জিৰিবামত ৬জন লোকক হত্যা কৰাৰ প্ৰতিবাদত ইম্ফলত প্ৰতিবাদী সমদল, AFSPA অপসাৰণৰ দাবী

মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন জাপি দিয়াৰ লগতে জিৰিবামত তিনিটি শিশু আৰু তিনিগৰাকী মহিলাক হত্যা কৰাৰ প্ৰতিবাদত শতাধিক লোকে প্ৰতিবাদী সমদল বাহিৰ কৰে । ইম্ফল পশ্চিমৰ থাউ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই সমদল পাঁচ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি খুমান লম্পক ষ্টেডিয়ামত উপনীত হয় । প্ৰতিবাদকাৰীসকলে প্লেকাৰ্ড লৈ মণিপুৰ ধ্বংস নকৰিব আৰু মণিপুৰ বচাওক শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে প্ৰতিবাদকাৰীসকলে আফছপা (AFSPA) অপসাৰণৰ দাবী জনায় ।

মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজন ৰেলী-

মানৱ অধিকাৰ দিৱস উপলক্ষে অল মণিপুৰ ইউনাইটেড ক্লাবছ অৰ্গেনাইজেশ্যন, পইৰেই লিমাৰোল মীৰা পাইবি আপুনবা মণিপুৰ, সদৌ মণিপুৰ মহিলা স্বেচ্ছাসেৱী সন্থা, মানৱ অধিকাৰ সমিতি আৰু মণিপুৰ ছাত্ৰ ফেডাৰেচনৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই সমাৱেশ ।

ৰেলী সন্দৰ্ভত এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে কয়, ‘মানৱ অধিকাৰ দিৱস উপলক্ষে আমি পুনৰ দৃঢ়তাৰে ক’ব বিচাৰিছো যে মণিপুৰৰ জনসাধাৰণে ৰাজ্যত আফছপা ৰূপায়ণৰ লগতে ইম্ফল উপত্যকাত কুকি আৰু জো উগ্ৰপন্থীয়ে মহিলা আৰু শিশুক হত্যা কৰাৰ বিৰুদ্ধে দৃঢ়তাৰে থিয় দিছে । আফছপাৰ বাবে ইম্ফল উপত্যকা আৰু নগা অঞ্চলত বহু ক্ষতিসাধন হৈছে । উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ নামত অসামৰিক লোকক হত্যা কৰাৰ ই এটা সঁজুলি ।”

আৰক্ষীয়ে জনোৱা মতে, এই সমাৱেশৰ পৰিপ্ৰেক্ষিতত ৰাজধানীত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ৰেলীৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ কোনো তথ্য পোৱা নাই । উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰই মণিপুৰৰ ছখন আৰক্ষী থানাত পুনৰ আফছপা কাৰ্যকৰী কৰিছিল ।

৯ ডিচেম্বৰলৈকে ৯ খন জিলাত বৃদ্ধি মোবাইল ইণ্টাৰনেটৰ নিষেধাজ্ঞা, থৌবালত জব্দ গোলাবাৰুদ

মণিপুৰ চৰকাৰে শনিবাৰে অশান্ত ৯খন জিলাত মোবাইল ইন্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা ৯ ডিচেম্বৰলৈ বৃদ্ধি কৰে । ইম্ফল পশ্চিম, ইম্ফল পূৱ, কাকচিং, বিষ্ণুপুৰ, থৌবাল, চুৰাচান্দপুৰ, কংপোকপি, ফেৰজাৱাল আৰু জিৰিবাম জিলাৰ প্ৰচলিত আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশত প্ৰকাশ কৰিছে ।

নিৰ্দেশত কোৱা হৈছে যে জনস্বাৰ্থত ৯ ডিচেম্বৰৰ সন্ধিয়া ৫.১৫ বজালৈ ভিছাট আৰু ভি পি এনকে ধৰি মোবাইল ইন্টাৰনেট আৰু মোবাইল ডাটা সেৱা স্থগিত ৰখা হ’ব । অৱশ্যে, “ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত” বিষয়বোৰ ৰেহাই দিয়া হৈছে । জিৰি আৰু বৰাক নদীৰ পৰা তিনিগৰাকী মহিলা আৰু তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত ১৬ নৱেম্বৰত এই জিলাসমূহত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল ।

স্বাস্থ্য সুবিধা, শিক্ষানুষ্ঠান আৰু বিভিন্ন কাৰ্যালয়ৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ১৯ নৱেম্বৰত ব্ৰডবেণ্ড সেৱাৰ ওপৰত নিলম্বন প্ৰত্যাহাৰ কৰে । অৱশ্যে ৱাইফাই বা হটস্পট শ্বেয়াৰ কৰাৰ অনুমতি নাছিল ।

AFSPAৰ বিৰুদ্ধে ৰেলী বাহিৰ হ’ব-

অল মণিপুৰ ইউনাইটেড ক্লাবছ অৰ্গেনাইজেশ্যনৰ নেতৃত্বত ইম্ফল ভেলীৰ পাঁচটা নাগৰিক সংগঠনে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) অব্যাহত ৰখাৰ বিৰুদ্ধে মঙলবাৰে এক সমদল উলিয়াব আৰু মণিপুৰত শান্তি পুনৰুদ্ধাৰৰ দাবী উত্থাপন কৰিব । এই সংগঠনসমূহৰ আহ্বায়ক প্ৰতাপ লীছাংথেমে কয় যে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে মঙলবাৰে আফছপাৰ বিৰুদ্ধে আৰু ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে এক সমদল উলিওৱা হ’ব ।

লীছাংথেমে সকলো ৰাইজক সেইদিনা কাম বন্ধ কৰি ৰেলীত যোগদান কৰিবলৈ আহ্বান জনাইছে । এই সমাৱেশৰ অধীনত প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হ’ব । পইৰেই লিমাৰোল মীৰা পাইবি আপুনবা মণিপুৰ, সদৌ মণিপুৰ স্বেচ্ছাসেৱী সন্থা, মানৱ অধিকাৰ সমিতি (COHR) মণিপুৰ ছাত্ৰ ফেডাৰেচনে ইয়াত অংশগ্ৰহণ কৰিব ।

মণিপুৰত জব্দ অস্ত্ৰ আৰু গোলাবাৰুদ-

মণিপুৰৰ থৌবাল জিলাত নিৰাপত্তাৰক্ষীয়ে জব্দ কৰিছে অস্ত্ৰ আৰু গোলাবাৰুদ । আৰক্ষীৰ মতে, শুকুৰবাৰে পেচি চিংলাকৰ পাদদেশত অভিযান চলাই জব্দ কৰা হয় এই গোলাবাৰুদসমূহ । জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভিতৰত আছে এটা এছ এম জি কাৰ্বাইন, মেগজিন, তিনিটা হেণ্ড গ্ৰেনেড, চাৰিটা কাৰ্টিজ আৰু এটা ৰেডিঅ’ চেট ।