চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰথমে বলিং কৰিব ভাৰতে

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰথমে বলিং কৰিব ভাৰতে, মূল একাদশৰ পৰা বাহিৰ নিউজীলেণ্ডৰ আটাইতকৈ মাৰাত্মক বলাৰ

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন মেচত নিউজীলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈছে । ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে একেৰাহে ১৫ সংখ্যক টছত পৰাস্ত হৈছে । দলটোৰ মূল বলাৰ মেট হেনৰী আঘাতৰ বাবে প্লেইং এলেভেনৰ পৰা বাদ পৰাত নিউজীলেণ্ড এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ অন্তিমখন মেচত নিউজীলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈছে । ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে একেৰাহে ১৫ সংখ্যক টছত পৰাস্ত হৈছে । দলটোৰ মূল বলাৰ মেট হেনৰী আঘাতৰ বাবে প্লেইং এলেভেনৰ পৰা বাদ পৰাত নিউজীলেণ্ড এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । এই প্ৰতিযোগিতাখনত এই পৰ্যন্ত ১০টা উইকেট দখল কৰিছে হেনৰীয়ে । ভাৰতীয় দলটোৱে প্ৰথমে বলিং কৰিব আৰু মূল একাদশত কোনো সালসলনি কৰা নাই ।

নিউজীলেণ্ডৰ আটাইতকৈ বিপজ্জনক বলাৰ বাহিৰ-

চেম্পিয়নছ ট্ৰফী ২০২৫ত এতিয়ালৈকে নিউজীলেণ্ডৰ আটাইতকৈ মাৰাত্মক বলাৰ হিচাপে প্ৰমাণিত হোৱা মেট হেনৰীক আঘাতৰ বাবে মূল একাদশৰ পৰা বাদ দিয়া হৈছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছেমি ফাইনেল মেচত বল ধৰাৰ সময়তে হেনৰীয়ে কান্ধত আঘাত পাইছিল । হেনৰীৰ ঠাইত নাথান স্মিথক মূল একাদশত স্থান দিয়া হৈছে । এই পৰ্যন্ত সমগ্ৰ প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখলকাৰী হেনৰী ।

ভাৰত বনাম নিউজীলেণ্ড-

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এই পৰ্যন্ত মুঠ ১১৯খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে, ইয়াৰে ভাৰতীয় দলটোৱে ৬১ বাৰ বিজয়ী হৈছে । নিউজীলেণ্ডে ৫০ বাৰ জয়লাভ কৰিছে, ৭খন খেলৰ কোনো ফলাফল নাছিল আৰু তেওঁলোকৰ এখন মেচ টাইত শেষ হৈছিল । উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ গ্ৰুপ পৰ্যায়ত ভাৰতে নিউজীলেণ্ডক ৪৪ ৰানত পৰাস্ত কৰিছিল ।

ভাৰতৰ মূল একাদশ :

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মহম্মদ ছামী আৰু বৰুণ চক্ৰৱৰ্তী ।