বৰ্ষাপাৰাত সূৰ্যবংশীৰ ধুমুহা; ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী বেংগালুৰু

বৰ্ষাপাৰাত সূৰ্যবংশীৰ ধুমুহা; ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী বেংগালুৰু

আই পি এলৰ শুকুৰবাৰৰ মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয়লাভ কৰে। মেচখনত বৈভৱ সূৰ্যবংশীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ১৬ নং মেচত শুকুৰবাৰে ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) মুখামুখি হয়।খেলখন

আই পি এলৰ শুকুৰবাৰৰ মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয়লাভ কৰে। মেচখনত বৈভৱ সূৰ্যবংশীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ১৬ নং মেচত শুকুৰবাৰে ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) মুখামুখি হয়।খেলখন গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।খেলখনত ৰাজস্থান ৰয়েলছে ৬ উইকেটত জয়লাভ কৰে।মেচখনত আৰচিবিয়ে ৰাজস্থানক জয়ৰ বাবে ২০২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।যিটো তেওঁলোকে ১৮ অভাৰত অৰ্জন কৰে।চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ একেৰাহে চতুৰ্থটো জয়।

ৰাজস্থানৰ বিজয়ত বৈভৱ সূৰ্যবংশী আৰু ধ্ৰুৱ জুৰেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। খেলখনত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে বেটখনৰ সৈতে এক দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়।এই মেচখনত বৈভৱে ২৬টা বলত ৭৮ ৰান সংগ্ৰহ কৰে, যিটো ইনিংছত ৮টা চাৰি আৰু ৭টা ছয় অন্তৰ্ভুক্ত কৰা হয়।এই সময়ছোৱাত বৈভৱে মাত্ৰ ১৫টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰে। ইফালে, জুৰেলে ৪৩টা বলত অপৰাজিত ৮১ ৰান সংগ্ৰহ কৰি ৮টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত অৰিহণা যোগায়।

উল্লেখযোগ্য যে বৈভৱ সূৰ্যবংশীয়ে চলিত ছিজনত দ্বিতীয়বাৰৰ বাবে মাত্ৰ ১৫টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বিৰুদ্ধে বৰ্ষাপাৰাতে একেধৰণৰ কৃতিত্ব অৰ্জন কৰিছিল।আই পি এলত তৃতীয়বাৰৰ বাবে ২০টাতকৈও কম বলত অৰ্ধশতক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বৈভৱ সূৰ্যবংশী।

লগতে পঢ়ক: ৰাজস্থান ৰয়েলছৰ সন্মুখত RCB-এ বান্ধি দিলে ২০২ ৰানৰ লক্ষ্য…