মন্থৰ বেটিঙৰ বাবে মেচৰ মাজতেই ক্ৰীজ এৰিলে তিলক বাৰ্মাই ; কোনে ল’বলৈ দিছিল ‘ৰিটায়াৰ’ড আউটৰ সিদ্ধান্ত? প্ৰশ্নৰ সন্মুখিন হৈছে অধিনায়ক হাৰ্দিক পাণ্ডিয়া

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলখনত মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন তিলক ভাৰ্মাই ভাল বেটিং কৰিব নোৱাৰিলে আৰু তেওঁ দলৰ পৰাজয়ৰ আটাইতকৈ ডাঙৰ দোষী বুলি প্ৰমাণিত হ’ল।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলখনত তিলক ভাৰ্মাই বেটিং বেয়াৰ বাবে ১৯ অভাৰত অৱসৰ ল’বলগীয়া হৈছিল।প্ৰতিটো ৰান সংগ্ৰহ কৰাৰ সময়ত তেওঁ হতাশ হৈ পৰিছিল।

চাৰি আৰু ছয় মাৰি মেচখন জয়ৰ বাবে তেওঁৰ সকলো প্ৰচেষ্টা বিফল হৈছিল।সেইবাবেই এই সিদ্ধান্ত লৈছিল মুম্বাই ইণ্ডিয়ানে আৰু তেওঁৰ ঠাইত মিচেল ছাণ্টনাৰে বেটিং কৰিবলৈ ওলাই আহিল, কিন্তু ইয়াৰ দ্বাৰাও কোনো সহায় নহ’ল।

শেষত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল মুম্বাই। খেলখনৰ পাছতে বহু ক্ৰিকেট বিশেষজ্ঞই ভুল সিদ্ধান্ত বুলি অভিহিত কৰিছে।

এতিয়া প্ৰশ্ন হয় অধিনায়ক হাৰ্দিক পাণ্ডিয়া নে মুখ্য প্ৰশিক্ষক মহেলা জয়ৱৰ্ধনে, কাৰ নিৰ্দেশত তিলকে অৱসৰ লৈছিল?

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে পৰাজয়ৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষকে নিজেই প্ৰকাশ কৰে যে তিলক বৰ্মাক অৱসৰ গ্ৰহণ কৰি পেভেলিয়ানলৈ ঘূৰাই অনাটো তেওঁৰ সিদ্ধান্ত আছিল।

তেওঁৰ মতে, এইটো এটা কৌশলৰ অংশ হিচাপে কৰা হৈছিল। খেলখনৰ পৰিস্থিতি দেখি তেওঁ তিলক বৰ্মাক উভতাই মাতিলে।

তেওঁ কয় যে ফুটবল খেলত যেনেকৈ মেনেজাৰে শেষ মুহূৰ্তত নিজৰ বিকল্প খেলুৱৈক খেলপথাৰলৈ আনে,একেদৰে ক্ৰিকেটতো নতুন পৰীক্ষা এটা চেষ্টা কৰিলোঁ, যিটো যথেষ্ট আকৰ্ষণীয় আছিল।

তিলক যেতিয়া অৱসৰ আউট হৈছিল, তেতিয়া প্ৰথম প্ৰশ্ন উত্থাপন হৈছিল হাৰ্দিক পাণ্ডিয়াৰ ওপৰত।সাধাৰণতে ক্ৰিকেটত এনে ডাঙৰ ডাঙৰ সিদ্ধান্ত অধিনায়কে লয়।

তিলকক উভতি যোৱাৰ সময় আৰু তেওঁৰ ঠাইত ছাণ্টনাৰক পঠোৱাৰ সময় সন্দৰ্ভত বিশেষজ্ঞসকলে প্ৰশ্ন উত্থাপন কৰিছিল।

তেওঁলোকে কয় যে ইয়াৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াইও গুজৰাট টাইটানছৰ বিৰুদ্ধে লেহেমীয়া ইনিংছ খেলিছিল।১৭টা বলত মাত্ৰ ১১ ৰানহে কৰিব পাৰিছিল।

তেতিয়া তেনে কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল।যদি তিলকক ‘ৰিটায়াৰ’ড আউট কৰিব লগা আছিল তেন্তে এই পদক্ষেপ ২-৩ অভাৰ আগতেই লোৱা উচিত আছিল।

শোচনিয় অৱস্থা হায়দৰাবাদৰ ; মাত্ৰ ৭৫ ৰানতে পেভেলিয়ানলৈ উভতিল ৬ জনকৈ খেলুৱৈ

কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত আজি আই পি এল ২০২৫ৰ ১৫ সংখ্যক মেচখন ইডেন গাৰ্ডেনত চলি আছে।

ঘৰৰ খেলপথাৰত কলকতাৰ দলটোৱে প্ৰথমে বেটিং কৰে কাৰণ কাৰণ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈছিল।

প্ৰথমে বেটিং কৰি কেকেআৰে ৬ টা উইকেট হেৰুৱাই ২০০ ৰান সংগ্ৰহ কৰে। খেলখনত জয়ী হ’বলৈ কলকাতা নাইট ৰাইডাৰ্ছে ২০১ ৰান সংগ্ৰহ কৰিব লাগিব।

প্ৰথমে বেটিং কৰি অংগকৃষ ৰঘুবংশী আৰু ভেংকটেশ আয়েৰে অৰ্ধশতক অৰ্জন কৰে আৰু ১৭টা বলত ৰিংকু সিঙৰ অপৰাজিত ৩২ ৰানৰ সৈতে কেকেআৰে স্ক’ৰব’ৰ্ডত ৬টা উইকেট হেৰুৱাই ২০০ ৰান সংগ্ৰহ কৰে।

১৬ ৰানৰ স্ক’ৰত দুয়োজন অ’পেনাৰ আউট হোৱাৰ বাবে কেকেআৰৰ আৰম্ভণি ভাল নাছিল।অৱশ্যে অধিনায়ক অজিংক্য ৰাহানেই ৩৮ ৰান কৰি অংগকৃষ (৫০) ৰান কৰি ইনিংছ স্থিৰ কৰাত সহায় কৰে।

ইয়াৰ পাছতে ৰিংকু সিঙৰ সৈতে ভেংকটেশ আয়াৰে বিস্ফোৰক বেটিং কৰি কে কে আৰৰ স্ক’ৰ ২০০ ৰানলৈ বৃদ্ধি কৰে।

ইফালে ছানৰাইজাৰ্ছ দলৰ আধা পেভিলিয়নলৈ উভতি অহাৰ বিপৰীতে স্ক’ৰ মাত্ৰ ৭৫ ৰান সংগ্ৰহ কৰিছে। দশম অভাৰত সুনীল নাৰিনৰ বলত কামিন্দ মেণ্ডিছে কেচটো দি পেভেলিয়ানলৈ উভতে।

হায়দৰাবাদৰ ষষ্ঠটো মোক্ষম আঘাট অনিকেত বাৰ্মাই দিয়ে। মাত্ৰ ৬ ৰান কৰি আউট হ’ল বৰুণ চক্ৰৱৰ্তী।   

টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত ঋষভ পন্তৰ; লক্ষ্ণৌৰ ১১ ৰানলৈ উভতি আহিছে অভিজ্ঞ বেগী বলাৰ

আই পি এল ২০২৫ৰ ৭ নম্বৰ মেচ আজি ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হৈছে।টছত জয়ী হৈ ঋষভ পন্তই প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়।

লক্ষ্ণৌৰ প্লেইং ১১ৰ এটা পৰিৱৰ্তন হৈছে।লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বাবে ভাল খবৰটো হ’ল তেওঁলোকৰ মূল বেগী বলাৰ আৱেশ খানে আজি হায়দৰাবাদৰ বিৰুদ্ধে খেলিব।

পইণ্ট তালিকাৰ শীৰ্ষত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি ঈশান কিষানে শতক অৰ্জন কৰে। দলটোৰ নেট ৰান ৰেট বহুত ভাল।

ইফালে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ কথা ক’বলৈ গ’লে দলটো প্ৰথমখন মেচত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হৈছিল।

যদিও শেষ মুহূৰ্তলৈকে লক্ষ্ণৌক জয়ী যেন লাগিছিল কিন্তু দিল্লীৰ খেলুৱৈ আশুতোষ শৰ্মাই শেষৰ ফালে খেলখন ঘূৰাই দিলে। লক্ষ্ণৌ বৰ্তমান পইণ্ট তালিকাৰ ৭ম স্থানত আছে।

আনহাতে লক্ষ্ণৌ দলৰ অভিজ্ঞ বেগী বলাৰ আভেশ খান পুনৰ দলটোলৈ প্ৰত্যাৱৰ্তনৰ পিছত সকলোৰে মুখলৈ হাঁহি ঘূৰি আহিছে।অধিনায়ক পণ্টে আভেছক প্লেইং এঘাৰত অন্তৰ্ভুক্ত কৰিছিল।

ইয়াৰ বাবে শ্বাহবাজ আহমেদক বাহিৰত ৰখা হৈছে।আনহাতে, হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে প্লেইং-১১ৰ কোনো পৰিৱৰ্তন কৰা নাই।

আইপিএল ২০২৫ ৰ পূৰ্বে ৰিকি পন্টিঙে কৰিলে পূজা; পঞ্জাৱ কিংছৰ হৈ বিচাৰিলে  আশীৰ্বাদ, ভাইৰেল ভিডিঅ’

২৫ মাৰ্চ মঙলবাৰে পাঞ্জাব কিংছে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব।ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পূৰ্বে খিতাপ বিচাৰি ফুৰা পঞ্জাব কিংছ (পিবিকেএছ)য়ে অনুশীলনৰ লগতে পূজা-অৰ্চনাও আৰম্ভ কৰিছে।

ইয়াৰ বাবে আনকি পাঞ্জাব কিংছৰ প্ৰশিক্ষক ৰিকি পণ্টিংকো সনাতনী অৱতাৰত দেখা গৈছে । তেওঁৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে য’ত তেওঁক পূজা কৰা দেখা গৈছে।

তেওঁৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। অহা ২২ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন খেল।

প্ৰীতি জিন্টা-নেছ ৱাডিয়াৰ মালিকানাধীন পঞ্জাব কিংছে অহা ২৫ মাৰ্চৰ পৰা আই পি এল ২০২৫ত নিজৰ অভিযান আৰম্ভ কৰিব।

পূৰ্বে কিংছ একাদশ পঞ্জাব আৰু বৰ্তমান পঞ্জাব কিংছ নামেৰে খেলা এই দলটোৱে আই পি এলত এটাও খিতাপ অৰ্জন কৰিব পৰা নাই।

এই দলটোৱে ২০০৮ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ১৭ জন অধিনায়ক সলনি কৰিছে।এই ছিজনতো নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু প্ৰশিক্ষক ৰিকি পণ্টিঙৰ নেতৃত্বত আহি আছে পঞ্জাব

আই পি এল ২০২৫ৰ পূৰ্বে পঞ্জাৱ কিংছৰ মুখ্য প্ৰশিক্ষক ৰিকি পণ্টিঙে পূজা কৰা দেখা গৈছিল। মন্ত্ৰ জপৰ মাজত তামৰ পাত্ৰৰ পৰা জল আগবঢ়াইছে পণ্টিঙে।

স্বাভাৱিকতে তেওঁ যিহেতু হিন্দুনহয়, সেয়েহে পূজাৰ অনুষ্ঠানৰ সময়ত তেওঁক অলপ অস্বস্তিবোধ কৰা যেন লাগিছিল।

ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে যে যেতিয়া পণ্টিঙে পানী আগবঢ়াবলৈ খৰখেদা কৰিবলৈ ধৰিলে, ওচৰতে বহি থকা তেওঁৰ সতীৰ্থই তেওঁক লাহে লাহে কৰিবলৈ ক’লে।

এই পূজাত পঞ্জাৱ কিংছৰ সকলো খেলুৱৈ, প্ৰশিক্ষক কৰ্মচাৰী আৰু সহায়ক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। ৰিকি পণ্টিঙে পূজা কৰা সেই ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

BCCI এ আকস্মিকভাৱে ললে ডাঙৰ সিদ্ধান্ত; IPLত বলাৰে বলত লগাব পাৰিব থু

ভাৰতীয় প্ৰিমিয়াৰ লীগৰ ১৮ তম চিজনৰ আৰম্ভণি ২২ মাৰ্চত হ’ব, য’ত প্ৰথমখন খেল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেঙ্গালুৰৰ টীমৰ মাজত হ’ব।

আইপিএল ২০২৫ চনৰ চিজনৰ আৰম্ভণি হোৱাৰ পূৰ্বে বি চি চি আইয়ে এক ডাঙৰ সিদ্ধান্ত লৈছে, যাৰ ফলত বলাৰ সকলৰ যথেষ্ট লাভ হ’ব।

ক’ভিড-১৯ মহামাৰীৰ বাবে বলত থু লগোৱাত যি বাধা প্ৰদান কৰা হৈছিল সেয়া প্ৰত্যাহাৰ কৰাৰ বাবে এতিয়া সিদ্ধান্ত লোৱা হৈছে।

কোভিড-১৯ মহামাৰীৰ সময়চোৱাত আইচিচিয়ে য’ত প্ৰথমে বলত থু লগোৱাত নিষেধ জাৰি কৰিছিল সেয়া আইপিএলটো প্ৰয়োগ কৰা হৈছিল।

তাৰ পিছত বছৰ ২০২২ত আইচিচিৰ তৰফৰ পৰা এই নিষেধাজ্ঞাক স্থায়ী ৰূপত জাৰি কৰা হৈছিল।এতিয়া বি চি চি আইয়ে আই পি এল ২০২৫ ৰ আৰম্ভণিৰ আগতে মুম্বাইত অধিনায়ক সকলৰ সৈতে হোৱা বৈঠকৰ পিছত বলত থু লগোৱা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

বিচিচিআইৰ এই প্ৰস্তাৱত অধিকাংশ অধিনায়কে সহমতি প্ৰকাশ কৰিছে। এতিয়া ইয়াৰ পৰা অহা আইপিএল চিজনত ইয়াৰ ফলত বলাৰ সকলক যথেষ্ট উপকাৰ হ’ব।

য’ত তেওঁলোকে বল পুৰণি হোৱাৰ পিছটো ৰিভাৰ্চ ছুইং কৰিব পাৰিব, যাতে বেটসমেনক তীব্ৰ গতিত ৰান কৰিলে ৰোধ কৰা যাব পাৰে।

বিশ্ব ক্রিকেটত এতিয়া, আইপিএল প্ৰথমবাৰৰ বাবে এনে এখন লীগ হৈছে, য’ত বলৰ ওপৰত থু লগোৱাৰ বাধা উঠোৱাৰ সিদ্ধান্ত লৈছে।

ভাৰতীয় টীমৰ দুৰ্দান্ত বলাৰ মহাম্মদ ছামীয়ে কিছু সময় পূৰ্বে বলত থু লগোৱাৰ নিষেধাজ্ঞা আঁতৰাবলৈ আহ্বান জনাইছিল।

য’ত তেওঁ কৈছিল যে যদি এনেধৰণে নহয় তেনেহ’লে এই খেল সম্পূৰ্ণৰূপে বলাৰসকলৰ অনুকূল হৈ পৰিব।ছামীয়ে কৈছিল যে আমি বলত থু লগোৱাৰ দাবী কৰা কাৰণ হ’ল ইয়াৰ ফলত বলটো ৰিভাৰ্ছ ছুইং কৰাত সহায় হয়।

আইপিএল ২০২৫ ৰ পূৰ্বে ৱাশ্বিংটন সুন্দৰে মাতৃৰ বাবে কৰিলে বিশেষ কাম; জয় কৰিলে অনুৰাগীৰ হৃদয়

ৱাশ্বিংটন সুন্দৰ আই পি এল ২০২৫-ত গুজৰাট টাইটানছৰ অংশ হৈ খেলিব যাৰ বাবে তেওঁ দলৰ সৈতে অনুশীলন কৰি আছে।

আই পি এলত দলটোত যোগদান কৰাৰ পূৰ্বে, তেওঁলোকৰ ঘৰত পূজা কৰা হৈছিল, যাৰ ফটো ৱাশ্বিংটন সুন্দৰে নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

ফটোখিনি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কাৰণ ৱাশ্বিংটন সুন্দৰৰ বুকুত থকা এটা টেটুৱে সকলোকে আকৰ্ষিত কৰিছে।

 ৱাশ্বিংটন সুন্দৰৰ  বুকুত থকা টেটুটোৰ বিষয়ে বহু অনুৰাগীয়ে প্ৰশ্ন কৰিছে। তাৰ উত্তৰত ৱাশ্বিংটন সুন্দৰে কৈছে যে বুকুত থকা টেটুটো তেওঁৰ মাতৃৰ। মাতৃৰ মুখখন বুকুত টেটু অংকন কৰাক লৈ এতিয়া অনুৰাগীৰ হৃদয় জয় কৰিছে।   

ৱাশ্বিংটন সুন্দৰে শ্বেয়াৰ কৰা ফটো কেইখনত তেওঁক তামিল পোছাক পিন্ধি থকা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত, তেওঁৰ বুকুত মাতৃৰ টেটু দেখা গৈছিল, যিয়ে তেওঁৰ জীৱনত পৰিয়ালৰ গুৰুত্ব প্ৰতিফলিত কৰে।

ৱাশ্বিংটন সুন্দৰক গুজৰাট টাইটানছে আই পি এল ২০২৫ ৰ নিলামত ৩ কোটি ২০ লাখ টকাত ক্ৰয় কৰিছিল। গুজৰাটে ২৫ মাৰ্চত পঞ্জাৱ কিংছৰ বিৰুদ্ধে আই পি এল ২০২৫ ত তেওঁলোকৰ প্ৰথমখন খেল খেলিব।