প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ উপস্থিত ৰাহুল গান্ধী

PMOত ইখনৰ পিছত সিখন উচ্চ পৰ্যায়ৰ বৈঠক… প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ উপস্থিত হ’ল ৰাহুল গান্ধী

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অব্যাহত আছে উচ্চ পৰ্যায়ৰ ধাৰাবাহিক বৈঠক । সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেইবাখনো বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ পি এম অ’ত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাহুল

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অব্যাহত আছে উচ্চ পৰ্যায়ৰ ধাৰাবাহিক বৈঠক । সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কেইবাখনো বৈঠক অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ পি এম অ’ত উপস্থিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৰাহুল গান্ধীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু এই বৈঠক চি বি আইৰ নতুন মুৰব্বী নিৰ্বাচনৰ সন্দৰ্ভতো হ’ব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে । অৱশ্যে পহলগাম আক্ৰমণ সন্দৰ্ভতো দুয়োগৰাকী নেতাই আলোচনা কৰিব পাৰে বুলিও চৰ্চা চলিছে ।

চি বি আইৰ সঞ্চালক নিৰ্বাচনৰ কমিটীত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য ন্যায়াধীশ আৰু লোকসভাৰ বিৰোধী দলপতি । বৰ্তমানৰ চি বি আই সঞ্চালক প্ৰবীণ সুদৰ কাৰ্যকাল ২০২৫ চনৰ ২৫ মে’ত শেষ হ’ব ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ডোভালে-

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । দুয়োৰে মাজত চমু বাৰ্তালাপৰ অন্তত ডোভাল ওলাই আহে আৰু ইয়াৰ পিছতে গৃহ সচিব গোবিন্দ মোহনে পি এম অ’ত উপস্থিত হৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে । পি এম অ’ত অবিৰত ৰাউণ্ডৰ বৈঠক চলি থকাৰ সময়তে শীঘ্ৰেই ডাঙৰ কোন ঘটনা হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।

সোমবাৰে বিয়লি চাউথ ব্লকৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে বৈঠক চলি আছে । ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ প্ৰতিৰক্ষা সচিবৰ-

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে । জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অহৰহ সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে । প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোক লৈ তিনিও সেনাৰ মুৰব্বীৰ সৈতেও এক বৈঠকত মিলিত হৈছে ।

অনুমান কৰা হৈছে যে সোমবাৰে অনুষ্ঠিত এই বৈঠকৰ সময়ত প্ৰতিৰক্ষা সচিবে প্ৰধানমন্ত্ৰীক শেহতীয়া পৰিস্থিতি আৰু সামৰিক প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে ।

ভাৰত-জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক-

ইফালে সোমবাৰে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে নতুন দিল্লীত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ কৰে । ইয়াৰ পূৰ্বে দেওবাৰে ভাৰতীয় বায়ুসেনাৰ এয়াৰ চীফ মাৰ্শ্বাল এ পি সিঙে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী বাসগৃহত সাক্ষাৎ কৰে । অনুমান কৰা হৈছে যে বায়ুসেনাৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীক সাম্প্ৰতিক পৰিস্থিতি আৰু বায়ুসেনাৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । এই বৈঠক প্ৰায় ৪০ মিনিট ধৰি চলিছিল । ইফালে শনিবাৰে নৌসেনাৰ মুৰব্বীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে ।

উল্লেখ্য যে, সোমবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানীৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । নতুন দিল্লীত অনুষ্ঠিত এই বৈঠকৰ সময়ত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতলৈ সমৰ্থন আগবঢ়ায় ।

শেহতীয়া প্ৰৱন্ধসমূহ