আইপিএল ২০২৫ ৰ পূৰ্বে ৱাশ্বিংটন সুন্দৰে মাতৃৰ বাবে কৰিলে বিশেষ কাম; জয় কৰিলে অনুৰাগীৰ হৃদয়

ৱাশ্বিংটন সুন্দৰ আই পি এল ২০২৫-ত গুজৰাট টাইটানছৰ অংশ হৈ খেলিব যাৰ বাবে তেওঁ দলৰ সৈতে অনুশীলন কৰি আছে। আই পি এলত দলটোত যোগদান কৰাৰ পূৰ্বে, তেওঁলোকৰ ঘৰত পূজা কৰা হৈছিল, যাৰ ফটো ৱাশ্বিংটন সুন্দৰে নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। ফটোখিনি সামাজিক মাধ্যমত ভাইৰেল হৈ

ৱাশ্বিংটন সুন্দৰ আই পি এল ২০২৫-ত গুজৰাট টাইটানছৰ অংশ হৈ খেলিব যাৰ বাবে তেওঁ দলৰ সৈতে অনুশীলন কৰি আছে।

আই পি এলত দলটোত যোগদান কৰাৰ পূৰ্বে, তেওঁলোকৰ ঘৰত পূজা কৰা হৈছিল, যাৰ ফটো ৱাশ্বিংটন সুন্দৰে নিজেই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

ফটোখিনি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কাৰণ ৱাশ্বিংটন সুন্দৰৰ বুকুত থকা এটা টেটুৱে সকলোকে আকৰ্ষিত কৰিছে।

 ৱাশ্বিংটন সুন্দৰৰ  বুকুত থকা টেটুটোৰ বিষয়ে বহু অনুৰাগীয়ে প্ৰশ্ন কৰিছে। তাৰ উত্তৰত ৱাশ্বিংটন সুন্দৰে কৈছে যে বুকুত থকা টেটুটো তেওঁৰ মাতৃৰ। মাতৃৰ মুখখন বুকুত টেটু অংকন কৰাক লৈ এতিয়া অনুৰাগীৰ হৃদয় জয় কৰিছে।   

ৱাশ্বিংটন সুন্দৰে শ্বেয়াৰ কৰা ফটো কেইখনত তেওঁক তামিল পোছাক পিন্ধি থকা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত, তেওঁৰ বুকুত মাতৃৰ টেটু দেখা গৈছিল, যিয়ে তেওঁৰ জীৱনত পৰিয়ালৰ গুৰুত্ব প্ৰতিফলিত কৰে।

ৱাশ্বিংটন সুন্দৰক গুজৰাট টাইটানছে আই পি এল ২০২৫ ৰ নিলামত ৩ কোটি ২০ লাখ টকাত ক্ৰয় কৰিছিল। গুজৰাটে ২৫ মাৰ্চত পঞ্জাৱ কিংছৰ বিৰুদ্ধে আই পি এল ২০২৫ ত তেওঁলোকৰ প্ৰথমখন খেল খেলিব।

শেহতীয়া প্ৰৱন্ধসমূহ