গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হৈ আছে।জয়ৰ বাবে ৰাজস্থান ৰয়েলছক ২০২ ৰানৰ লক্ষ্য বান্ধি দিছে।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ ১৬ নং মেচত আজি (১০ এপ্ৰিল) ৰাজস্থান ৰয়েলছ (আৰ আৰ)ৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হৈ আছে।গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দুয়োটা দলৰ মাজত খেলখন অনুষ্ঠিত হৈছে।
অৱশ্যে বৰষুণৰ বাবে খেলখন ১ ঘণ্টা ১০ মিনিট পলমকৈ আৰম্ভ হয়।মেচখনত ৰাজস্থান ৰয়েলছে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ৰাজস্থানক জয়ৰ বাবে আৰচিবিয়ে ২০২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ।
চলিত আই পি এল ছিজনত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ আৰম্ভণি অতি দুৰ্দান্ত হৈছে। ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছ (চি এছ কে), গুজৰাট টাইটানছ (জি টি), আৰু মুম্বাই ইণ্ডিয়ানছ (এম আই)ক পৰাস্ত কৰে।ইফালে, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয় নিশ্চিত কৰিছে।
টছত হাৰি প্ৰথমে বেটিং কৰাৰ পিছত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ৮ উইকেট হেৰুৱাই ২০১ ৰান সংগ্ৰহ কৰে।খেলখনত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ আৰম্ভণি ভাল নাছিল।মেচখনত অধিনায়ক ৰজত পাটিদাৰে ৬৩ ৰান,বিৰাট কোহলিয়ে ৩২ ৰান, দেৱদত্ত পাল্লিকেলে ১৪ ৰান, টীম ডেভিদে ১৩ ৰান, ৰোমাৰিঅ ছেফাৰ্ডে ২২ ৰান, ভেংকটেশ আয়াৰে অপৰাজিত ২৯ ৰান আৰু ভুৱনেশ্বৰ কুমাৰে ৯ ৰান সংগ্ৰহ কৰে।
লগতে পঢ়ক: ‘বলাৰসকলে দায়িত্ব ল’ব লাগিব’; পৰাজয়ৰ পিছত বলাৰৰ ওপৰত ক্ষোভ হাৰ্দিক পাণ্ডিয়াৰ









