ভয়ংকৰ; মাতৃৰ প্ৰতি কৰা অন্যায় দেখি বৰদেউতাকক চুৰিৰে উপৰ্যুপৰি প্ৰহাৰ ভতিজাকৰ

বৰাচাৰ্ভিছৰ শনিৰাম বৰা পথত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। নেইল কাটাৰৰ সংলগ্ন চুৰিৰে ৰাতুল দাসে উপৰ্যুপৰি প্ৰহাৰ কৰে বৰদেউতাকক।জানিব পৰা মতে পাৰিবাৰিক সংঘাতৰ বাবেই সংঘটিত হয় ঘটনাটো।

ৰাতুল দাসৰ অভিযোগ পিতৃ আৰু বৰদেউতাকে মাতৃৰ প্ৰতি কৰা অন্যায় বাবেই এই ঘটনা সংঘটিত কৰে।ইতিমধ্যে বৰদেউতাকক আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে ৰাতুল দাসে।

সম্প্ৰতি ৰাতুল দাসক আটক কৰিছে মহানগৰ আৰক্ষীয়ে।ইফালে সংকটজনক অৱস্থাত বৰদেউতাকক GMCH ত ভৰ্তি কৰোৱা হৈছে।

গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত বিস্ফোৰণ; প্ৰচণ্ড শব্দত কঁপি উঠিল লালমাটি

গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত শুনা গ’ল বিস্ফোৰণৰ শব্দ।প্ৰচণ্ড শব্দত কঁপি উঠিল ISBT।শব্দৰ উৎস বিচাৰি বেহাৰবাৰীত আৰক্ষীৰ অভিযান। এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ।

মহানগৰীৰ লালমাটি ব্ৰহ্মপুত্ৰ পাচলি বজাৰত শুনা হৈছে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ। এই মুহূৰ্তলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ কথা জানিব পৰা হোৱা নাই।

গণৰাজ্য দিৱসৰ পুৱাই হোৱা ৰহস্য জনক বিস্ফোৰণৰ পিছতেই আতংকিত হৈ পৰিছে অঞ্চলবাসী।ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

পানী খৰচ কৰোতে মহানগৰবাসী সাৱধান; তিনিদিনলৈ নাপাব পানী

মহানগৰীৰ জনতাৰ বাবে ডাঙৰ খবৰ। আজিৰে পৰা তিনি দিনলৈ গুৱাহাটীবাসীয়ে নাপাব পানী। মহানগৰীৰ কেইবাটাও প্ৰান্তত নাপাব পানী।

অমিয় নগৰ , চান্দমাৰি, লাচিত নগৰ, ৰাজগড়, উলুবাৰী, ৰূপ নগৰ, বৰা চাৰ্ভিছ, জো-ৰোড, অনিল নগৰ,  নবীন নগৰ, তৰুণ নগৰ, শ্ৰী নগৰ, ভাস্কৰ নগৰ, এম টি ৰোড, গীতানগৰ. অম্বিকাগিৰী নগৰ, সুন্দৰপুৰ, মানিক নগৰ, হেঙেৰাবাৰী, স্বৰাজ নগৰ, ডাউনটাউন, বৰ মটৰীয়া, সৰু মটৰীয়া, লতাশিল, শিল পুখুৰী, পাণ বজাৰ,খাৰঘূলীত বন্ধ থাকিব পানী যোগান।

জাইকাৰ পাইপ লাইনত চলিব মেৰামতিৰ কাম।গুৱাহাটী জলবোৰ্ডে দিছে এই নিৰ্দেশনা । জলবোৰ্ডৰ অধ্যক্ষ পল্লৱ গোপাল ঝাৰ মন্তব্যৰ জৰিয়তে দিছে এই নিৰ্দেশনাটো।

দৰাচলতে বৃহস্পতিবাৰে মহানগৰীৰ খাৰঘূলীত পানীৰ পাইপ ফুটি এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল। যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।