বৰ্ষাপাৰাত সূৰ্যবংশীৰ ধুমুহা; ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী বেংগালুৰু

আই পি এলৰ শুকুৰবাৰৰ মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয়লাভ কৰে। মেচখনত বৈভৱ সূৰ্যবংশীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ১৬ নং মেচত শুকুৰবাৰে ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) মুখামুখি হয়।খেলখন গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।খেলখনত ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয়লাভ কৰে।মেচখনত আৰচিবিয়ে ৰাজস্থানক জয়ৰ বাবে ২০২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।যিটো তেওঁলোকে ১৮ অভাৰত অৰ্জন কৰে।চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ একেৰাহে চতুৰ্থটো জয়।

ৰাজস্থানৰ বিজয়ত বৈভৱ সূৰ্যবংশী আৰু ধ্ৰুৱ জুৰেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। খেলখনত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে বেটখনৰ সৈতে এক দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়।এই মেচখনত বৈভৱে ২৬টা বলত ৭৮ ৰান সংগ্ৰহ কৰে, যিটো ইনিংছত ৮টা চাৰি আৰু ৭টা ছয় অন্তৰ্ভুক্ত কৰা হয়।এই সময়ছোৱাত বৈভৱে মাত্ৰ ১৫টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰে। ইফালে, জুৰেলে ৪৩টা বলত অপৰাজিত ৮১ ৰান সংগ্ৰহ কৰি ৮টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত অৰিহণা যোগায়।

উল্লেখযোগ্য যে বৈভৱ সূৰ্যবংশীয়ে চলিত ছিজনত দ্বিতীয়বাৰৰ বাবে মাত্ৰ ১৫টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বিৰুদ্ধে বৰ্ষাপাৰাতে একেধৰণৰ কৃতিত্ব অৰ্জন কৰিছিল।আই পি এলত তৃতীয়বাৰৰ বাবে ২০টাতকৈও কম বলত অৰ্ধশতক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বৈভৱ সূৰ্যবংশী।

লগতে পঢ়ক: ৰাজস্থান ৰয়েলছৰ সন্মুখত RCB-এ বান্ধি দিলে ২০২ ৰানৰ লক্ষ্য…

পঞ্জাৱৰ বিৰুদ্ধে আৰচিবিৰ বৃহৎ জয়; কোহলীৰ সন্মুখত ব্যৰ্থ হ’ল আয়াৰৰ সকলো বাজি

দুদিন পূৰ্বে পঞ্জাৱ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ প্ৰতিশোধ ল’লে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰচিবি)য়ে।ঘৰুৱা খেলপথাৰত আজি বিৰাট কোহলীৰ দল আৰ চি বিয়ে পঞ্জাৱক পৰাস্ত কৰে।২০২৫ চনৰ আই পি এলত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ এয়া পঞ্চমটো জয়।

চণ্ডীগড়ৰ মুলনপুৰ ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দলৰ মাজত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৩৭ সংখ্যক খেলা গৈছিল। এই জয়ৰ লগে লগে দলটো পইণ্ট ১০ ত উপনীত হৈছে।

এই মেচত আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।প্ৰথমে বেটিং কৰি পঞ্জাব কিংছে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে।

য’ত শশাংক সিঙে ৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্কো জান্সেনে ২৫ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল।ইয়াৰ উত্তৰত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ১৮.৫ অভাৰত ৩ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে।এইদৰে বেংগালুৰু দলে এই খেলখনত ৭ উইকেটত জয়লাভ কৰে।

দুদিন পূৰ্বে পঞ্জাব কিংছে নিজৰ ঘৰুৱা খেলপথাৰ অৰ্থাৎ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰ চি বিক ৫ উইকেটত পৰাস্ত কৰিছিল।তাৰেই যেন আজি প্ৰতিশোধ পূৰণ কৰিলে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু এ।

আইপিএলৰ মাজতে এইটো দললৈ আহিছে বেয়া খবৰ;  অধিনায়কৰ বাবে লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

গুজৰাট টাইটানছৰ দলটোৱে দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। কিন্তু তাৰ মাজতে গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গিলক জৰিমনা বিহা হৈছে।

কাৰণ তেওঁৰ দলটোৱে শনিবাৰে (১৯ এপ্ৰিল) আহমেদাবাদত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ ৩৫ নং মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে লেহেমীয়া অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত হৈছে।

ইয়াৰ বাবে গুজৰাট টাইটানছৰ অধিনায়ক শুবমান গিলক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে।আই পি এলৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত তেওঁলোকৰ দলটোৰ এইটো ছিজনৰ প্ৰথমটো অপৰাধ আছিল।

আই পি এল গভৰ্নিং কাউন্সিলে এইবাৰ লেহেমীয়া অভাৰ ৰেট অপৰাধৰ নিষেধাজ্ঞা আঁতৰাইছে।এতিয়া আই পি এলৰ অধিনায়কসকলক লেহেমীয়া অভাৰ ৰেটৰ বাবে ডেমেৰিট পইণ্ট আৰু জৰিমনা দিয়া হয়।

এই ছিজনত লেহেমীয়া অভাৰ ৰেটৰ বাবে শাস্তি লাভ কৰা অধিনায়কসকলৰ তালিকাত এতিয়া শুভমান গিলৰ নামো অন্তৰ্ভূক্ত হৈছে।

এই তালিকাত অক্ষৰ পেটেল (দিল্লী কেপিটেলছ), সঞ্জু চেমছন (ৰাজস্থান ৰয়েলছ), ৰজত পাটিদাৰ (ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু), ঋষভ পন্ত (লক্নৌ ছুপাৰ জায়েন্টছ), ৰিয়ান পৰাগ (আৰ আৰ) আৰু হাৰ্দিক পাণ্ডিয়া (মুম্বাই ইণ্ডিয়ানছ)ৰ নাম অন্তৰ্ভুক্ত আছে।

‘তেওঁৰ দৰে বেটছমেন দলত থাকিব লাগে…’;  আৰ চি বিক পৰাস্ত কৰি কাৰ কথা ক’লে শ্ৰেয়াছ আয়েৰে?

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে বৰষুণ প্ৰভাৱিত ১৪ অভাৰৰ খেলখনত পাঁচ উইকেটৰ জয়ৰ কৃতিত্ব বলাৰসকলক দি পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে কৈছে যে তেওঁলোকৰ বলাৰসকলে পৰিস্থিতিৰ লগত সামঞ্জস্যভাৱে খাপ খাই পৰিছিল।

খেলৰ অন্তত তেওঁ নেহাল ৱাধেৰাকো প্ৰশংসা কৰে।আৰচিবিক ৯ উইকেটৰ বিনিময়ত ৯৫ ৰানত সীমাবদ্ধ কৰাৰ পাছত পঞ্জাবে ৫টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।

খেলৰ পিছৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেয়াছ আয়েৰে কয় যে, “আমি সকলো ধৰণৰ পৰিস্থিতিৰ অভিজ্ঞতা লাভ কৰি আছো।এই মেচখনতো আমি আমাৰ কৌশলত আৱদ্ধ হৈ থাকিলো”৷

“আমি আমাৰ পৰিকল্পনা অনুসৰি গৈ আছিলো।মাৰ্কো (জান্সেন) বাউন্স লাভ কৰিবলৈ সক্ষম হয়। বাকী বলাৰসকলে তেওঁক সমৰ্থন কৰিছিল”।

তেওঁ কয়, ‘আমি এই পিটচৰ বিষয়ে নাজানিছিলো যে ইয়াৰ আচৰণ কেনেকুৱা হ’ব। আমাৰ বলাৰসকলে পৰিস্থিতিৰ লগত খাপ খাই পৰিল’।

লক্ষ্য খেদি খেদি অপৰাজিত ৩৩ ৰান সংগ্ৰহ কৰা নেহাল বাধেৰাক প্ৰশংসা কৰি তেওঁ কয়, “আজি নেহালে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে। দলত তেওঁৰ দৰে বেটছমেন থকাটো ভাল।”

খেলখনৰ কথা ক’বলৈ গ’লে শুকুৰবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বৰষুণৰ ফলত ১৪ অভাৰৰ মেচত বলাৰসকলৰ প্ৰদৰ্শনৰ ভিত্তিত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক পঞ্জাব কিংছে ৫ উইকেটত পৰাস্ত কৰে ।

টছত জয়লাভ মুম্বাই ইণ্ডিয়ানছৰ ;  মুম্বাই বনাম হায়দৰাবাদৰ মেচত মুম্বাই ইণ্ডিয়ানছৰ বলিং কৰাৰ সিদ্ধান্ত

আই পি এল ২০২৫ৰ ৩৩ সংখ্যক মেচত মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত খেলা হৈছে।

এই মেচত মুম্বাই ইণ্ডিয়ানছ দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

মুম্বাই ইণ্ডিয়ানছ দলটোৱে বৰ্তমানলৈকে ৬ খন মেছৰ ৪ খনত পৰাজয় লাভ কৰি পইণ্ট টেবুলত ৭ম স্থানত আছে।হাৰ্দিক পাণ্ডিয়াৰ দলটোৱে এতিয়া লৈকে ভিতৰত মাত্ৰ দুখন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে।

ইফালে হায়দৰাবাদৰ দলটোৱেও এই ছিজনত এতিয়ালৈকে ৬খন খেল খেলিছে য’ত ৪খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে।হায়দৰাবাদ দলটো বৰ্তমান পইণ্ট তালিকাৰ ৯ম স্থানত আছে ।

এই মেচখন দুয়োটা দলৰ বাবে প্লে অফৰ দৌৰত থাকিবলৈ অতি গুৰুত্বপূৰ্ণ।এই ছিজনটো দুয়োটা দলৰ বাবেই ভাল বুলি ক’ব নোৱাৰি।

সমস্যা বাঢ়িছে ধোনীৰ CSKৰ! একেৰাহে ৫ খন মেচত পৰাজয়ৰ পিছত আই পি এলৰ প্লে অফৰ অংকত খেলিমেলি

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত চেন্নাই ছুপাৰ কিংছৰ দুৰ্বল প্ৰদৰ্শন অব্যাহত আছে।মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ৮ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।

চলিত ছিজনত চেন্নাই ছুপাৰ কিংছৰ এয়া আছিল একেৰাহে পঞ্চমটো পৰাজয়। ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে একেৰাহে ৫ খন মেচত পৰাস্ত হৈছে।

লগতে, চেন্নাই ছুপাৰ কিংছে প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত এটা ছিজনত একেৰাহে তিনিখন মেচত পৰাস্ত হৈছে ।

২০২৫ চনৰ আই পি এলত চেন্নাই ছুপাৰ কিংছে একমাত্ৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে হে জয় লাভ কৰিছে।চেন্নাই ছুপাৰ কিংছে এতিয়া ৬খন মেচৰ পৰা ২ পইণ্ট লাভ কৰি দহ দলৰ পইণ্ট তালিকাত নৱম স্থানত আছে।

এতিয়া চেন্নাই ছুপাৰ কিংছৰ বাবে প্লে অফলৈ যোৱাৰ পথটো অলপ কঠিন হৈ পৰিছে।আই পি এলত সাধাৰণতে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিবলৈ ১৬ পইণ্টৰ প্ৰয়োজন হয়।

চেন্নাই ছুপাৰ কিংছ এতিয়া আৰু ৮খন মেচ খেলিব লাগিব।এনে পৰিস্থিতিত প্লে অফত প্ৰৱেশ কৰিবলৈ চেন্নাই ছুপাৰ কিংছে এই আঠখন খেলৰ ভিতৰত ৭খন খেলত জয়লাভ কৰিব লাগিব।

এনে পৰিস্থিতিত চেন্নাই ছুপাৰ কিংছৰ ১৬ পইণ্ট হ’ব।এইটো কঠিন যদিও ধোনীৰ বাবে অসম্ভৱ কামো নহয়।বাকী থকা সকলো মেচতে যদি চেন্নাই ছুপাৰ কিংছ জয়ী হয় তেন্তে ১৮ পইণ্টেৰেও শীৰ্ষ ২ স্থানত অন্ত পেলাব পাৰে।

অৱশ্যে ১৪ পইণ্ট লাভ কৰিও চেন্নাই ছুপাৰ কিংছে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে, কিন্তু তেতিয়া নেট ৰাণৰ হাৰ কামত আহিব।

চেন্নাই ছুপাৰ কিংছে ১৪ পইণ্ট লাভ কৰিবলৈ বাকী আঠখন খেলৰ ভিতৰত ৬খন খেলত জয়লাভ কৰিব লাগিব।যদি চেন্নাই দলে আৰু তিনিখন মেচত পৰাস্ত হয় তেন্তে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হ’ব। চেন্নাই ছুপাৰ কিংছৰ নেট ৰান ৰেট বৰ্তমান -১.৫৫৪।

খেলপথাৰতে খঙত অগ্নি শৰ্মা হ’ল বিৰাট কোহলী;  RCBৰ অধিনায়ক ৰজত পাটিদাৰৰ ভুলৰ বাবে তীব্ৰ সমালোচনা

আইপিএল ২০২৫ ত যোৱা বৃহস্পতিবাৰে ঘৰুৱা খেলপথাৰতে তীব্ৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰ চি বি। দিল্লী কেপিটেলে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে।

১৬৪ ৰানৰ লক্ষ্য ৰক্ষা কৰিবলৈ ওলাই আহিল বাংগালুৰু, ইয়াৰ উত্তৰত তেওঁলোকৰ আৰম্ভণিও ভাল আছিল কাৰণ দিল্লীয়ে ৩০ ৰানলৈকে ৩টা উইকেট হেৰুৱাইছিল।

কিন্তু কে এল ৰাহুলৰ অপৰাজিত ইনিংছ ৯৩ ৰান আৰ চি বি দলৰ বাবে অত্যধিক বুলি প্ৰমাণিত হয়। এই পৰাজয়ৰ পিছত এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

য’ত বিৰাট কোহলীয়ে দীনেশ কাৰ্তিকৰ সৈতে খঙাল ভাবে কথা পতা দেখা গৈছে।ইয়াৰ পিছতেই আৰচিবিৰ দলৰ ভিতৰত সকলো ঠিক নাই বুলিও উৰাবাতৰি ওলাইছে।

এই ভিডিঅ’ টো দিল্লী কেপিটেলছৰ ইনিংছৰ ১৬ অভাৰ আছিল।কে এল ৰাহুলে আড়ম্বৰপূৰ্ণভাৱে শ্বট মাৰিবলৈ আৰম্ভ কৰাৰ লগে লগে বিৰাট কোহলিয়ে আৰ চি বিৰ বেটিং প্ৰশিক্ষক দীনেশ কাৰ্তিকৰ সৈতে খঙেৰে কথা পাতি থকা দেখা গ’ল।

এই ভিডিঅ’টোৱে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে যে বাংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰক লৈ কোহলী সুখী নহয় নেকি?

প্ৰিয়াংশ আৰ্য্যৰ বেটিংত ৰোমাঞ্চিত প্ৰীতি জিন্তা; বেটছমেনগৰাকীৰ বাবে লিখিলে বিশেষ পোষ্ট

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ত পঞ্জাব কিংছৰ অ’পেনাৰ প্ৰিয়াংশ আৰ্য্যই চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ধুমুহাময় শতক অৰ্জন কৰি পঞ্জাব কিংছৰ সহস্ৰজন তথা বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্তাৰ দৃষ্টি আকৰ্ষণ কৰিছে।

প্ৰীতিয়ে যুৱ বেটছমেনগৰাকীক প্ৰশংসা কৰি কয় যে ক্ৰিকেটৰ এই বিস্ফোৰক খেলখনত তেওঁ এজন উজ্জ্বল তাৰকা ওলাই অহা দেখিছিল।

পঞ্জাৱ কিংছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত প্ৰিয়াংশ আৰ্য্যই ৩৯টা বলত শতক অৰ্জন কৰে, যিটো আই পি এলৰ ইতিহাসত চতুৰ্থটো দ্ৰুততম শতক।

প্ৰীতিয়ে নিজৰ ইনষ্টাগ্ৰামত প্ৰিয়ংশৰ সৈতে কেইখনমান ছবি শ্বেয়াৰ কৰি লিখিছে, যোৱা নিশাটো বৰ বিশেষ আছিল।আমি দেখিলোঁ ক্ৰিকেটৰ এক ৰোমাঞ্চকৰ খেল, এজন কিংবদন্তিৰ গৰ্জন আৰু এক উজ্জ্বল তাৰকাৰ জন্ম।”

তেওঁ লগতে কয়, ‘আমাৰ আন কেইজনমান যুৱ খেলুৱৈৰ সৈতে কিছুদিন পূৰ্বে ২৪ বছৰীয়া প্ৰিয়াংশ আৰ্য্যক লগ পাইছিলো।সি শান্ত, লাজকুৰীয়া, অতি অমায়িক আছিল আৰু গোটেই সন্ধিয়াটো প্ৰিয়াংশে এটা শব্দও কোৱা নাছিল।”

ক্ৰিকেটাৰগৰাকীক প্ৰশংসা কৰি প্ৰীতি জিন্তাই কয় যে যোৱা নিশা পিবিকেএছ বনাম চিএছকে খেলৰ সময়ত তেওঁক পুনৰ লগ পাইছিলোঁ।

এইবাৰ তেওঁৰ আক্ৰমণাত্মক বেটিং শৈলীয়ে মোক কেৱল আপ্লুত কৰাই নহয়, বৰঞ্চ সমগ্ৰ ভাৰতকে স্তম্ভিত কৰি তুলিলে।৪২টা বলত ১০৩ ৰান সংগ্ৰহ কৰি অভিলেখৰ বুকত নিজৰ নাম প্ৰৱেশ কৰে।’

যুৱ ক্ৰিকেটাৰগৰাকীৰ হৈ প্ৰিটিয়ে কয় যে আমি তেওঁক লৈ গৌৰৱান্বিত, হাঁহি হাঁহি জিলিকি থাকিব।প্ৰীতিয়ে লগতে কয় যে আপুনি কেৱল মোৰেই নহয় খেল চাবলৈ অহা সকলো মানুহকে মনোৰঞ্জন দিলে।ইয়াৰ বাবে ধন্যবাদ।

আই পি এলৰ চতুৰ্থ ইনিংছত আৰ্যৰ উজ্জ্বল শতকে টি-২০ ফ্ৰেঞ্চাইজি লীগৰ বিশ্বৰ সৰ্ববৃহৎ মঞ্চত তেওঁৰ আগমনৰ সংকেত দিছে।

আইপিএল ২০২৫ৰ বাবে পঞ্জাব কিংছ (পিবিকেএছ)ত যোগদান কৰাৰ পূৰ্বে, ভোপালৰ ৰে’ল ষ্টেচনৰ পৰা ২০ কিলোমিটাৰ নিলগৰ লাল বাহাদুৰ শাস্ত্ৰী একাডেমীৰ সঞ্জয় ভৰদ্বাজৰ পৰা আৰ্য্যই প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

অম্বতি ৰায়ুডুক ৰাজহুৱাভাৱে অপমান নৱজোৎ সিং সিদ্ধুৰ; ৰাষ্ট্ৰীয় টেলিভিচনতে বিতৰ্ক  

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱে বহু বছৰ পূৰ্বে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।কিন্তু যোৱা কেইবাবছৰ ধৰি তেওঁ নিজৰ মন্তব্যৰে অনুৰাগীৰ হৃদয় জয় কৰি আহিছে।

তেওঁৰ কাব্যিক শৈলীৰ ধাৰাবাহিকতা আৰু পুৰণি কাহিনীৰ ভাগ-বতৰা কৰাটোৱে মানুহক ধাৰাভাষ্যৰ সৈতে জড়িত কৰি ৰাখে।

প্ৰায়ে কমেণ্টৰী বক্সত বহি থকা ক্ৰিকেটাৰৰ মাজত ধেমালি কৰি থকা দেখা যায়, কিন্তু যোৱা মঙলবাৰে চেন্নাই ছুপাৰ কিংছ বনাম পঞ্জাব কিংছৰ মেচৰ সময়ত সিদ্ধুৰ অম্বতি ৰায়ুডুৰ সৈতে কাজিয়া হৈছিল।কথাৰ মাজতে দুয়োৰে মাজত তীব্ৰ তৰ্ক-বিতৰ্ক হৈছিল।

আম্বাতি ৰায়ুদু তেওঁৰ বক্তব্যৰ বাবে প্ৰায়ে শিৰোনামত থাকে।চেন্নাই-পাঞ্জাৱৰ খেলৰ সময়ত ৰায়ুডুৱে কয়, “পাজী, আপুনি আপোনাৰ প্ৰিয় দলটো সলনি কৰে যেনেকৈ গিৰগিতে ৰং সলনি কৰে।”

এই মন্তব্য কৰাৰ পিছত ৰাইডুৱে হাঁহিবলৈ ধৰিলে। ইয়াৰ  উত্তৰত সিদ্ধুৱে কয় যে , “গিৰগিত যদি কাৰোবাৰ আৰাধ্যদেৱতা হয়, তেন্তে সেয়া আপোনাৰ।” এই উত্তৰৰ পিছত ৰাইডু আৰু সিদ্ধু দুয়োজনে জোৰেৰে হাঁহিবলৈ ধৰিলে।

এয়া প্ৰথম নহয় যে অম্বতি ৰায়ুডুৱে কোনো প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে কাজিয়া কৰিছে। চেন্নাই-পাঞ্জাৱ খেলৰ এদিন পূৰ্বে ৰায়ুদু আৰু সঞ্জয় বাংগৰে মুম্বাই ইণ্ডিয়ানছত ৰোহিত শৰ্মাৰ স্থানক লৈ কাজিয়া আৰম্ভ কৰিছিল।

বাংগাৰে কয় যে ৰোহিত শৰ্মাই ছিনিয়ৰ হোৱাৰ বাবে এম আই দলত গুৰুৰ ভূমিকা পালন কৰি আছে যদিও ৰায়ুদু এই কথাত একমত নহয়।

ৰায়ুডুৱে কয়, ‘মই নাভাবো যে মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক কোনো পৰামৰ্শৰ প্ৰয়োজন নাই।এজন অধিনায়কক অকলে এৰি দিব লাগে।” ৰায়ুদুৱে লগতে কয় যে এম এছ ধোনী আৰু ৰোহিত শৰ্মাই কোনো ধৰণৰ হস্তক্ষেপ নোহোৱাকৈ সফল হৈছে।

সঞ্জয় বাংগৰেও মনে মনে নাথাকি প্ৰত্যুত্তৰ দি কয়, “আপুনি কেতিয়াও আই পি এল দলৰ অধিনায়কত্ব কৰা নাই বাবে পৰিস্থিতি আপোনাৰ বাবে বেলেগ আছিল, কিন্তু ইয়াত আমি বহুবাৰ আই পি এল দলৰ চেম্পিয়ন হোৱা খেলুৱৈজনৰ কথা কৈছোঁ।