আইপিএলৰ মাজতে এইটো দললৈ আহিছে বেয়া খবৰ;  অধিনায়কৰ বাবে লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

গুজৰাট টাইটানছৰ দলটোৱে দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। কিন্তু তাৰ মাজতে গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গিলক জৰিমনা বিহা হৈছে। কাৰণ তেওঁৰ দলটোৱে শনিবাৰে (১৯ এপ্ৰিল) আহমেদাবাদত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ ৩৫ নং মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত

গুজৰাট টাইটানছৰ দলটোৱে দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। কিন্তু তাৰ মাজতে গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গিলক জৰিমনা বিহা হৈছে।

কাৰণ তেওঁৰ দলটোৱে শনিবাৰে (১৯ এপ্ৰিল) আহমেদাবাদত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ ৩৫ নং মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত হৈছে।

ইয়াৰ বাবে গুজৰাট টাইটানছৰ অধিনায়ক শুবমান গিলক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত তেওঁলোকৰ দলটোৰ এইটো ছিজনৰ প্ৰথমটো অপৰাধ আছিল।

আই পি এল গভৰ্নিং কাউন্সিলে এইবাৰ লেহেমীয়া অভাৰ ৰেট অপৰাধৰ নিষেধাজ্ঞা আঁতৰাইছে।এতিয়া আই পি এলৰ অধিনায়কসকলক লেহেমীয়া অভাৰ ৰেটৰ বাবে ডেমেৰিট পইণ্ট আৰু জৰিমনা দিয়া হয়।

এই ছিজনত লেহেমীয়া অভাৰ ৰেটৰ বাবে শাস্তি লাভ কৰা অধিনায়কসকলৰ তালিকাত এতিয়া শুভমান গিলৰ নামো অন্তৰ্ভূক্ত হৈছে।

এই তালিকাত অক্ষৰ পেটেল (দিল্লী কেপিটেলছ), সঞ্জু চেমছন (ৰাজস্থান ৰয়েলছ), ৰজত পাটিদাৰ (ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু), ঋষভ পন্ত (লক্নৌ ছুপাৰ জায়েন্টছ), ৰিয়ান পৰাগ (আৰ আৰ) আৰু হাৰ্দিক পাণ্ডিয়া (মুম্বাই ইণ্ডিয়ানছ)ৰ নাম অন্তৰ্ভুক্ত আছে।

শেহতীয়া প্ৰৱন্ধসমূহ