লক্ষ্ণৌত ছুপাৰ জায়েন্টছ আৰু পঞ্জাৱ কিংছৰ যুঁজ

আজি আই পি এলত দুই ব্যয়বহুল খেলুৱৈৰ সংঘৰ্ষ… লক্ষ্ণৌত ছুপাৰ জায়েন্টছ আৰু পঞ্জাৱ কিংছৰ যুঁজ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৩ সংখ্যক মেচত আজি (১ এপ্ৰিল) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুখামুখি হ’ব পঞ্জাব কিংছ (পি বি কে এছ) । লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা দুয়োটা দলৰ মাজত এই খেলখন আৰম্ভ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ১৩ সংখ্যক মেচত আজি (১ এপ্ৰিল) লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মুখামুখি হ’ব পঞ্জাব কিংছ (পি বি কে এছ) । লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা দুয়োটা দলৰ মাজত এই খেলখন আৰম্ভ হ’ব । এই মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক হিচাপে থাকিব ঋষভ পন্ট । একে সময়তে পঞ্জাৱ কিংছৰ বাঘজৰী শ্ৰেয়াছ আয়েৰৰ হাতত থাকিব ।

দুয়োটা দলে শেষৰখন খেলত জয়লাভ কৰিছে-

এই মেচখন আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ (ঋষভ পন্ট) আৰু দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈ (শ্ৰেয়াছ আয়াৰ)ৰ মাজত হ’ব । আই পি এল ২০২৫ৰ মেগা নিলামত ঋষভ পন্টক এল এছ জিয়ে ২৭ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে শ্ৰেয়াছ আয়েৰে ২৬.৭৫ কোটি টকাত পঞ্জাব কিংছত যোগদান কৰে । চলিত আই পি এল ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ প্ৰথমখন খেলত দিল্লী কেপিটেলছ (ডি চি)ৰ বিৰুদ্ধে এটা উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । অৱশ্যে লক্ষ্ণৌৱে পুনৰ প্ৰত্যাৱৰ্তন কৰি ঘৰুৱা খেলপথাৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ক ৫ উইকেটত পৰাস্ত কৰি একাউণ্ট মুকলি কৰে ।

আনহাতে, এই ছিজনত পাঞ্জাব কিংছে একমাত্ৰ মেচত গুজৰাট টাইটানছ (জি টি)ৰ বিৰুদ্ধে খেলিছিল, য’ত তেওঁলোকে ১১ ৰানত জয়লাভ কৰে । আজিৰ খেলখনত সকলোৰে দৃষ্টি থাকিব ঋষভ পন্টৰ ওপৰত, যিয়ে প্ৰথম দুখন মেচত বেটছমেন হিচাপে ব্যৰ্থ হোৱাৰ পিছত নিজৰ ডাঙৰ মূল্যৰ ন্যায্যতা প্ৰদান কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হ’ব । প্ৰথম দুখন মেচত পণ্টে শূন্য আৰু ১৫ ৰানহে কৰিবলৈ সক্ষম হয় । এই ছিজনত পঞ্জাৱ কিংছত যোগদান কৰা দিল্লী কেপিটেলছ (ডি চি)ৰ প্ৰাক্তন প্ৰশিক্ষক ৰিকি পণ্টিঙৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে পণ্ট মুখামুখি হ’ব ।

ইফালে ঋষভ পণ্টৰ দৰে বিপৰীতে  পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ ফৰ্মত আছে । গুজৰাট টাইটানছৰ বিৰুদ্ধে ৪২টা বলত ৯৭ ৰানৰ অপৰাজিত মেচ বিজয়ী ইনিংছ খেলিছিল শ্ৰেয়াছে । আই পি এল বিজয়ী অধিনায়ক শ্ৰেয়াছে তিনি নম্বৰত বেটিং কৰি ভাল পায় আৰু তেওঁ এই ছন্দ অব্যাহত ৰাখিব বিচাৰে । শশাংক সিঙেও যোৱা ছিজনৰ পৰা নিজৰ উৎকৃষ্ট ফৰ্ম অক্ষুণ্ণ ৰাখিছে । আনহাতে প্ৰিয়ংশ আৰ্য্যই ২৩টা বলত ৪৭ ৰান সংগ্ৰহ কৰি আই পি এল কেৰিয়াৰৰ উজ্জ্বল আৰম্ভণি কৰে ।

পঞ্জাৱৰ হৈ বেগী বলাৰ অৰ্শদ্বীপ সিং আৰু ‘ইমপেক্ট চাব’ হিচাপে অহা মিডিয়াম পেচাৰ বিজয় কুমাৰ বৈশাখে উন্নত বলিং কৰিছে । ভাৰতীয় প্ৰবীণ লেগ স্পীনাৰ যুজবেন্দ্ৰ চাহালে পঞ্জাৱৰ স্পীন আক্ৰমণত নেতৃত্ব দিয়াৰ বিপৰীতে গ্লেন মেক্সৱেলেও প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছো আছে, যিসকল এই মুহূৰ্তত অতি উত্তম ফৰ্মত আছে ।

যদি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ শক্তিশালী বেটিং অৰ্ডাৰে ডাঙৰ স্ক’ৰ কৰে তেন্তে তেওঁলোকৰ ফলপ্ৰসূ লেগ স্পীনেৰে সফলতা প্ৰদান কৰাৰ দায়িত্ব ৰবি বিষ্ণয়ৰ ওপৰত পৰিব । তেওঁৰ সৈতে আছে লেগ স্পীনাৰ দিগবেশ ৰাথী, যিয়ে যোৱা বছৰ দিল্লী প্ৰিমিয়াৰ লীগৰ উদ্বোধনী ছিজনত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । আয়োজক দলটোৰ বাওঁহাতৰ স্পীনাৰ শ্বাহবাজ আহমেদকো খেলোৱাৰ বিকল্প আছে ।

শেহতীয়া প্ৰৱন্ধসমূহ