ভয়ংকৰ; মাতৃৰ প্ৰতি কৰা অন্যায় দেখি বৰদেউতাকক চুৰিৰে উপৰ্যুপৰি প্ৰহাৰ ভতিজাকৰ

বৰাচাৰ্ভিছৰ শনিৰাম বৰা পথত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। নেইল কাটাৰৰ সংলগ্ন চুৰিৰে ৰাতুল দাসে উপৰ্যুপৰি প্ৰহাৰ কৰে বৰদেউতাকক।জানিব পৰা মতে পাৰিবাৰিক সংঘাতৰ বাবেই সংঘটিত হয় ঘটনাটো। ৰাতুল দাসৰ অভিযোগ পিতৃ আৰু বৰদেউতাকে মাতৃৰ প্ৰতি কৰা অন্যায় বাবেই এই ঘটনা সংঘটিত কৰে।ইতিমধ্যে বৰদেউতাকক আক্ৰমণ

বৰাচাৰ্ভিছৰ শনিৰাম বৰা পথত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। নেইল কাটাৰৰ সংলগ্ন চুৰিৰে ৰাতুল দাসে উপৰ্যুপৰি প্ৰহাৰ কৰে বৰদেউতাকক।জানিব পৰা মতে পাৰিবাৰিক সংঘাতৰ বাবেই সংঘটিত হয় ঘটনাটো।

ৰাতুল দাসৰ অভিযোগ পিতৃ আৰু বৰদেউতাকে মাতৃৰ প্ৰতি কৰা অন্যায় বাবেই এই ঘটনা সংঘটিত কৰে।ইতিমধ্যে বৰদেউতাকক আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে ৰাতুল দাসে।

সম্প্ৰতি ৰাতুল দাসক আটক কৰিছে মহানগৰ আৰক্ষীয়ে।ইফালে সংকটজনক অৱস্থাত বৰদেউতাকক GMCH ত ভৰ্তি কৰোৱা হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ