কংগ্ৰেছৰ-

মণিপুৰ কংগ্ৰেছৰ সভাপতি কেশম মেঘচন্দ্ৰই মঙলবাৰে কয় যে ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই দ্বাদশ মণিপুৰ বিধানসভাৰ সপ্তম অধিৱেশন বাতিল কৰাৰ নিৰ্দেশ ‘অবৈধ আৰু অসাংবিধানিক’ । বিৰোধী দলসমূহে ৰাজ্যপালৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গণতান্ত্ৰিক প্ৰক্ৰিয়া অটুট ৰখাৰ দাবী জনাইছে ।

বিগত ৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে ৰাজ্যপালগৰাকীয়ে এই নিৰ্দেশ জাৰি কৰিছিল । য’ত ২০২৫ চনৰ ২৪ জানুৱাৰীত বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ পূৰ্বৰ নিৰ্দেশনা বাতিল ঘোষণা কৰা হৈছিল ।

মেঘচন্দ্ৰই কয় যে ২০২৫ চনৰ ২৪ জানুৱাৰী তাৰিখৰ এই আদেশক ‘শূন্য আৰু বাতিল’ বুলি ঘোষণা কৰি মণিপুৰৰ সন্মানীয় ৰাজ্যপালে ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে দিয়া আদেশ অবৈধ আৰু অসাংবিধানিক । আজি মণিপুৰ বিধানসভাৰ সাংবিধানিকভাৱে বাধ্যতামূলক বৈঠকৰ অন্তিম দিন, তথাপিও অধিৱেশন আহ্বানৰ বাবে কোনো উদ্যোগ লোৱা হোৱা নাই ।

নতুন নিৰ্বাচনৰ দাবী চি পি আইৰ-

ইফালে ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মণিপুৰ ৰাজ্য পৰিষদে মঙলবাৰে কয় যে এন বীৰেণ সিঙক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিলে ৰাজ্যখন অধিক কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব । তেওঁলোকে নতুনকৈ বিধানসভা নিৰ্বাচনৰ দাবী জনাইছে যাতে ৰাজ্যত নতুন প্ৰশাসনিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পৰা যায় ।

মণিপুৰৰ ৰাজনীতিত হঠাৎ পট পৰিৱৰ্তন ; মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ  

যোৱা ২ টা বছৰ ধৰি, মণিপুৰ হিংসা আৰু হত্যাৰ ঘটনাৰ বাবে সমগ্ৰ দেশতে চৰ্চাত আছে।এই ঘটনাবোৰৰ পিছত, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱশেষত ৯ ফেব্ৰুৱাৰী, দেওবাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে।

উল্লেখনীয় যে মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ মাজত মুখ্যমন্ত্ৰীৰ পদত্যাগৰ নিৰন্তৰ দাবী উত্থাপিত হৈ আহিছে।

কিন্তু তেওঁ পদত্যাগ কৰা নাছিল আৰু কৈ আছিল যে তেওঁৰ চৰকাৰে ৰাজ্যখনত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰি আছে।

 কিন্তু দেওবাৰে তেওঁ হঠাতে গৃহ মন্ত্ৰী অমিত শ্বাহক লগ কৰে আৰু তাৰ পিছত গৃহমন্ত্ৰী গৰাকীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।

মণিপুৰৰ মেইটেই সম্প্ৰদায়ে দীৰ্ঘদিন ধৰি এছ টি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবী কৰি আহিছে, আৰু কুকিসকলে দীৰ্ঘদিন ধৰি এই দাবীৰ বিৰোধিতা কৰি আহিছে।

উল্লেখনীয় যে মেইটেই মণিপুৰৰ প্ৰধান জাতিগত গোট আৰু কুকি হৈছে অন্যতম বৃহৎ জনজাতি।এই বিষয়টো সন্দৰ্ভত এক বিতৰ্ক হৈছিল, যিটো তেতিয়া বৃদ্ধি পাইছিল যেতিয়া মণিপুৰৰ জনজাতীয় গোটবোৰে ২৮ এপ্ৰিল, ২০২৩ তাৰিখে মুখ্যমন্ত্ৰী বীৰেন সিঙৰ চুৰাচান্দপুৰ ভ্ৰমণৰ কিছুদিন পূৰ্বে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, যদিও উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছিল।

অভিযোগ অনুসৰি, গীৰ্জাসমূহ ভাঙি পেলোৱা হৈছিল আৰু জনজাতীয় সম্প্ৰদায়ে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ইয়াৰ পিছত, মণিপুৰত হিংসাত্মক ঘটনা আৰম্ভ হয়।

বৰ্তমান মণিপুৰত বিজেপি চৰকাৰৰ শাসনত আছে। এন. বীৰেনৰ বিৰুদ্ধে বৰ্ধিত অচলাৱস্থাৰ মাজত, বিধায়কসকলৰ এটা বৃহৎ গোটে তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ ভাবুকি দিছিল।

এন বীৰেন সিঙং ৯ ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা দিল্লীত উপস্থিত হৈছিল। তেওঁক কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে এখন বৈঠকৰ বাবে মাতি পঠিয়াইছিল।

সেই বৈঠকত গৃহমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ ৰাজনৈতিক উন্নয়নৰ বিষয়ে অৱগত কৰিছিল।নিজৰ দলৰ বিধায়কসকলৰ মাজত বাঢ়ি অহা অচলাৱস্থাৰ কথা বিবেচনা কৰি, অমিত শ্বাহে পৰিস্থিতিটোৰ বিষয়ে ভালদৰে বুজি পাইছিল। এই সন্দৰ্ভত, এন. বীৰেনক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

দিল্লীলৈ যোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আগন্তুক বাজেট অধিৱেশনৰ বিষয়ে আনুষ্ঠানিকভাৱে আলোচনা কৰিবলৈ ইম্ফলৰ মুখ্যমন্ত্ৰী সচিবালয়ত সকলো বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়কৰ সৈতে এখন বৈঠক আহ্বান কৰিছিল।

এই বৈঠকৰ প্ৰকৃত উদ্দেশ্য আছিল দলৰ বিধায়কসকলৰ মাজত সমৰ্থন মূল্যায়ন কৰা।কিন্তু হে এই আলোচনাত মাত্ৰ ২১ জন বিধায়কে অংশগ্ৰহণ কৰিছিল।